আপোনাৰ বাৰু কি ৰাশি ?

আপোনাৰ বাৰু কি ৰাশি ?

ডিজিটেল ডেস্ক: জ্যোতিষ শাস্ত্ৰ অনুসৰি, এজন ব্যক্তিৰ প্ৰকৃতি তথা গুণাগুণ তেওঁৰ নামটোৰ পৰাই জানিব পাৰি। একেদৰে, ব্যক্তিজনৰ ৰাশিচিহ্নয়েও তেওঁৰ বিষয়ে বহুখিনি আভাস দিয়ে। আজি আমি আপোনাক এনে কেইটামান ৰাশিচিহ্নৰ বিষয়ে জনাবলৈ ওলাইছো, যি ৰাশিৰ ছোৱালীবোৰ দেখাত খুব শান্ত প্ৰকৃতিৰ, কিন্তু তেওঁলোক অতি চতুৰ হয়। তেওঁলোকৰ মগজুৱে কম্পিউটাৰৰ দৰে কাম কৰে। এই ৰাশিকেইটা হৈছে-

সিংহ ৰাশি 

এই ৰাশিৰ ছোৱালীবোৰ নিৰ্ভীক। তেওঁলোকে একো হৈ-চৈ নকৰি নিজৰ কাম নিজে কৰি থাকে। এই ৰাশিৰ ছোৱালীবোৰে তেওঁলোকৰ দক্ষতা আৰু শক্তিৰে বহুলোকৰ জীৱন প্ৰভাৱিত কৰে।অৱশ্যে, এই ৰাশিৰ ছোৱালীবোৰৰ অতি সোনকালে খঙো উঠে।

মকৰ ৰাশি 

এই ৰাশিৰ ছোৱালীবোৰৰ ক্ষেত্ৰত শনিৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, মকৰ ৰাশিৰ প্ৰভু হৈছে শনি আৰু শনি কঠোৰ পৰিশ্ৰমৰ কাৰক। সেয়েহে, এই ৰাশিৰ ছোৱালীবোৰ অতি পৰিশ্ৰমী হয়, যাৰ বাবে তেওঁলোকে নিশ্চিতভাৱে জীৱনত সফলতাও লাভ কৰে। এই ৰাশিৰ ছোৱালী স্বামীৰ বাবে অতি ভাগ্যৱান বুলিও প্ৰমাণিত হয়।

মেষ ৰাশি 

এই ৰাশিৰ ছোৱালীবোৰো বহুত তীক্ষ্ণ মনৰ হয়। তেওঁলোকৰ প্ৰভুক মঙ্গল গ্ৰহ বুলি গণ্য কৰা হয়। মঙ্গল গ্ৰহ শক্তি, ভূমি, সাহস, যুদ্ধ আৰু প্ৰযুক্তিৰ সৈতে সম্পৰ্কিত। যেতিয়া মেষ ৰাশিফলত মঙ্গলগ্ৰহৰ অৱস্থান ভাল হয়, তেতিয়া এই ৰাশিৰ ছোৱালীবোৰে শান্ত হৈ থাকি তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰাত সফল হয়। 

ধনু 

এই ৰাশিৰ ছোৱালীবোৰ শিক্ষাৰ ক্ষেত্ৰত খুব আগৰণুৱা।প্ৰতিটো বিষয়তে তেওঁলোকৰ জ্ঞান থকাৰ বাবে তেওঁলোকে সেই বিষয়ে মুখ খুলি ক'বও পাৰে। তেওঁলোকৰ মগজু এক প্ৰকাৰ কম্পিউটাৰৰ দৰেই চলে। এই ছোৱালীবোৰ গণিতৰ বিশেষজ্ঞ, কিয়নো ধনু ৰাশিৰ প্ৰভু গুৰু। গুৰুক উচ্চ শিক্ষা আৰু উচ্চ পদবীৰ কাৰক হিচাপে গণ্য কৰা হৈছে। 

আপোনাৰ বাৰু কি ৰাশি ?
শনিবাৰে কি ৰাশিৰ লোকে কি ৰঙৰ কাপোৰ পিন্ধিব লাগে জানি লওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in