/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-19/7znbn5hr/WhatsApp-Image-2024-09-19-at-5.15.10-PM-5.jpeg)
remedies-for-ulcers
ডিজিটেল ডেস্ক: আলচাৰ হৈছে এনে এক স্থিতি, য'ত শৰীৰৰ এটা অংগৰ ভিতৰৰ পৃষ্ঠত আঘাত বা ঘাঁ হয়। ই সাধাৰণতে পাকস্থলী, আভ্যন্তৰীণ অন্ত্ৰ বা খাদ্যনলীত হয়। এই স্থিতিৰ ফলত এজন ব্যক্তিয়ে বিষ, জ্বলা-পোৰা আৰু অন্যান্য অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আলচাৰ হোৱাৰ কাৰণ বহু আছে।ইয়াৰ ভিতৰত হেলিকোবেক্টৰ পাইলোৰি বেক্টেৰিয়াৰ সংক্ৰমণ, অস্বাস্থ্যকৰ জীৱনশৈলী তথা কিছুমান ঔষধ অত্যাধিক গ্ৰহণ কৰা আদি অন্যতম। আলচাৰ চিনাক্তকৰণৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুব বেছি দৰকাৰী। কিয়নো সঠিক চিকিৎসাইহে এই গুৰুতৰ স্বাস্থ্য সমস্যাটোৰ সমাধান কৰিব পাৰে।
আলচাৰৰ প্ৰকাৰ
১) গেষ্ট্ৰিক আলচাৰ: ই পাকস্থলীৰ ভিতৰৰ পৃষ্ঠত হয়। এই আলচাৰ হ'লে প্ৰায়ে পেটৰ জ্বলা-পোৰা, বিষ আৰু পেটৰ অন্যান্য অসুবিধা হয়।
২) ডুওডেনেল আলচাৰ: ই অন্ত্ৰৰ প্ৰথম অংশত উৎপন্ন হয়, যাক ডুওডেনাম বুলি কোৱা হয়। এই আলচাৰৰ ফলত আহাৰ গ্ৰহণ কৰাৰ পিছত পেটৰ বিষ আৰু জ্বলা-পোৰা হয়।
৩) খাদ্যনলীৰ আলচাৰ: এইবিধ আলচাৰ খাদ্যনলীৰ ভিতৰৰ পৃষ্ঠত হয়। খাদ্যনলীত আলচাৰ হ'লে খাদ্য গিলিলে ডিঙিত বিষ, পেটত জ্বলা-পোৰা হয়।
আলচাৰৰ কাৰণ
১) হেলিকোবেক্টৰ পাইলোৰি বেক্টেৰিয়াইও আলচাৰৰ কাৰণ হ'ব পাৰে। এই বেক্টেৰিয়াৰ ফলত পাকস্থলীৰ ভিতৰৰ পৃষ্ঠত সংক্ৰমণ হয়, যাৰ ফলত আলচাৰ হয়।
২) অত্যাধিক সুৰাপান, ধপাত সেৱন আৰু অস্বাস্থ্যকৰ আহাৰেও আলচাৰৰ আশংকা বৃদ্ধি কৰে।
৩) নন-ষ্টেৰইডেল এণ্টি-ইনফ্লেমেটৰী ঔষধ (এনএছএআইডি) আদিৰ দৰে ঔষধ অত্যাধিক গ্ৰহণৰ বাবেও পাকস্থলীৰ ভিতৰৰ পৃষ্ঠ ক্ষতিগ্ৰস্ত হৈ আলচাৰ হ'ব পাৰে।
আলচাৰ কিদৰে প্ৰতিৰোধ কৰিব ?
১) মূলতে জীৱনশৈলীৰ পৰিৱৰ্তন কৰিয়েই আপুনি আলচাৰ প্ৰতিৰোধ কৰিব পাৰে।
২) খাদ্য গ্ৰহণত সচেতন হ'ব। সদায় অধিক আঁহযুক্ত আৰু পুষ্টিসমৃদ্ধ খাদ্য গ্ৰহণ কৰিব। ভজা, মচলাযুক্ত খাদ্য পৰিহাৰ কৰিব।
৩) ধূমপান আৰু সুৰাৰ পৰা বিৰত থাকিব।ধূমপান আৰু অত্যাধিক সুৰাপানে আলচাৰৰ অৱস্থা বেয়া কৰিব পাৰে।
৪) চাপৰ বাবেও এই স্বাস্থ্য সমস্যা হ'ব পাৰে।সেয়েহে চাপ হ্ৰাস কৰিবলৈ যোগ, ধ্যান আৰু অন্যান্য শিথিলকৰণ কৌশল ব্যৱহাৰ কৰিব।
৫) যদি এই সকলোবোৰ কৰাৰ পাছতো স্বাস্থ্যৰ অৱস্থা উন্নত নহয়, চিকিৎসকৰ উচিত পৰামৰ্শ লৈ সেইমতে কৰণীয়সমূহ কৰিব।
Also Read: ছালক বয়সৰ চাপৰ পৰা বচাই ৰখাৰ সহজ উপায়