মিনিটতে পৰিস্কাৰ কৰক পাকঘৰত ব্যৱহৃত লেতেৰা কাপোৰ

অধিকাংশ মহিলাই দিনটোৰ বেছিখিনি সময় পাকঘৰ পৰিস্কাৰ কৰাতে ব্যস্ত হৈ থাকে। বিশেষকৈ পাকঘৰৰ ছেল্ফ আৰু গেছ ষ্ট’ভ চাফা কৰিবলৈ যথেষ্ট সময় লাগে। এইসমূহ চাফা কৰোতে ব্যৱহৃত কাপোৰখনো কেতিয়াবা ইমান লেতেৰা হয় যে, চাফা কৰাটো কঠিন হৈ পৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
WhatsApp Image 2026-01-06 at 3.24.55 PM

ডিজিটেল ডেস্ক: অধিকাংশ মহিলাই দিনটোৰ বেছিখিনি সময় পাকঘৰ পৰিস্কাৰ কৰাতে ব্যস্ত হৈ থাকে। বিশেষকৈ পাকঘৰৰ ছেল্ফ আৰু গেছ ষ্ট’ভ চাফা কৰিবলৈ যথেষ্ট সময় লাগে। এইসমূহ চাফা কৰোতে ব্যৱহৃত কাপোৰখনো কেতিয়াবা ইমান লেতেৰা হয় যে, চাফা কৰাটো কঠিন হৈ পৰে।পাকঘৰত ব্যৱহৃত কাপোৰখন আপুনি কিদৰে অতি সহজে চাফা কৰিব পাৰে, আজি জানো আহক- 

এইদৰে আঁতৰ কৰক কাপোৰৰ হালধীয়া দাগ

কাপোৰৰ হালধীয়া দাগ আঁতৰাবলৈ ষ্টীলৰ পাত্ৰ এটাত অলপ পানী উতলাই ল’ব। তাৰ পিছত ইয়াত দুই চাহ চামুচ ডিটাৰ্জেণ্ট পাউডাৰ মিহলি কৰিব। ইয়াৰ পিছত দাগ লগা কাপোৰখন  গৰম পানী খিনিত ডুবাই দি কমেও ৫ মিনিটৰ বাবে গেছত ৰাখিব।মন কৰিব যে, কাপোৰখন দিয়াৰ পাছত পাত্ৰটোৰ পৰা পানী বাগৰি নপৰে। ইয়াৰ পাছত পৰিস্কাৰ পানীৰে কাপোৰখন পুনৰ ঘঁহি ধুই পেলাব। দেখিব সকলো দাগ আঁতৰ হৈ গৈছে।আনহাতে, যদি পাকঘৰৰ কাপোৰখন অধিক লেতেৰা হয়, তেন্তে এনেদৰে গৰম পানীত অলপ বেছি সময় উতলাই ব্ৰাছৰে ঘঁহি ধুব।

কিদৰে চাফা কৰিব ক'লা কাপোৰখন ?

লেতেৰা হৈ ক'লা হোৱা কাপোৰখন পৰিস্কাৰ কৰিবলৈ কুহুমীয়া পানীত বেকিং ছ’ডা, ভিনেগাৰ আৰু ডিটাৰ্জেণ্ট পাউডাৰ মিহলি কৰি ল’ব। এই পানীখিনিত কমেও ৪০ মিনিটৰ বাবে কাপোৰখন তিয়াই ৰাখিব। ইয়াৰ পিছত এই পানীখিনিৰ সৈতে কাপোৰখন গেছত দি কিছু সময় উতলাব আৰু পাছত পৰিস্কাৰ পানীৰে ভালদৰে ধুই পেলাব। এনে কৰাৰ ফলত আপোনাৰ চচ ধৰা কাপোৰখন একেবাৰে চিকচিকিয়া হৈ পৰিব।

ব্লিচ পাউডাৰ 

কাপোৰ জিলিকাই তোলাৰ ক্ষেত্ৰত ব্লিচ পাউডাৰৰো ভূমিকা অন্যতম।ইয়াৰ বাবে আপুনি ব্লিচ ঠাণ্ডা পানীত দ্ৰৱীভূত কৰি লেতেৰা কাপোৰখন অলপ সময়ৰ বাবে তিয়াই ৰাখিব।ইয়াৰ পিছত কাপোৰখন পৰিস্কাৰ পানীৰে ধুই পেলাব।

প্ৰতিদিনে কাপোৰখন পৰিস্কাৰ কৰিব

পাৰিলে প্ৰতিদিনে পাকঘৰৰ কাপোৰ পৰিস্কাৰ কৰাটো ভাল। এনে কৰাৰ ফলত কাপোৰত লেতেৰা জমা হ’ব নোৱাৰে।সেয়েহে, প্ৰতিদিনে নোৱাৰিলেও দুদিনৰ পিছে-পিছে আপোনাৰ পাকঘৰত ব্যৱহৃত কাপোৰখন পৰিস্কাৰ কৰিব।

Also Read: নতুন পাকঘৰ বনাওঁতে এইসমূহ বাস্তু নিয়ম মানি চলিব