ভাৰতত এয়া প্ৰথম ঘটনা, অলৌকিক নে অস্বাভাৱিক ?

একেবাৰে অস্বাভাৱিক এক ঘটনা ! ভাৰতত পোনপ্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছে এনে ঘটনা। হয়, এগৰাকী মহিলাৰ জৰায়ুত নহয়, লিভাৰত ডাঙৰ হৈছে শিশুৰ ভ্ৰুণ। যাক Intrahepatic Ectopic Pregnancy অৰ্থাৎ লিভাৰৰ ভিতৰত অস্বাভাৱিক গৰ্ভধাৰণ বুলি কোৱা হয়।

author-image
সংগীতা দাস
New Update
শিশুৰ ভ্ৰুণ

ডিজিটেল ডেস্ক: একেবাৰে অস্বাভাৱিক এক ঘটনা ! ভাৰতত পোনপ্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছে এনে ঘটনা। হয়, এগৰাকী মহিলাৰ জৰায়ুত নহয়, লিভাৰত ডাঙৰ হৈছে শিশুৰ ভ্ৰুণ। যাক Intrahepatic Ectopic Pregnancy অৰ্থাৎ লিভাৰৰ ভিতৰত অস্বাভাৱিক গৰ্ভধাৰণ বুলি কোৱা হয়। এই ঘটনা উত্তৰ প্ৰদেশৰ মীৰুটৰ। 

Advertisment

আচৰিত চিকিৎসক

মীৰুটত বাস কৰা এগৰাকী ৩০ বছৰীয়া মহিলাৰ দুমাহ ধৰি অত্যন্ত পেটৰ বিষ আৰু বমি হৈছিল। যাৰ বাবে তেওঁ চিকিৎসকৰ কাষ চাপে আৰু চিকিৎসকে তেওঁক এম আৰ আই কৰাৰ পৰামৰ্শ দিয়ে। কিন্তু এই এম আৰ ৰিপৰ্ট দেখি মহিলাগৰাকীৰ পৰিয়ালেই নহয়, খোদ চিকিৎসকো আচৰিত হয়। কিয়নো, এই ৰিপৰ্টৰ মতে মহিলাগৰাকী গৰ্ভৱতী আছিল। কিন্তু শিশুৰ ভ্ৰুণটোয়ে মহিলাৰ জৰায়ুত নহয়, লিভাৰত থিতাপি লৈছিল। ১২ সপ্তাহৰ ভ্ৰুণটো মহিলাগৰাকীৰ লিভাৰৰ সোঁ অংশত এতিয়া ক্ৰমান্বয়ে ডাঙৰ হৈ আছে।

কি এই  Intrahepatic Ectopic Pregnancy ?

এক্ট’পিক গৰ্ভাৱস্থাত জৰায়ুৰ বাহিৰত যেনে, ফেল’পিয়ান টিউব, পেট বা অন্যান্য অংগত ভ্ৰূণৰ বিকাশ হ’বলৈ আৰম্ভ কৰে। ইন্ট্ৰাহেপাটিক এক্ট’পিক গৰ্ভাৱস্থাৰ অৰ্থ হ’ল লিভাৰত ভ্ৰূণ গঠন হ’বলৈ আৰম্ভ কৰা। সমগ্ৰ বিশ্বতে এনে ঘটনা অতি বিৰল। ভাৰতবৰ্ষত এয়া প্ৰথম ঘটনা। আমাৰ শৰীৰৰ লিভাৰ অতি সংবেদনশীল আৰু তেজ সমৃদ্ধ অংগ, গতিকে এই পৰিস্থিতি মাৰাত্মক হোৱাটো প্ৰায় নিশ্চিত।

বিপদত মাতৃৰ জীৱন

গৰ্ভধাৰণ কৰা মহিলাগৰাকীৰ স্বাস্থ্য নিৰীক্ষণ কৰি থকা চিকিৎসকগৰাকীৰ মতে, এই পৰ্যন্ত সমগ্ৰ বিশ্বতে এনে ঘটনা মাত্ৰ ১৮টা পোহৰলৈ আহিছে আৰু ভাৰতত এয়াই প্ৰথম। এনে ক্ষেত্ৰত ১৪ সপ্তাহলৈকেহে গৰ্ভধাৰণ ৰাখিব পাৰি। তাৰ পিছত মাতৃৰ জীৱন বিপদত পৰাটো নিশ্চিত। যাৰ বাবে ১৪ সপ্তাহৰ আগতেই অস্ত্ৰোপচাৰৰ জৰিয়তে ভ্ৰুণটো আঁতৰাই দিয়াটো খুবেই প্ৰয়োজনীয়। অৱশ্যে এই ক্ষেত্ৰত মহিলাগৰাকীৰ পৰিয়ালৰ সন্মতিৰো প্ৰয়োজন। 

কি সাৱধানতা অৱলম্বন কৰিব মহিলাই ?

গৰ্ভাৱস্থাৰ প্ৰাৰম্ভিক সপ্তাহত আল্ট্ৰাছাউণ্ড কৰাটো প্ৰয়োজনীয়। যদি আপুনি কোনো অস্বাভাৱিক লক্ষণ অনুভৱ কৰে, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব। এক্ট’পিক ক্ষেত্ৰত পলম হোৱাটো অত্যন্ত বিপদজনক। উল্লেখ্য যে, এই ঘটনাটো চিকিৎসা বিজ্ঞানৰ বাবেও এক সতৰ্কবাণী যে গৰ্ভাৱস্থাত পেটৰ বিষ বা অস্বাভাৱিক লক্ষণ দেখা দিলে সহজভাৱে ল’ব নালাগে। সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসাই জীৱন ৰক্ষা কৰিব পাৰে।