/asomiyapratidin/media/media_files/2025/11/11/hbfdbhtdfhnjtg-2025-11-11-11-46-59.jpg)
ডিজিটেল ডেস্ক: মন্দিৰ বা গোঁসাই ঘৰ হৈছে আমাৰ সকলোৰে ঘৰৰ আটাইতকৈ পৱিত্ৰ স্থান। গোঁসাই ঘৰৰ পৰাই ঘৰখনৰ লোকসকলে ইতিবাচক শক্তি লাভ কৰে। এই বিশেষ ঠাইখন পৰিস্কাৰ হোৱাটো যিমান গুৰুত্বপূৰ্ণ, উপাসনা গৃহত কিছুমান প্ৰয়োজনীয় সামগ্ৰী থকাটোও সিমানেই গুৰুত্বপূৰ্ণ। বিশেষকৈ গোঁসাই ঘৰ বা মন্দিৰত পানী ৰখাটো অতি শুভ বুলি গণ্য কৰা হয়। কিন্তু, সেই পানী ৰখা পাত্ৰটো তাম বা অন্যান্য ধাতুৰ পাত্ৰ হ’ব লাগিব। এই পানী নিয়মীয়াকৈ সলনি কৰি ঘৰৰ প্ৰতিটো কোণত ছটিয়াব লাগে। বিশ্বাস অনুসৰি, মন্দিৰৰ পানী ঘৰত ছটিয়ালে ঘৰখনলৈ ধনাত্মক শক্তি আহে।
এই কাম যদি নকৰে, তেন্তে উপাসনা অসম্পূৰ্ণ
গোঁসাই ঘৰৰ পানীয়ে নেতিবাচক শক্তিক শোষণ কৰে। পানী ধৰি ৰখাৰ বাবে তামক আটাইতকৈ পৱিত্ৰ তথা উত্তম ধাতু বুলি গণ্য কৰা হয়। সেয়েহে, এনে পাত্ৰত পানী ৰখাটো আটাইতকৈ শুভ। ঘৰৰ অগ্ৰগতিৰ বাবেও তামৰ পাত্ৰত পানী ৰখাটো ভাল। পানীক বৰুণ দেৱৰ ৰূপত উপাসনা কৰা হয়, যিয়ে পৃথিৱীৰ সকলোবোৰ সুৰক্ষিত কৰে। বিশ্বাস অনুসৰি, আৰতিৰ সময়ত পানী ছটিয়াই নিদিলে পূজা অসম্পূৰ্ণ হৈ ৰয়। সেয়েহে, উপাসনা গৃহত পানী ৰখাৰ গুৰুত্ব অপৰীসীম।
পানীত থ'ব এইবিধ বিশেষ পাত
যদি পূজা ঘৰত ৰখা পানীত তুলসীৰ পাত ৰখা হয়, তেন্তে এই পানী অধিক পৱিত্ৰ হৈ পৰে। এই পানী কোনো পবিত্ৰ নদীৰ পানীৰ দৰেই হৈ পাৰে, যিয়ে উপাসনাৰ স্থান বিশুদ্ধ ৰাখিব পাৰে। সেয়েহে আপোনাৰ যদি গোঁসাই ঘৰত পানী ৰখাৰ অভ্যাস নাই, তেনেহ’লে আজিৰ পৰাই এই কাম কৰা আৰম্ভ কৰক। আনহাতে, সেই পানীত তুলসীৰ পাত দি থ’বলৈ নাপাহৰিব।
Also Read: ঘৰত মা লক্ষ্মীৰ কেনে ফটো ৰাখিব লাগে জানেনে?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us