ন্যায়াধীশ যশৱন্ত ভাৰ্মা প্ৰসংগঃ দিল্লী আৰক্ষীক প্ৰত্যাহ্বান সাংসদ কপিল ছিবালৰ...

আৰক্ষীয়ে কিয় নগদ ধন জব্দ কৰা নাছিল আৰু পঞ্চনামা কিয় প্ৰস্তুত কৰা নাছিল? তদন্তত এইটো এটা ডাঙৰ ক্ৰুটি। কোনটো বেংকৰ পৰা আহিছে সেইটো জানিবলৈ ক্ৰমিক নম্বৰ থকা এখন নোটৰ প্ৰয়োজন আছিল...

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-06-18 at 8.33.48 PM

ডিজিটেল ডেস্কঃ  উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ পক্ষত থিয় দিছে সাংসদ, জ্যেষ্ঠ অধিবক্তা তথা উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ সভাপতি কপিল ছিবাল। ন্যায়াধীশ গৰাকীৰ নগদ বিতৰ্ক সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে কপিল ছিবালে।

Advertisment

তেওঁ কয় যে, ন্যায়াধীশ ভাৰ্মাৰ বাসগৃহত এখনো নোট পোৱা নগ’ল। কমিটীৰ পৰ্যবেক্ষণে যথাযথ প্ৰক্ৰিয়াৰ স্থান কেতিয়াও ল’ব নোৱাৰে। স্বচ্ছ তদন্তৰ পাছতহে ওলাব সেয়া কাৰ ধন আছিল। কিয় SIT বা দিল্লী আৰক্ষীয়ে মুদ্ৰা নোটৰ নম্বৰৰ দৰে সবিশেষ শ্বেয়াৰ কৰা নাই বুলিও প্ৰশ্ন কৰে ছিবালে? লগতে জ্বলি যোৱা নোটসমূহ তদন্তৰ বাবে দাখিল কৰিবলৈ দাবী জনায়।

তাৰোপৰি তেওঁ আৰক্ষীৰ তদন্তক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে আৰক্ষীয়ে কিয় নগদ ধন জব্দ কৰা নাছিল আৰু পঞ্চনামা কিয় প্ৰস্তুত কৰা নাছিল? তদন্তত এইটো এটা ডাঙৰ ক্ৰুটি। কোনটো বেংকৰ পৰা আহিছে সেইটো জানিবলৈ ক্ৰমিক নম্বৰ থকা এখন নোটৰ প্ৰয়োজন আছিল। তাৰ পিছত বহু কথা অনুমান কৰিব পৰা গ'লহেতেন। দিল্লী আৰক্ষীয়ে কিয় তেনেকুৱা নকৰিলে? চৌহদটো কিয় ঘেৰাও কৰা নাছিল? কিয় এফআইআৰ দাখিল কৰা নাছিল বুলিও দিল্লী আৰক্ষীক উভতাই ধৰে ছিবালে।

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী ছিবালে আৰু আঙুলিয়াই দিয়ে যে, নগদ ধন পোৱা বুলি অভিযোগ উত্থাপন কৰা আউটহাউছটো সীমাৰ দেৱালৰ সিপাৰে আছিল, যাৰ ফলত ন্যায়াধীশ ভাৰ্মাৰ বাসগৃহক আউটহাউছ আৰু কৰ্মচাৰীৰ কোৱাৰ্টাৰৰ পৰা পৃথক কৰা হৈছে। মূল গেটত চি আৰ পি এফ আছিল, আউটহাউছৰ প্ৰত্যক্ষ দৃশ্য নাছিল বুলি চিবালে কয় আৰু পিছফালৰ গেট এখনো আছিল য’ত কোনো নিৰাপত্তা নাছিল।

লক্ষ্যণীয় যে, অহা মাহত সংসদৰ অধিৱেশনৰ সময়ত ন্যায়াধীশ ভাৰ্মাৰ বিৰুদ্ধে চৰকাৰে সংসদত অভিযোগনামা দাখিল কৰাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ ধাৰণা কৰা হৈছে। তাৰ পূৰ্বেই সাংসদ কপিল ছিবালে সমগ্ৰ বিষয়টো সন্দৰ্ভত পুংখানুপুংখ তদন্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখ্য যে, ১৪ মাৰ্চৰ নিশা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ যশৱন্ত ভাৰ্মাৰ বাসগৃহ চৌহদত অৱস্থিত এটা বহিৰ্গৃহত অগ্নিকাণ্ড সংঘটিত হৈছিল। অভিযোগ অনুসৰি অগ্নিনিৰ্বাপক বাহিনীয়ে তাৰ পৰা জ্বলি যোৱা নগদ ধনৰ বাণ্ডিল উদ্ধাৰ কৰিছিল। ইয়াৰ পিছতেউচচতম ন্যায়ালয়ে ঘটনা সন্দৰ্ভত আভ্যন্তৰীণ তদন্তৰ নিৰ্দেশ দিছিল। 

 

 

যশৱন্ত ভাৰ্মা