Advertisment

খাদ্য সামগ্ৰীতকৈ কাপোৰ, মনোৰঞ্জনত অধিক টকা খৰছ কৰে ভাৰতীয়ই...

শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ভাৰতত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীতকৈ মানুহে অধিক টকাৰ খৰছ কৰে পৰিবহন, মনোৰঞ্জন, কাপোৰত। চৰকাৰী এক প্ৰতিবেদনত  ২০২৩ আৰু ২০২৪বিত্তীয় বৰ্ষক লৈ কৰা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। 

author-image
Asomiya Pratidin
New Update
ভাৰতৰ ঘৰুৱা ব্যয় বৃদ্ধি

ভাৰতৰ ঘৰুৱা ব্যয় বৃদ্ধি Photograph: (ভাৰতৰ ঘৰুৱা ব্যয় বৃদ্ধি)

ডিজিটেল ডেস্কঃ  শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে, ভাৰতত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীতকৈ মানুহে অধিক টকাৰ খৰছ কৰে পৰিবহন, মনোৰঞ্জন, কাপোৰত। চৰকাৰী এক প্ৰতিবেদনত  ২০২৩ আৰু ২০২৪বিত্তীয় বৰ্ষক লৈ কৰা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। 

Advertisment

এই প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, ঘৰুৱা খৰচৰ সমীক্ষাত দেখা গৈছে যে গ্ৰাম্য অঞ্চলত জনমূৰি ব্যয়ৰ প্ৰায় ৫৩% খৰছ কৰে কাপোৰ, মনোৰঞ্জন আৰু পৰিবহনৰ দৰে ব্যয়ত। ২০১১-১২বৰ্ষত এই খৰছৰ পৰিমাণ আছিল ৪৭শতাংশ। 

প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে,  চহৰ-গ্ৰাম্য মাহেকীয়া জনমূৰি গ্ৰাহক ব্যয়ৰ ২০১১/১২ চনতকৈ ২০২৩/২৪ চনত ৭০% বৃদ্ধি পাইছে।  গ্ৰাম্য গ্ৰাহকৰ ব্যয় বছৰৰ পিছত বছৰ ধৰি ৯.৫৫% বৃদ্ধি পাই ৪,১২২ টকা (৪৮.২৩ ডলাৰ) হৈছেগৈ, যিটো পূৰ্বৰ বছৰৰ ৩,৭৭৩ টকা আছিল, আনহাতে নগৰীয়া ব্যয় ৬,৪৫৯ টকাৰ পৰা ৮.৩১% বৃদ্ধি পাই ৬,৯৯৬ টকা হৈছেগৈ। 

 

ভাৰত