/asomiyapratidin/media/media_files/2025/04/29/Ocn91LoeP52g8vAJVnhp.jpg)
ডিজিটেল ডেস্ক: বাৰিষা অহাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত বিলাসী জীৱন-যাপন কৰা লোক সকলকো জ্বলা-কলা খুৱাইছে পাখি গজা উই পোকে। পৰুৱাৰ পাখি গজে মৰিবলৈ বুলি কোৱা আপ্ত বাক্যশাৰী সদায় আমি অপশক্তি বা দুৰাচাৰীৰ বিনাশৰ সম্ভাৱনা প্ৰসংগত আওৰাও। পিছে, শেহতীয়াকৈ মহানগৰীত হঠাতে আৱিৰ্ভাৱ হোৱা পাখি গজা এই উই পোকৰ আতংকত দিশহাৰা হৈ পৰিছে অত্যাধুনিক বাসস্থানত কটোৱা অধ্যৱন্ত পৰিয়ালৰ লগতে ক্ষুদ্ৰ মজলীয়া দোকানী আৰু গ্ৰাহক।
বৰষুণ অহাৰ আগত বা পাছত বিশেষকৈ সন্ধিয়াৰ সময়ছোৱাত ঘৰ-দোকানৰ পোহৰ ধিয়াই উৰুবলৈ লোৱা এই বিধ পোকে সকোলকে যথেষ্ট অসুবিধাত পেলাইছে। ঘৰ, দোকান-পোহাৰৰ বিজুলীবাতি বন্ধ কৰি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰাৰ ফলত বহুতৰে দৰকাৰী কাম-কাজ, ব্যৱসায়ত ব্যাঘাত জন্মিছে। আনহে নালাগে, পথৰে গাড়ী-মটৰ চলাওঁতেও এই পোকে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে। এতিয়া প্ৰশ্ন হয়, কিয় ইমান বৃদ্ধি পাইছে উই পোকৰ সন্ত্ৰাস ? এই সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ লাভৰ উপায় কি ?
আগৰ দিনত উই পোকৰ ঔষধ আছিল নিম, পচতীয়া পাতৰ লগতে প্ৰাকৃতিক উপাদানসমূহ। তেতিয়াৰ দিনত এইসমূহ গছৰ সংখ্যা যথেষ্ট আছিল আৰু উজ্জ্বল পোহৰ কম আছিল। যাৰ ফলত ইয়াৰ পাত নলা-নৰ্দমা আদিত পৰি মাটিৰ সৈতে মিহলি হৈ কীটনাশকৰ কাম কৰিছিল। কিন্তু সেই দিন আজি নাই। চহৰ-নগৰটো বাদেই, গাঁওসমূহতো এনে উপকাৰী গছৰ সংখ্যা কমিল আৰু ফলত বৃদ্ধি হ’ল এনেধৰণৰ কীট-পতংগৰ অত্যাচাৰ। পাখি গজাৰ আগতে উই পোকে কিতাপ-পত্ৰ, উপকাৰী নথি-পথ, আচবাব, কাপোৰ-কানি আদি কূটি এখন ঘৰ ধ্বংস কৰাৰ কাম কৰে। কিদৰে ঘৰুৱাভাৱে এই মাৰাত্মক পোকবিধৰ সন্ত্ৰাস ৰোধ কৰিব পাৰি, আজি জানো আহক-
ভিনেগাৰ
উই পোক ধ্বংশ কৰাত গুৰুতৰ ভূমিকা গ্ৰহণ কৰিব পাৰে ভিনেগাৰে। সমান পৰিমাণৰ পানী আৰু সমান পৰিমাণৰ ভিনেগাৰ মিহলি কৰি উই পোক হোৱা ঠাইত ছটিয়ালে এই পোক নাইকিয়া হয়।
নিম তেল
নিম তেল এবিধ এনে প্ৰাকৃতিক দ্ৰব্য, যিয়ে উই পোক ৰোধ কৰিব পাৰে। কেইটোপালমান নিম তেল পানীৰ লগত মিহলাই উই থকা ঠাইত স্প্ৰে’ কৰিব লাগে।
বৰিক এচিড
বৰিক এচিডে উই পোকৰ পাচনতন্ত্ৰত ব্যাঘাত জন্মাই নিধন কৰিব পাৰে। ইয়াক গুড়িৰ সৈতে পানী মিহলাই উই পোকৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
অত্যাৱশ্যকীয় তেল
লং তেল, টি ট্ৰী তেলকে ধৰি বহু অত্যাৱশ্যকীয় তেলে উই পোকৰ বিৰুদ্ধে যুঁজ দিব পাৰে। কপাহৰ গুটিত এনে তেল কেইটোপালমান লগাই উই থকা ঠাইত থ'লেই উইৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি।
নিমখ
নিমখেও উইৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পোৱাত আপোনাক সহায় কৰিব পাৰে। আপোনাৰ ঘৰৰ চাৰিওফালে বা উই থকা ঠাইত নিমখৰ পানী ছটিয়ালে উই পোক দূৰ হয়।
সূৰ্য্যৰ পোহৰ
উই থকা ঠাইত সূৰ্যৰ পোহৰ পৰিলেও ই দূৰ হয়।
এল'ভেৰা
এল'ভেৰা জেলত এনে ৰাসায়নিক পদাৰ্থ থাকে, যিয়ে উই পোক ৰোধ কৰিব পাৰে।
তৰল চাবোন
তৰল চাবোন আৰু পানী মিহলি দ্ৰৱণে উই পোকক আৱৰণ দি শ্বাসৰুদ্ধ কৰিব পাৰে। উই থকা ঠাইত এই দ্ৰৱটো স্প্ৰে’ কৰিব লাগে।
আনহাতে, আন এক খুব সহজ উপায় অৱলম্বন কৰি আপুনি সন্ধিয়া পাখি থকা উই পোকৰ সন্ত্ৰাস ৰোধ কৰিব পাৰে। হয়, ঘৰ বা দোকানৰ ভিতৰৰ সকলো পোহৰ নাইকিয়া কৰি আগফাল বা পিছফালে এটা লাইট জ্বলাই বা যিকোনো এটা পোহৰৰ উৎস ৰাখি সেই পোহৰৰ ওচৰত এখন কাগজত মিঠাতেল বা কেৰাচিন তেল সানি ওলোমাই থ'ব। সেই কাগজখনত পোকবোৰ লাগি ধৰিলেই সিঁহত উৰিব নোৱাৰা হ'ব।
Also Read: ইমান আৱৰ্জনা, গৰু-মানুহৰ মৃতদেহ গংগাত পেলোৱাৰ পাছতো সম্পূৰ্ণ বিশুদ্ধ গংগা জল
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us