/asomiyapratidin/media/media_files/2025/11/12/ap-web-1-2025-11-12-18-09-50.jpg)
ডিজিটেল ডেস্ক: আপুনি যদি ছাল আৰু চুলিৰ সমস্যা দূৰ কৰাৰ এক সহজ উপায় বিচাৰি আছে, তেনেহ'লে ভিটামিন ই কেপচুল আপোনাৰ বাবে এক ভাল বিকল্প হিচাপে প্ৰমাণিত হ'ব পাৰে। এই কেপচুল একেবাৰে সহজলভ্য আৰু কম খৰচী। ইয়াৰ হাইড্ৰেটিং আৰু এণ্টি-এজিং গুণাগুণ ছাল আৰু চুলিৰ বাবে অত্যন্ত উপকাৰী বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। যদি আপুনি ইয়াক নিয়মীয়াকৈ আপোনাৰ ছাল আৰু চুলিৰ যত্নত ব্যৱহাৰ কৰে, খুব কম দিনৰ ভিতৰতে আপুনি ইয়াৰ সুফল লাভ কৰিব পাৰিব। আজি ভিটামিন ই কেপচুলৰ উপকাৰিতাৰ বিষয়ে জানো আহক-
নিয়ন্ত্ৰণ কৰে বয়স বৃদ্ধি
ছালত ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিলে ই ছাল কোঁচ খোৱা সমস্যা দূৰ কৰে। ই ছালক গভীৰভাৱে 'ময়শ্চাৰাইজ' কৰে।মুখখনত বয়সৰ চাপ পৰাৰ পৰা বচাই ৰখাতো এই কেপচুলে যথেষ্ট সহায় কৰে।
দাগ আতৰায়
ভিটামিন ই-ৰ এণ্টি-অক্সিডেণ্ট গুণাগুণৰে সমৃদ্ধ। ই ছালত কোলাজেন উৎপাদন বৃদ্ধি কৰে, যিয়ে আমাৰ ছালৰ পৰা দাগ নিৰ্মূল কৰাত সহায় কৰে।
‘হাইপাৰ পিগমেণ্টেচন’ত উপকাৰী
কেতিয়াবা ছালৰ কিছুমান অংশত মেলানিন প্ৰয়োজনতকৈ অধিক জমা হয়, যাৰ ফলত মুখত ‘হাইপাৰ পিগমেণ্টেচন’ৰ সমস্যা বৃদ্ধি হয়। এনে পৰিস্থিতিত ভিটামিন ই কেপচুলৰ ব্যৱহাৰে আপোনাক এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত যথেষ্ট সহায় কৰিব।
মসৃণ কৰে ওঁঠ
যদি আপোনাৰ ওঁঠ ফটাৰ সমস্যা আছে, তেন্তে ভিটামিন ই কেপচুলৰে নিয়মীয়াকৈ ওঁঠজুৰি মালিচ কৰক। খুব কম দিনতে আপোনাৰ ওঁঠ কোমল আকৰ্ষণীয় হৈ পৰিব।
শক্তিশালী কৰে চুলি
যদি আপোনাৰ চুলি দুৰ্বল হৈ পৰিছে বা উফিৰ সমস্যা আছে, তেনেহ'লে আপুনি ভিটামিন ই কেপচুল ব্যৱহাৰ কৰিব পাৰে। এটা কেপচুল ৩ চাহ চামুচ নাৰিকল তেলত দি ভালদৰে মিহলি কৰক। এই তেলটো সপ্তাহত দুবাৰকৈ আপোনাৰ মূৰৰ ছালত প্ৰয়োগ কৰি ভালদৰে মালিচ কৰিব। ইয়াৰ প্ৰভাৱ কেইদিনমানৰ ভিতৰতে স্পষ্টকৈ দেখিবলৈ পাব।
Also Read: এই ‘পেক’ লগাই দূৰ কৰক ছালৰ সকলো সমস্যা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us