'পত্নী কেৱল এগৰাকী মহিলা নহয়, তেওঁলোক দেৱী লক্ষ্মীৰ ৰূপ'

ছুপাৰষ্টাৰ ৰবি কিছানৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই । জনপ্ৰিয় অভিনেতাৰ লগতে বিজেপি দলৰ লোকসভাৰ সাংসদৰ পদত জয়ী হোৱা ৰবি কিছান কেৱল ছবি আৰু ৰাজনীতিতে সক্ৰিয় নহয়, ব্যক্তিগত জীৱনৰ বাবেও তেওঁ সময়ে সময়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে।

author-image
সংগীতা দাস
New Update
অভিনেতা seo

ডিজিটেল ডেস্ক: ভোজপুৰী ছবিজগতত এক সুকীয়া পৰিচয় গঢ়ি বলীউডতো খোপনি পুতিবলৈ সক্ষম হোৱা ছুপাৰষ্টাৰ ৰবি কিছানৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই। জনপ্ৰিয় অভিনেতাৰ লগতে বিজেপি দলৰ লোকসভাৰ সাংসদৰ পদত জয়ী হোৱা ৰবি কিছান কেৱল ছবি আৰু ৰাজনীতিতে সক্ৰিয় নহয়, ব্যক্তিগত জীৱন আৰু পত্নীৰ প্ৰতি থকা সন্মানৰ বাবেও তেওঁ সময়ে সময়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়া এক সাক্ষাৎকাৰত প্ৰকাশ কৰা এক বিশেষ মন্তব্যৰ বাবে পুনৰ চৰ্চালৈ আহিছে এই অভিনেতাজনৰ নাম।

Advertisment

হয়, বুধবাৰে ৫৬বছৰত ভৰি দিয়া অভিনেতাজনে এক সাক্ষাৎকাৰত কয়, 'মই ৰাতি সদাই পত্নীৰ ভৰি চুই সেৱা কৰো। তেওঁৰ টোপনি যোৱাৰ পাছত মই ভৰি দুটা চুই শুবলৈ যোৱাটো মোৰ অভ্যাস। কিয়নো, মই বিশ্বাস কৰো যে পত্নী কেৱল এগৰাকী মহিলা নহয়, তেওঁলোক দেৱী লক্ষ্মীৰ ৰূপ। যিখন ঘৰত মহিলাক বেয়া ব্যৱহাৰ কৰা হয়, সেইখন ঘৰত কেতিয়াও লক্ষ্মীয়ে বাস নকৰে।'

তেওঁ লগতে কয়, 'মোৰ সফলতাত পত্নীৰ অৱদান আটাইতকৈ বেছি। যেতিয়া মই জীৱন যুদ্ধত সংগ্ৰাম কৰি আছিলো, তেতিয়া তেওঁ  গৰ্ভাৱস্থাতে অকলে সকলো চম্ভালিছিল, ঘৰ চলাইছিল আৰু তেওঁক প্ৰেৰণা দিছিল। যিমানেই কঠিন পৰিস্থিতি নহওঁক, কোনো অভিযোগ নোহোৱাকৈ সাহসৰে মুখামুখি হৈছে। মই তেওঁৰ প্ৰতি কৃতজ্ঞ। আচলতে, পত্নীৰ ৰূপত এয়া ভগৱানৰ আৰ্শীবাদ।'

কেতিয়া আৰম্ভ হৈছিল এই দুৰ্দান্ত প্ৰেম

উল্লেখ্য যে, একাদশ শ্ৰেণীত পঢ়ি থাকোতেই ৰবি কিছান আৰু তেওঁৰ পত্নী প্ৰীতি কিছানৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল।  ১৯৯৩ ত দুয়োয়ে বিবাহ পাশত আবদ্ধ হৈছিল আৰু বৰ্তমানো তেওঁলোকৰ প্ৰেম আগৰ দৰেই শক্তিশালী হৈ আছে।