/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/5e04e98a-00a9-4fe1-a38c-fa00a8c39782/5__3_.jpg)
ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাস আৰু ব্যায়াম নকৰাৰ বাবে মেদবহুলতাই আজিকালি ভয়াৱহ ৰুপ ধাৰণ কৰিছে। ওজন বৃদ্ধি হ’লে শৰীৰটো বহুতো গুৰুতৰ ৰোগে আগুৰি ধৰে।বহুতেই ওজন হ্ৰাস কৰিবলৈ বিভিন্ন ধৰণে যত্ন কৰে যদিও পাকস্থলীত জমা হোৱা অতিৰিক্ত চৰ্বি হ্ৰাস নহয়।আচলতে, ওজন হ্ৰাস কৰাৰ বাবে স্বাস্থ্যকৰ আহাৰৰ উপৰিও খোজ কঢ়াটো খুবেই জৰুৰী। দৈনিক খোজ কাঢ়িলে ই ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।
এইটো সত্য যে, যদি আপুনি ৰাতিপুৱা খোজ কাঢ়ে তেন্তে ই আপোনাক ওজন হ্ৰাসত সহায় কৰিব।কিন্তু কিমান খোজ কাঢ়িলে আপোনাৰ ওজন হ্ৰাস হ’ব, সেই বিষয়ে জানেনে ? শেহতীয়া এক গৱেষণাৰ মতে, যদি আপুনি দৈনিক ৬.৫কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত ৬০ মিনিট খোজ কাঢ়ে, তেন্তে ওজন দ্ৰুতগতিত হ্ৰাস হ’ব।
বিশেষজ্ঞসকলৰ মতে, যদি আপুনি ১ ঘণ্টাত ১০ হাজাৰ খোজ কাঢ়িব পাৰে, ইও আপোনাক ওজন হ্ৰাসত সহায় কৰিব পাৰে। দৈনিক ১ ঘণ্টা খোজ কাঢ়ি ২ মাহৰ ভিতৰত আপোনাৰ ওজন অভাৱনীয় ভাৱে হ্ৰাস হ'ব।
Also Read: আপুনিও যদি ওজন হ্ৰাস কৰিবলৈ বিচাৰে এইকেইটা কাম কৰিব
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t113605374z-ap-logo-2025-10-29-17-06-05.png)
Follow Us