/asomiyapratidin/media/media_files/2025/08/04/seo-2025-08-04-16-41-11.png)
ডিজিটেল ডেস্ক: যদি আপুনি ফেটী লিভাৰ বা চৰ্বিযুক্ত যকৃতত আক্ৰান্ত অথবা লিভাৰ স্বাস্থ্যৱান হৈ থকাটো বিচাৰে, তেন্তে খাদ্যত ব্যৱহৃত তেল ব্যৱহাৰ কৰোতে সচেতন হ’ব। হয়, সকলো তেল স্বাস্থ্যৰ পক্ষে উপকাৰী নহয়। কি তেলে লিভাৰক বিষমুক্ত কৰাত সহায় কৰে, জানো আহক-
অলিভ অইল বা জলফাই তেল
এক সংপৃক্ত চৰ্বিৰে সমৃদ্ধ এই তেলে লিভাৰত জমা হোৱা চৰ্বি হ্ৰাস কৰাত সহায় কৰে। এন্টিঅক্সিডেন্ট গুণযুক্ত এই তেল আপুনি চালাড ড্ৰেছিং বা কম উষ্ণতাত ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰিব পাৰে।
নাৰিকল তেল
নাৰিকল তেলত মধ্যম শৃংখলাবদ্ধ ট্ৰাইগ্লিচাৰাইড (MCTs) থাকে। ই চৰ্বিক শক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। ইয়াক ব্যৱহাৰ কৰিলে লিভাৰত চৰ্বি জমা হোৱাত বাধা দিব পাৰি।
ফ্লেক্সচিড তেল
এই তেল ওমেগা-৩ ফেটি এচিডৰ ভাল উৎস। ই লিভাৰৰ প্ৰদাহ কমায়। কিন্তু এই তেল ব্যৱহাৰ কৰোতে মনত ৰাখিব যে, ইয়াক যাতে পোনপটীয়াকৈ ৰন্ধা-বঢ়াত ব্যৱহাৰ নকৰে। ফ্লেক্সচিড তেল চালাড আৰু খাওঁতে অলপ ঠাণ্ডা বাচন ব্যৱহাৰ কৰিব।
এভাকাড' তেল
হৃদযন্ত্ৰ আৰু লিভাৰ উভয়ৰে বাবে এই তেল অতি উপকাৰী। ই কলেষ্টেৰল আৰু লিভাৰৰ এনজাইমৰ মাত্ৰাৰ মাজত ভাৰসাম্য ৰক্ষা কৰে।
সৰিয়হৰ তেল (কম পৰিমাণে)
ওমেগা-৩ আৰু ওমেগা-৬ সমৃদ্ধ এই তেলে তেজৰ সোঁত বৃদ্ধি কৰাৰ লগতে লিভাৰ পৰিষ্কাৰ কৰাত সহায় কৰে। কিন্তু সৰিয়হ তেল সীমিত পৰিমাণত ব্যৱহাৰ কৰিব।
এইসমূহ তেল পৰিহাৰ কৰিব
-শোধিত তেল
-বনস্পতি ঘিউ বা ট্ৰেন্স ফেটযুক্ত তেল
-ডিপ ফ্ৰাইৰ বাবে ব্যৱহাৰ কৰা পুৰণি তেল
এই দিশত মন দিব
ৰন্ধা-বঢ়াৰ বাবে তেলৰ ব্যৱহাৰ সদায় সীমিত কৰিব। দৈনিক ২-৩ চামুচতকৈ বেছি তেল সেৱন নকৰিব। খাদ্য উতলাই, ভাপত বা গ্ৰীল কৰি ৰান্ধি খালে স্বাস্থ্যৰ পক্ষে উপকাৰী।