এই 'টিপছ' ব্যৱহাৰ কৰি বৃদ্ধি কৰক খাদ্যৰ সোৱাদ

এই 'টিপছ' ব্যৱহাৰ কৰি বৃদ্ধি কৰক খাদ্যৰ সোৱাদ

ডিজিটেল ডেস্ক : প্ৰতিগৰাকী মহিলাই বিচাৰে যে তেওঁ তেওঁৰ পৰিয়ালৰ সকলো দায়িত্বই ভালদৰে চম্ভালি সংসাৰখন নিয়াৰিকৈ চলাই নিব পাৰে।বিবাহৰ পিছত বাঢ়ি যোৱা দায়িত্ববোৰে বহু সময়ত মহিলাসকলক চিন্তিত কৰি তোলে, বিশেষকৈ পাকঘৰত ভাত ৰন্ধাৰ সময়ত।কিন্তু এতিয়া আৰু চিন্তাৰ কাৰণ নাই।কিয়নো আজি আমি আপোনাৰ বাবে আগবঢ়াইছো কেইটামান অতি দৰকাৰী পাকঘৰৰ ‘টিপছ’।যিসমূহৰ পৰা আপুনি ৰন্ধা খাদ্যত এক অনন্য সোৱাদ যোগ দিব পাৰে। 

মিঠা ব্যঞ্জনত নিমখ দিব 

যদি আপুনি পাকঘৰত মিঠা কিবা বনাই আছে, তাত এক চিকুট নিমখ দি দিব। ই সোৱাদ আৰু অধিক বৃদ্ধি কৰিব। 

চাউলত ঘিউ, নেমু দিব

যদি আপুনি ভাতখিনি কোমল কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে এক চামুচ ঘিউ অথবা কেইটোপালমান নেমুৰ ৰস ভাত ৰন্ধাৰ সময়ত চাউলখিনিত মিহলি কৰিব। ই চাউলখিনি ফুলোৱাৰ লগতে বগা কৰিব। 

লুচী বনোৱাৰ আগতে ফ্ৰীজত থ’ব

লুচী বনোৱাৰ আগতে বেলি লৈ ১০ মিনিটৰ বাবে ফ্ৰীজত ৰাখিব।এনে কৰিলে লুচী ভাজিলে ই বেছি তেল শোষণ নকৰে।

ফ্ৰেঞ্চ ফ্ৰাই সোৱাদযুক্ত হ'ব 

ফ্ৰেঞ্চ ফ্ৰাই তৈয়াৰ কৰিবলৈ আলুখিনি কাটি পানীত ২-৩ মিনিটৰ বাবে উতলাওঁক। ইয়াৰ পিছত পানীৰ পৰা আঁতৰ কৰি আলুখিনি টিচ্যু পেপাৰত ৰাখিব।এনে কৰিলে আলুত থকা সকলো পানী শুকাই যাব। ইয়াৰ পিছত আলুখিনিত অলপ কৰ্ণ ফ্ল’ৰ সানি এটা জিপ লক বেগ বা এয়াৰটাইট বাকচত ভৰাই ফ্ৰীজত ৰাখক।প্ৰয়োজনত ফ্ৰীজৰ পৰা উলিয়াই ভাজি খাব।এনে কৰি ফ্ৰেঞ্চ ফ্ৰাই যথেষ্ট মুচমুচীয়া আৰু সোৱাদযুক্ত হয়।

বাহী ব্ৰেডৰ কাটলেট বনাওক 

যদি আপোনাৰ ঘৰত পুৰণি বা বাহী ব্ৰেড থাকে, তেন্তে ইয়াক পেলাই দিয়াৰ কোনো প্ৰয়োজন নাই। ইয়াক গুৰি কৰক আৰু এয়াৰটাইট পাত্ৰ এটাত ৰাখক। ইয়াৰ পিছত ইয়াক কাটলেট বা কাবাব তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰক।

গ্ৰেভীৰ সোৱাদ এইদৰে বৃদ্ধি কৰক

গ্ৰেভীৰ সোৱাদ বঢ়াবলৈ পিঁয়াজ ভাজোতে ১/২ চাহ চামুচ চেনী যোগ দিয়ক। গ্ৰেভীত চেনী মিহলি কৰিলে ৰং ধুনীয়া হোৱাৰ লগতে সোৱাদো যথেষ্ট বৃদ্ধি হয়।

এই 'টিপছ' ব্যৱহাৰ কৰি বৃদ্ধি কৰক খাদ্যৰ সোৱাদ
পুষ্টিৰে ভৰপুৰ আম খাই গৰমত স্বাস্থ্যৱান হৈ থাকক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in