/asomiyapratidin/media/media_files/2025/06/19/1-2025-06-19-13-04-52.jpg)
ডিজিটেল ডেস্ক: শিৰোনাম পঢ়ি স্বাভাৱিকভাৱেই আপোনাৰ মনত প্ৰশ্ন উত্থাপন হৈছে, কিয় বা কেনেকৈ সংঘটিত হ’ল এই কাণ্ড ? হয়তো আপুনি ধাৰণা কৰিছে সুৰাসক্ত হৈ স্বামীয়ে পত্নীক কৰিছে এই অত্যাচাৰ। নহয়, আপোনাৰ ধাৰণা একেবাৰেই ভুল।
প্ৰকৃততে, এইজন স্বামীয়ে পত্নীক তেওঁৰ প্ৰেমিকৰ ঘৰত অসংযত অৱস্থাত ধৰা পেলায়। ইয়াৰ পাছতে পৰিস্থিতি বেয়ালৈ যায়। পত্নী, স্বামী আৰু পত্নীৰ প্ৰেমিকৰ মাজত এই বিষয়ক লৈ যথেষ্ট সময় বাক-বিতণ্ডা হয়। তৰ্ক-যুদ্ধত খঙত অগ্নিশৰ্মা হৈ স্বামীয়ে পত্নীৰ নাকটো কামুৰি ছিঙি পেলায়। লগে লগে তেজৰে লুটুৰি-পুটুৰি হোৱা মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয়। মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা কিছু গুৰুতৰ।
ক'ত সংঘটিত হৈছে এই আজৱ ঘটনা ?
এই ঘটনাটো উত্তৰ প্ৰদেশৰ হৰদয় জিলাৰ হৰিয়াৱান আৰক্ষী চকীৰ সমীপতে সংঘটিত হৈছে। পত্নীক কামুৰি নাক ছিঙা এই ব্যক্তিজনৰ নাম ৰাম খিলাৱান। তেওঁৰ ২৫ বছৰীয়া পত্নী এতিয়া উন্নত চিকিৎসাৰ বাবে লক্ষ্ণৌত চিকিৎসাৰত হৈ আছে। আনহাতে, আৰক্ষীয়ে পত্নীক আক্ৰমণ কৰা ৰাম খিলাৱনক আটক কৰি এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। এক সূত্ৰত প্ৰকাশ পোৱা মতে, ৰাম খিলাৱানে ইতিমধ্যে তেওঁৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ বাবে আদালতৰ কাষ চাপিছে। দুয়োৰে পৰিয়ালেও এই বিচ্ছেদক সমৰ্থ জনাইছে।