প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰিলে পত্নীয়ে

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰিলে পত্নীয়ে। অৰুণাচল প্ৰদেশৰ ভিতৰতে দিবাং ভেলী জিলাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি

ডিজিটেল সংবাদ, ইটানগৰ: পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। প্ৰেমিকৰ সৈতে মিলি স্বামীক হত্যা কৰিলে পত্নীয়ে। অৰুণাচল প্ৰদেশৰ ভিতৰতে দিবাং ভেলী জিলাত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

Advertisment

জানিব পৰা মতে, জিলাখনৰ সদৰ আনিনিৰ অল্ড বজাৰ নিবাসী চানু চেত্ৰী নামৰ ৩৭ বছৰীয়া যুৱকজন ২৪ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছিল। ২৫ এপ্ৰিলৰ দিনা চানু চেত্ৰীৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয় চহৰৰ শ্মশানঘাটৰ কাষত এটি জুৰিৰ পানীত। চানুৰ মুৰ, মুখমণ্ডল আৰু ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰা হৈছিল। মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে। 

আৰক্ষীৰ তদন্তত প্ৰয়াত চানু চেত্ৰীৰ পত্নী মায়া চেত্ৰীৰ পৰকীয়া প্ৰেমৰ কথা পোহৰলৈ আহে। মায়াৰ মায়াজালত হাবুডুবু খোৱা আনিনিৰ আইকেন ইৰাং নামৰ ৪৬ বছৰীয়া ব্যক্তিজনে মায়াক নিজৰ কৰি লোৱাৰ বাটত হেঙাৰ হৈ উঠা চানু চেত্ৰীক পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ পৰিকল্পনা কৰে। সেই মৰ্মেই মায়া আৰু আইকেনে ২৪ এপ্ৰিলত চানুক হত্যা কৰে। পৰকীয়া প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলা আনিনিৰ আইকেন ইৰাং নামৰ ৪৬ বছৰীয়া ব্যক্তিজনৰ লগতে চানুৰ পত্নী মায়া চেত্ৰীক আৰক্ষীয়ে যোৱা বৃহস্পতিবাৰে আনিনিৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ জেৰাত দুয়োজন অভিযুক্তই চানু চেত্ৰীক হত্যা কৰাৰ কথা স্বীকাৰ কৰা বুলি আনিনিৰ আৰক্ষী অধীক্ষক মণিষ শৌৰ্যই জানিবলৈ দিয়ে। সম্প্ৰতি পৰকীয়া প্ৰেমৰ পৰিণতিত হত্যাৰ অভিযোগত মায়া আৰু আইকেন জে'লৰ নিবাসী হৈ আছে। উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ আনিনি এখন অপৰাধ মুক্ত ঠাই বুলি পৰিচিত আৰু এই হত্যাৰ গোচৰটোৱেই আনিনি থানা এলেকাত সংঘটিত হোৱা প্ৰথমটো অপৰাধ।

অৰুণাচল প্ৰদেশ অৰুণাচল