পাকঘৰৰ বাস্তু নিয়ম : এই নিয়মসমূহ অনুসৰণ কৰি পৰিয়ালটোক সুৰক্ষিত কৰক

পাকঘৰৰ বাস্তু নিয়ম : এই নিয়মসমূহ অনুসৰণ কৰি পৰিয়ালটোক সুৰক্ষিত কৰক

ডিজিটেল ডেস্ক: ঘৰ এখনৰ অন্যতম মুখ্য অংশটো হৈছে আমাৰ পাকঘৰটো।সেয়েহে পাকঘৰটোক লৈ আমি সকলো সচেতন হোৱাটো অতি জৰুৰী।পাকঘৰৰ বাবে বাস্তু শাস্ত্ৰত কেতবোৰ নিয়ম আছে।বাস্তু মতে, যদি পাকঘৰত ত্ৰুটি থাকে, তেন্তে পৰিয়ালৰ সকলো সদস্যই অসুস্থ হৈ থাকিব পাৰে।তদুপৰি ই খাদ্য ৰন্ধা মহিলাগৰাকীৰ স্বাস্থ্যতো গভীৰ প্ৰভাৱ পেলায়। সেয়েহে, বাস্তুৰ মতে পাকঘৰ সম্পৰ্কীয় নিয়মবোৰ অনুসৰণ কৰা প্ৰয়োজন।আজি পাকঘৰৰ সৈতে সম্পৰ্কিত কিছুমান নিয়মৰ বিষয়ে জানো আহক-

পাকঘৰৰ দিশ

বাস্তু মতে, পাকঘৰটো সদায় দক্ষিণ বা পূব দিশত থাকিব লাগে।এই দিশত পাকঘৰ নাথাকিলে ঘৰৰ সদস্যসকলৰ ওপৰত কুপ্ৰভাৱ পেলায়। যদি পাকঘৰটো উত্তৰ দিশত থাকে, তেন্তে ঘৰত ধনৰ অভাৱ হ'ব পাৰে আৰু ই সন্তানৰ সৈতে সম্পৰ্কও নষ্ট কৰিব পাৰে।উত্তৰ দিশত পাকঘৰ থকাটো সন্তানৰ স্বাস্থ্যৰ বাবেও হানিকাৰক।

সম্পৰ্কৰ অৱনতি 

পাকঘৰটো ঘৰৰ উত্তৰ-পশ্চিম দিশত থকাটো বাস্তু ত্ৰুটি।এনে হোৱাৰ ফলত শাহু আৰু বোৱাৰীৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটে।

দক্ষিণ-পশ্চিম দিশ

দক্ষিণ-পশ্চিম দিশত পাকঘৰ থাকিলে ঘৰটোৰ মুৰব্বীৰ যি কোনো সমস্যা হ'ব পাৰে।ইয়াৰ ফলত তেওঁৰ সন্মান আৰু স্বাস্থ্যও বেয়াকৈ প্ৰভাৱিত হয়।

বাস্তু ত্ৰুটি আঁতৰাবলৈ এই নিয়মবোৰ অনুসৰণ কৰক 

যদি পাকঘৰত কোনো ইতিবাচক শক্তি নাথাকে, তেন্তে আপুনি পাকঘৰত ফুল বা ফুলৰ ছবি ৰাখিব পাৰে।বাস্তু মতে, এনে কৰিলে ঘৰলৈ ইতিবাচক শক্তিৰ আগমন ঘটে আৰু পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যও ভালে থাকে।

নিমখ খোলাকৈ নাৰাখিব 

ঘৰত ৰখা নিমখ কেতিয়াও খোলাকৈ ৰাখিব নালাগে।নিমখ থোৱা পাত্ৰটোৰ ঢাকনি সদায়ে বন্ধ ৰাখিব। অন্যথা ই আপোনাৰ ঋণ বৃদ্ধি কৰিব।

পাকঘৰত ক'লা শিল ব্যৱহাৰ নকৰিব 

পাকঘৰত কেতিয়াও ক'লা শিল ব্যৱহাৰ নকৰিব। ই পৰিয়ালটোৰ সদস্যৰ স্বাস্থ্য নষ্ট কৰে। সদায়ে পাকঘৰ পৰিস্কাৰ কৰি ৰাখিব, যাতে কোনো লেতেৰা বা পোক-পতংগই ঘৰত বাহ ল’ব নোৱাৰে।

মা অন্নপূৰ্ণাৰ এখন ফটো ৰাখিব

পাকঘৰত পূব দিশত মা অন্নপূৰ্ণাৰ এখন ছবি ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়।যদি সম্ভৱ হয়,ছবিখনত চন্দন কাঠৰ মালা এডাল লগাই থ’ব।এনে কৰাৰ ফলত ঘৰত কেতিয়াও ধনৰ অভাৱ নহয়। 

পাকঘৰৰ বাস্তু নিয়ম : এই নিয়মসমূহ অনুসৰণ কৰি পৰিয়ালটোক সুৰক্ষিত কৰক
এই 'টিপছ' ব্যৱহাৰ কৰি বৃদ্ধি কৰক খাদ্যৰ সোৱাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in