/asomiyapratidin/media/media_files/2025/05/07/NqVeppMXYjdiKXBg7PbE.jpg)
ডিজিটেল ডেস্ক: ঋতুস্ৰাৱৰ বিষৰ সৈতে মহিলাসকলে ১২ বছৰমান বয়সৰ পৰাই মোকাবিলা কৰিব লগীয়া হয়। ঋতুস্ৰাৱৰ আৰম্ভণিৰ প্ৰথম ৩ দিনত মহিলাসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হয়। এই সময়ছোৱাত মহিলাসকলে পিঠিৰ পৰা পেট আৰু উৰুলৈ বিষ অনুভৱ কৰে। এই অসহনীয় বিষ দূৰ কৰিবলৈ মহিলাসকলে প্ৰায়ে পেইনকিলাৰ গ্ৰহণ কৰে, যাৰ ফলত শৰীৰত বহু পাৰ্শ্বক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনিও ঋতুস্ৰাৱৰ বিষৰ বাবে অসুবিধাত পৰিছে, তেনেহ'লে ইয়াক দূৰ কৰিবলৈ ঔষধৰ সলনি ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰক। ঘৰুৱা প্ৰতিকাৰে ঋতুস্ৰাৱৰ বিষৰ পৰা সকাহো দিব আৰু ইয়াৰ পৰা শৰীৰত কোনো পাৰ্শ্বক্ৰিয়াও নহয়।আজি সেই বিষয়ে সৱিশেষ জানো আহক-
ব্যৱহাৰ কৰক গৰম পানী
ঋতুস্ৰাৱৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ তলপেটত ‘হিটিং পেড’ অথবা গৰম পানীৰ বেগ ব্যৱহাৰ কৰিব। ২০১৮ চনৰ এটা অধ্যয়নৰ সমীক্ষাত দেখা গৈছে যে ঋতুস্ৰাৱৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ এই চিকিৎসা অতি কাৰ্যকৰী। যদি আপোনাৰ ‘হিটিং পেড’ বা গৰম পানীৰ বেগ নাই, আপুনি বটলত গৰম পানী ভৰাইয়ো পেটটোত সেক দিব পাৰে।
শৰীৰটো ‘হাইড্ৰেটেড’ ৰাখিব
ঋতুস্ৰাৱৰ সময়ত পানী অত্যাধিক পৰিমানে খালে বহু সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি। শৰীৰটোক ‘হাইড্ৰেটেড’ ৰাখিবলৈ গৰম পানী খাব লাগে। গৰম পানী খালে ৰক্ত সঞ্চালন ভাল হয় আৰু পেশীয়ে সকাহ পায়।
নাৰিকল তেলৰ সৈতে মালিচ কৰিব
আয়ুৰ্বেদৰ মতে, নাৰিকল তেলত এণ্টিঅক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী গুণাগুণ আৰু লিনোলিক এচিড থাকে যি পেশীৰ সংকোচন হ্ৰাস কৰে আৰু বিষ উপশম কৰে।
ভেষজ চাহ খাব
ঋতুস্ৰাৱৰ বিষ দূৰ কৰিবলৈ ভেষজ চাহ খোৱাটো অতি দৰকাৰী। বিষ উপশম কৰিবলৈ আপুনি মৌ আৰু আদা দি চাহ খাব পাৰে। মৌ আৰু আদাৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ আৰু এণ্টিস্পাস্মোডিক যৌগ থাকে, যি জৰায়ুত পেশীৰ সংকোচন উপশম কৰাত সহায় কৰে।
ব্যায়াম কৰিব
ঋতুস্ৰাৱৰ সময়ত পাতল ব্যায়াম কৰাটো অতি জৰুৰী। ব্যায়ামে পেশীৰ বিষ আৰু চাপ উপশম কৰে।
Also Read: ৰোগীৰ বাবে এই মছলাবোৰ প্ৰকৃততে আশীৰ্বাদহে