Advertisment

বহু স্বাস্থ্য সমস্যাৰ সমাধান দিয়ে নিমখীয়া কফিয়ে

বেছিভাগ লোকে ৰাতিপুৱা কফি খাবলৈ ভাল পায়। কিন্তু ৰাতিপুৱা কফি খোৱাটো কিমান স্বাস্থ্যসন্মত আপুনি জানেনে ? ৰাতিপুৱা কফি সেৱনৰ ফলত প্ৰকৃততে পেটত গেছ, এচিডিটি আৰু ডিহাইড্ৰেচনৰ দৰে সমস্যা হ'ব পাৰে।

author-image
Asomiya Pratidin
New Update
কফি

ডিজিটেল ডেস্ক: ৰাতিপুৱাৰ ৰুটিনৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে কফি। বেছিভাগ লোকে ৰাতিপুৱা কফি খাবলৈ ভাল পায়। কিন্তু ৰাতিপুৱা কফি খোৱাটো কিমান স্বাস্থ্যসন্মত আপুনি জানেনে ? ৰাতিপুৱা কফি সেৱনৰ ফলত প্ৰকৃততে পেটত গেছ, এচিডিটি আৰু ডিহাইড্ৰেচনৰ দৰে সমস্যা হ'ব পাৰে। অৱশ্যে, যদি আপুনি আপোনাৰ কফি স্বাস্থ্যকৰ কৰিব বিচাৰে, ইয়াত এক চিমুটি নিমখ যোগ দিব। হয়, নিমখীয়া কফিৰ বহু লাভালাভ আছে, যিয়ে আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে। আজি এই বিষয়ে জানো আহক-

Advertisment

উন্নত সোৱাদ

কফিত নিমখ মিহলি কৰিলে ইয়াৰ সোৱাদ আৰু ভাল হয়। যিসকলে চেনী বা মৌৰ সৈতে কফিৰ তিক্ততা হ্ৰাস কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে এবাৰ নিমখ দি কফি খাব লাগে। ই মিঠাৰ অবিহনেও কফিৰ সোৱাদ আপুনি ভাবিব নোৱাৰাকৈ উন্নত কৰিব।

পেটৰ জ্বলা-পোৰা হ্ৰাস 

বহুলোকে কফি খোৱাৰ পিছত পাকস্থলীত গেছ বা এচিডিটি অনুভৱ কৰে। কিন্তু যদি আপুনি আপোনাৰ কফিত নিমখ খায়, তেন্তে পেটৰ জ্বলা-পোৰা আৰু গেছৰ সমস্যা হ্ৰাস হ'ব। নিমখে পাকস্থলীৰ এচিডৰ স্তৰ সন্তুলিত কৰে, যিয়ে এচিডিটি হ্ৰাস কৰে। কফিৰ পিছত হোৱা পেটৰ সমস্যাৰ পৰা সকাহ দিয়াৰ এইটো এটা প্ৰাকৃতিক উপায়।

হাইড্ৰেচন বৃদ্ধি 

কফি খালে প্ৰায়ে ডিহাইড্ৰেচনৰ সমস্যা হয়।বিশেষকৈ যিসকল লোকে দিনটোত বহু বেছিকৈ কফি গ্ৰহণ কৰে, তেওঁলোকৰ বাবে এইটো চিন্তাৰ বিষয় হ’ব পাৰে। যদি আপুনি আপোনাৰ কফীত নিমখ যোগ দিয়ে, ই শৰীৰত পানীৰ অভাৱ দূৰ কৰাত সহায় কৰিব। কিয়নো নিমখে হাইড্ৰেচন উন্নত কৰে। নিমখৰ প্ৰাকৃতিক হাইড্ৰেটিং গুণাগুণ থাকে, যি শৰীৰৰ তৰল সন্তুলিত কৰাত সহায় কৰে।

মুৰৰ বিষ আৰু চাপ হ্ৰাস 

কফিক চাপ নিয়ন্ত্ৰণকাৰী বুলি জনা যায়। কিন্তু কেতিয়াবা অত্যাধিক কফি খালে মূৰৰ বিষ বা চাপ বৃদ্ধি হ'ব পাৰে। নিমখত থকা ছ’ডিয়ামে মূৰৰ বিষ হ্ৰাস কৰাত সহায় কৰে আৰু ই আপোনাৰ চাপ হ্ৰাস কৰিব পাৰে। যদি আপুনি মূৰৰ বিষ বা চাপ অনুভৱ কৰে, তেতিয়া নিমখযুক্ত কফি খালে সকাহ দিব পাৰে। ই শৰীৰত ছ’ডিয়াম আৰু অন্যান্য ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বজাই ৰাখে, যি মানসিক শান্তি অনাত সহায় কৰে।

তাৎক্ষণিক শক্তি প্ৰদান

যদি আপুনি ব্যায়াম কৰে বা জিমলৈ যায়, তাৰ আগতে একাপ ক'লা কফিত এক চিমুটি নিমখ খাব। এই কফিয়ে আপোনাক সতেজতা আৰু তাৎক্ষণিক শক্তি প্ৰদান কৰিব, যি আপোনাৰ ব্যায়ামৰ প্ৰদৰ্শন উন্নত কৰিব। নিমখযুক্ত কফিয়ে কেলৰি দহন কৰাত সহায় কৰে আৰু আপুনি জিমলৈ যোৱাৰ কমেও ৩০ মিনিট আগতে ইয়াক পান কৰা উচিত। ই শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে পেশী সক্ৰিয় কৰে, যিয়ে ব্যায়ামৰ সময়ত আৰু পিছত ভাগৰ হ্ৰাস কৰে।

Also Read: একাংশ ৰোগীৰ বাবে আকৌ ঔষধ কফি