/asomiyapratidin/media/media_files/2025/11/10/mmmm-2025-11-10-12-27-17.jpg)
ডিজিটেল ডেস্ক: এক অবিশ্বাস্য ঘটনাৰ সাক্ষী হ’ল দিল্লীৰ দ্বাৰকাৰ এইচ চি এম চি টি মণিপাল হাস্পতাল। এই চিকিৎসালয়খনৰ চিকিৎসকে পূৰ্বতে অসম্ভৱ বুলি গণ্য কৰা কাম সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে। হয়, এজন মৃত ৰোগীৰ ৰক্ত সঞ্চালন পুনৰ সক্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছে এই চিকিৎসালয়ৰ চিকিৎসকে। এই সফলতা এছিয়াত প্ৰথম আৰু চিকিৎসা বিজ্ঞানৰ জগতখনত ইয়াক এক ডাঙৰ কৃতিত্ব হিচাপে গণ্য কৰা হৈছে।
কোন আছিল এইগৰাকী বিশেষ ৰোগী ?
গীতা চাওলা নামৰ ৫৫ বছৰীয়া এগৰাকী মহিলাৰ ক্ষেত্ৰত এই পৰীক্ষা কৰা হৈছিল। মহিলাগৰাকী Motor Neuron Disease (MND) ৰোগত আক্ৰান্ত আছিল। যাৰ ফলত তেওঁৰ শৰীৰ লাহে লাহে পক্ষাঘাতগ্ৰস্ত (paralyzed) হৈছিল। বিগত ৬ নৱেম্বৰৰ পুৱা তেওঁ শ্বাস-প্ৰশ্বাসত অসুবিধা অনুভৱ কৰাত তৎক্ষণাত হাস্পতাললৈ নিয়া হয় যদিও কেইঘণ্টামানৰ পাছতে তেওঁৰ মৃত্যু হয়।
গীতাৰ জীৱনৰ অন্তিম ইচ্ছা আছিল নিজৰ অংগ দান কৰি আনক জীৱন দিয়া। কিন্তু সমস্যাটো আছিল, মৃত্যুৰ সময়ত তেওঁৰ হৃদয় বন্ধ হৈ গৈছিল। অংগদান তেতিয়াহে সম্ভব হয়, যেতিয়া ৰোগী ‘brain dead’ হয়, অৰ্থাৎ হৃদয় ধপধপাই থাকে কিন্তু মগজু কাৰ্যকৰ নহয়।
এই অসম্ভৱ যেন লগা পদ্ধতিটো কেনেকৈ সম্ভৱ হ’ল ?
গীতাৰ শেষ ইচ্ছা পূৰণৰ বাবে চিকিৎসকে ব্যৱহাৰ কৰিছিল নৰ্মোথাৰ্মিক ৰিজিঅ’নেল পাৰ্ফিউচন (এন আৰ পি) নামৰ এক নতুন কৌশল। এই কৌশলে ECMO (Extracorporeal Membrane Oxygenation) নামৰ মেচিন ব্যৱহাৰ কৰি শৰীৰত তেজৰ চলাচল পুনৰ আৰম্ভ কৰিছিল। এই পদ্ধতিয়ে হৃদযন্ত্ৰ বন্ধ হোৱাৰ পিছতো শৰীৰৰ অংগবোৰ জীয়াই ৰাখিছিল আৰু কাৰ্যক্ষম কৰি ৰাখিছিল, যাৰ ফলত সেইবোৰ অংগদানৰ বাবে ব্যৱহাৰ কৰিব পৰা গৈছিল।
কোনে লাভ কৰিলে গীতাৰ অংগ?
দিল্লীৰ আই এল বি এছ হাস্পতালত ৪৮ বছৰীয়া এজন ৰোগীক গীতাৰ লিভাৰ দিয়া হয়। দুয়োটা বৃক্ক সাকেটৰ মেক্স হাস্পতালত ৬৩ আৰু ৫৮ বছৰ বয়সৰ দুজন ৰোগীক দিয়া হয়। কৰ্ণিয়া আৰু ছালো দান কৰা হয়। এই পদ্ধতি ৰাষ্ট্ৰীয় অংগ আৰু কলা প্ৰতিস্থাপন সংস্থা (NOTTO)ৰ অধীনত সম্পন্ন কৰা হৈছিল।
এছিয়াত প্ৰথম
এছিয়াত প্ৰথমবাৰৰ বাবে এই পদ্ধতি সম্পন্ন কৰা হৈছিল। এতিয়ালৈকে মৃত্যুৰ পিছত তেজৰ সঞ্চালন পুনৰ আৰম্ভ কৰাৰ প্ৰক্ৰিয়াটো স্পেইন আৰু ব্ৰিটেইনৰ দৰে কেইখনমান নিৰ্বাচিত দেশতহে ব্যৱহাৰ কৰা হৈছিল।
কিয় বিশেষ এই গৱেষণা ?
এতিয়ালৈকে অংগদান কেৱল মগজুৰ মৃত্যুৰ ক্ষেত্ৰতহে কৰা হৈছিল, যেতিয়া হৃদস্পন্দন হয়, কিন্তু মগজুৱে কাম নকৰে। কিন্তু এই ক্ষেত্ৰত ৰোগীৰ হৃদযন্ত্ৰ বন্ধ হৈ গৈছিল, তথাপিও অংগবোৰ সংৰক্ষিত হৈ আছিল। এই প্ৰযুক্তিয়ে ভৱিষ্যতে ৰক্ত সঞ্চালনজনিত মৃত্যু হোৱাসকলৰ বাবে অংগদানৰ সুবিধা প্ৰদান কৰিব।
নতুন আশা: অধিক অংগ অনুদান, অধিক জীৱন
চিকিৎসকৰ মতে এই অগ্ৰগতিৰ ফলত ভাৰতত অংগদান বৃদ্ধিৰ এক নতুন পথ মুকলি হ’ব। অংগৰ অভাৱত প্ৰতি বছৰে হাজাৰ হাজাৰ ৰোগীৰ মৃত্যু হয়। যদি এই প্ৰযুক্তি নিয়মিতভাৱে ব্যৱহাৰ কৰা হয় তেন্তে বহুতৰে জীৱন ৰক্ষা কৰিব পৰা যাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us