যীচুখ্ৰীষ্টৰ জন্মৰ কাহিনী আৰু বৰদিনৰ ইতিহাস

প্ৰতি বছৰে ২৫ ডিচেম্বৰত বৰদিন পালন কৰা হয়। খ্ৰীষ্টান ধৰ্মালম্বীসকলৰ বাবে বৰদিন এক অতি বিশেষ তথা গুৰুত্বপূৰ্ণ উৎসৱ। এই দিনটোত ঘৰটো ধুনীয়াকৈ সজাই-পৰাই বৰদিনৰ গছ ৰোপণ কৰে। ইজনে-সিজনক উপহাৰ দিয়ে, জীৱনত সুখৰ কামনা কৰে।

author-image
সংগীতা দাস
New Update
বৰদিন

ডিজিটেল ডেস্ক: প্ৰতি বছৰে ২৫ ডিচেম্বৰত বৰদিন পালন কৰা হয়। খ্ৰীষ্টান ধৰ্মালম্বীসকলৰ বাবে বৰদিন এক অতি বিশেষ তথা গুৰুত্বপূৰ্ণ উৎসৱ। এই দিনটোত ঘৰটো ধুনীয়াকৈ সজাই-পৰাই বৰদিনৰ গছ ৰোপণ কৰে। ইজনে-সিজনক উপহাৰ দিয়ে, জীৱনত সুখৰ কামনা কৰে। কিন্তু, মানুহৰ মনত এই প্ৰশ্ন প্ৰায়ে উদয় হয় যে ২৫ ডিচেম্বৰতে কিয় বৰদিন পালন কৰা হয় ?

খ্ৰীষ্টানসকলে বিশ্বাস কৰে যে, যীচুখ্ৰীষ্টৰ জন্ম ২৫ ডিচেম্বৰত হৈছিল। সেয়েহে এই পবিত্ৰ দিনটো উলহ-মালহৰে উদযাপন কৰা হয়। কিন্তু   বাইবেলত যীচুৰ জন্মৰ সঠিক তাৰিখ উল্লেখ কৰা হোৱা নাই। চতুৰ্থ শতিকাত ৰোমান সম্ৰাট কনষ্টেণ্টাইনেহে ২৫ ডিচেম্বৰক যীচু খ্ৰীষ্টৰ জন্মদিন হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দি গৈছে। ইয়াৰ পাছৰ পৰাই খ্ৰীষ্টান সমাজত ২৫ ডিচেম্বৰৰ পৰা বৰদিন উদযাপন কৰিবলৈ আৰম্ভ কৰে।

যীচুৰ জন্মৰ কাহিনী

প্ৰাচীন বিশ্বাস অনুসৰি, গেব্ৰিয়েল নামৰ এজন স্বৰ্গদূতে মৰিয়ম নামৰ এগৰাকী যুৱতীৰ ওচৰত আবিৰ্ভাৱ হৈছিল। তেওঁ সেই যুৱতীগৰাকীক ঈশ্বৰৰ পুত্ৰ জন্ম দিবলৈ কৈছিল যদিও সেই সময়ত মৰিয়ম কুমাৰী আছিল। সময় পাৰ হৈ গ’ল আৰু মৰিয়মৰ বিয়া হ’ল যোচেফ নামৰ এজন যুৱকৰ সৈতে। পিছত গেব্ৰিয়েল দূতে সপোনত মৰিয়মৰ আগত উপস্থিত হৈ ক’লে যে অতি সোনকালে তেওঁ গৰ্ভৱতী হ’ব। তাইৰ সন্তান হ’ব প্ৰভু যীচু। মেৰীয়ে তেতিয়াৰ ৰোমান সাম্ৰাজ্যৰ অংশ নাচৰতত বাস কৰিছিল।

এবাৰ যোচেফ আৰু মৰিয়মে কোনো কামৰ বাবে বৈৎলেহমলৈ গৈছিল। তাত ইমানেই মানুহ আছিল যে কোনো এখন থানা বা আশ্ৰয় শিবিৰতো অলপো ঠাই নাছিল। মৰিয়ম আৰু যোচেফে এটা গোহালিত আশ্ৰয় পালে। সেই ঠাইতে মাজনিশা যীচুৰ জন্ম হৈছিল। পাছলৈ যীচুৱে সমগ্ৰ গালীল ভ্ৰমণ কৰি প্ৰচাৰ কৰিছিল। এই যাত্ৰাৰ সময়ত যীচুক তীব্ৰ অত্যাচাৰৰ বলি হৈছিল আৰু তেওঁক ক্ৰুচত দিয়া হৈছিল। তেওঁক ক্ৰুচত দিয়াৰ সময়ত তেওঁ কৈছিল, ‘পিতৃ, এই লোকসকলক ক্ষমা কৰা, কিয়নো তেওঁলোকৰ জ্ঞানৰ অভাৱ।’