অন্যথা আপোনজনৰ বাবে ৰন্ধা খাদ্য হ’ব অস্বাস্থ্যকৰ

ৰন্ধাৰ সময়ত অধিকাংশ মহিলাই সাধাৰণতে খুব পৰিস্কাৰ-পৰিচ্ছন্নভাৱে ৰান্ধিবলৈ যত্ন কৰে।যিয়ে আমাৰ খাদ্য স্বাস্থ্যসন্মত কৰি তোলাত গুৰুতৰ ভূমিকা পালন কৰে। কিন্তু পাকঘৰত থকা সময়খিনিত ৰান্ধনি এগৰাকীয়ে চাফ-চিকুনৰ সমান্তৰালকৈ আন কেতবোৰ দিশতো মন দিব লাগে।

author-image
Asomiya Pratidin
New Update
অন্যথা আপোনজনৰ বাবে ৰন্ধা খাদ্য হ’ব অস্বাস্থ্যকৰ

ডিজিটেল ডেস্ক: ৰন্ধাৰ সময়ত অধিকাংশ মহিলাই সাধাৰণতে খুব পৰিস্কাৰ-পৰিচ্ছন্নভাৱে ৰান্ধিবলৈ যত্ন কৰে।যিয়ে আমাৰ খাদ্য স্বাস্থ্যসন্মত কৰি তোলাত গুৰুতৰ ভূমিকা পালন কৰে। কিন্তু পাকঘৰত থকা সময়খিনিত ৰান্ধনি এগৰাকীয়ে চাফ-চিকুনৰ সমান্তৰালকৈ আন কেতবোৰ দিশতো মন দিব লাগে। খাদ্যৰ অত্যাৱশ্যকীয় পুষ্টি বজাই ৰখাৰ ক্ষেত্ৰত এগৰাকী ৰান্ধনিয়ে পাকঘৰত মন দিবলগীয়া কথাবোৰৰ বিষয়ে আজি জানো আহক-

- ৰাজমাহ, মটৰ, বুট আদি ৰন্ধাৰ এক ৰাতিৰ আগতে তিয়াই থ’ব। আনহাতে, দাইল ৰন্ধাৰ কমেও আধাঘণ্টাৰ আগতে তিয়াই ৰাখিব।কিয়নো এইসমূহ আগতীয়াকৈ তিয়াই ৰাখিলে ৰন্ধনত সহজ হোৱাৰ লগতে হজম কৰাতো সহজ হৈ পৰে। 

-পাচলিবোৰ সদায়েই ভালকৈ কাটিব। বাকলি গুচাই ধুই কাটি লোৱাৰ পাছত সেইখিনি পুনৰ ধুবলৈ নাপাহৰিব। 

-পাচলিবোৰ অতি সৰু আকাৰত কাটি নিদিব। পাচলি সৰুকৈ কাটি ৰন্ধাৰ ফলত তাত থকা অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থ হেৰাই যায়। যাৰ ফলত আপুনি পুষ্টি লাভৰ বাবে  খোৱা পাচলিৰ পুষ্টি শৰীৰে লাভ কৰাৰ পৰা বঞ্চিত হয়।

- খাদ্য তৈয়াৰ কৰোতে সদায়েই নিমখ শেষত দিব লাগে।বিশেষজ্ঞসকলৰ মতে, এনে কৰি আমি অত্যাধিক নিমখ খোৱাৰ পৰা বাচি থাকিব পাৰো।

- কিছুমানে ৰন্ধনৰ বাবে গ্ৰীণ টিৰ বেগও ব্যৱহাৰ কৰে।কিন্তু প্ৰকৃততে নাইলন আৰু প্লাষ্টিকৰ টি বেগবোৰ গৰম পানীলৈ যোৱাৰ লগে লগে ইয়াৰ পৰা মাইক্ৰ'প্লাষ্টিকণা মুকলি হয়। সেয়ে সেইবোৰ এবাৰ ব্যৱহাৰ হোৱাৰ পিছত ৰন্ধনত আৰু ব্যৱহাৰ নকৰিব।

-হিং হৈছে ভাৰতীয় পাকঘৰত থকা এক অতি অত্যাৱশ্যকীয় মচলা। ইয়াত থকা এণ্টিমাইক্ৰোবাইল গুণাগুণে পাকস্থলীক সংক্ৰমণ আৰু বদহজমৰ পৰা সুৰক্ষিত কৰে। সেয়েহে খাদ্য প্ৰস্তুত কৰোতে হিং ব্যৱহাৰ কৰিব।

- এলুমিনিয়াম ফইল আপোনাৰ পাকঘৰৰ পৰা দূৰ কৰিব।

-প্লাষ্টিকৰ বাতি-কাহীৰ ব্যৱহাৰো কমকৈ কৰিব।

Also Read: মিনিটতে পৰিস্কাৰ কৰক পাকঘৰত ব্যৱহৃত কাপোৰ