Advertisment

কথাই শেষ কৰিব পাৰে চিৰদিনৰ বাবে গঢ়ি উঠা সম্পৰ্ক

স্বামী-স্ত্ৰী আৰু কাজিয়া যেন এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি ! মতৰ অমিলকে ধৰি বহু কাৰণত স্বামী-স্ত্ৰীৰ সংঘাত হোৱাটো একেবাৰে স্বাভাৱিক। কিন্তু এই সংঘাতৰ সময়ত দুয়োজনেই সতৰ্ক হোৱাটো খুব দৰকাৰ।

author-image
Asomiya Pratidin
New Update
কথাই শেষ কৰিব পাৰে চিৰদিনৰ বাবে গঢ়ি উঠা সম্পৰ্ক

ডিজিটেল ডেস্ক: স্বামী-স্ত্ৰী আৰু কাজিয়া যেন এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি ! মতৰ অমিলকে ধৰি বহু কাৰণত স্বামী-স্ত্ৰীৰ সংঘাত হোৱাটো একেবাৰে স্বাভাৱিক। কিন্তু এই সংঘাতৰ সময়ত দুয়োজনেই সতৰ্ক হোৱাটো খুব দৰকাৰ। অন্যথা শব্দৰ আঘাতে কেতিয়াবা এই সম্পৰ্কত ফাঁট মেলায়।সেয়েহে, যিমান খং উঠিলেও কেতবোৰ কথা সংগীক ভুলতো ক'ব নালাগে। খঙতো আপোনাৰ সংগীক কোনবোৰ কথা কোৱাটো উচিত নহয়, আজি জানো আহক-

Advertisment

‘সকলো দোষ আপোনাৰ’

কথাত জিকিবলৈ বহু লোকে বহু কথা কয়।বিশেষকৈ, সংঘাতত জয়ী হ'বলৈ সন্মুখৰ ব্যক্তিজনক সকলো দোষ জাপি দিয়ে।কিন্তু ই কেতিয়াও বিবাদৰ সমাধান নকৰে।সেয়েহে, ইজনে সিজনক দোষ দিয়াৰ পৰিৱৰ্তে একেলগে বহি সমস্যাটোৰ গভীৰতালৈ গৈ সমাধান কৰাৰ চেষ্টা কৰিব লাগে।

‘যোৱাবাৰো আপোনাৰ কাৰণেই কাজিয়া হৈছিল।’

বহুতেই তৰ্কা-তৰ্কিত পুৰণি কথাবোৰ উলিয়াই লয় আৰু সেই কাজিয়াত কাৰ ভুল সেয়া কয়। প্ৰকৃততে, পুৰণি কথাবোৰ মনত ৰাখি থোৱাটো ভুল। এইটোৱে এনে ধাৰণা সৃষ্টি কৰে যে আপুনি আপোনাৰ সংগীৰ সকলো ভুল মনত ৰাখে আৰু সুযোগ আহিলে সেয়া তেওঁক সেয়া শুনায়।ই দুয়োৰে মাজত মনোমালিন্য বৃদ্ধি কৰে।

'আমাৰ বিবাহ বিচ্ছেদ হোৱাটোয়েই উচিত'

বহুলোকে কাজিয়া কৰোতে বাৰে বাৰে বিবাহ বিচ্ছেদৰ কথা কয়। এই কথাষাৰ সাধাৰণতে খঙত কোৱা হয় যদিও ই সংগীক আঘাত কৰিব পাৰে।সেয়েহে, যিমানেই খং উঠক, এই বোৰ কথা নক'ব।

ব্যক্তিগত বস্তুৰ বিষয়ে তাচ্ছিল্য কৰা

বহু স্বামী-স্ত্ৰীয়ে কাজিয়া কৰোতে তেওঁলোকৰ সীমা পাহৰি যায়। তেওঁলোকে তেওঁলোকৰ সংগীক কথাৰে তল পেলাবলৈ গোপনীয় কথাবোৰ কয়।আচলতে, এই গোপন কথাবোৰ কৈ সংগীক আক্ৰমণ কৰিলে ইজনৰ-সিজনৰ ওপৰত আস্থা হেৰুৱাই আৰু ভৱিষ্যতে যিকোনো কথা ভাগ-বতৰা নকৰিব পাৰে।সেয়েহে, এই বিষয়ে কৈ আপুনি আপোনাৰ সংগীক কষ্ট নিদিব।

Also Read: সংসাৰ যদি ভালে ৰাখিবলৈ বিচাৰে, তেন্তে কেতিয়াও নকৰিব এই ৩টা ভুল