/asomiyapratidin/media/media_files/2026/02/18/whatsapp-2026-02-18-14-42-49.jpeg)
ডিজিটেল ডেস্ক : প্ৰতিজনবলীউডী তাৰকাৰ ফেশ্বন আৰু পৰম্পৰাৰ প্ৰতি নিজস্ব এক সুকীয়া দৃষ্টিভংগী আছে। কিন্তু এই উদ্যোগটোত এনে বহু চেলিব্ৰেটী আছে, যিসকল অবিবাহিত যদিও শিৰত সেন্দুৰ আৰু মংগলসূত্ৰ পিন্ধি নিজকে দেখিবলৈ ধুনীয়া কৰি ৰাখে। হয়, এইসকলৰ তাৰকাৰ ভিতৰত অন্যতম হৈছে-
ৰেখা
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/18/rekha-2026-02-18-14-47-25.jpg)
ব্যক্তিগত জীৱন আৰু পৰম্পৰাগত শৈলীৰ বাবে বলাউডৰ এইগৰাকী এভাৰগ্ৰীণ বিউটি প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে। বিশেষকৈ তেওঁৰ শিৰত জিলিকি থকা সেন্দুৰে সময়ে-সময়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। ঋষি কাপুৰ আৰু নীতু কাপুৰৰ বিয়াত তেওঁৰ শিৰত প্ৰথমবাৰৰ বাবে সেন্দুৰ দেখা গৈছিল।
লতা মংগেশকৰ
ভাৰতৰ নাইটিংগেল লতা মংগেশকাৰেও বিয়াৰ আগতেই শিৰত সেন্দুৰ পৰিধান কৰিছিল। প্ৰখ্যাত শিল্পী টাবাছুমে এবাৰ এক সাক্ষাৎকাৰত কৈছিল যে সংগীত হৈছে লতাৰ জীৱন। সংগীতক সকলো বুলি বিবেচনা কৰিয়েই তেওঁ সংগীতৰ নামত নিজৰ কপালত সেন্দুৰ পিন্ধিছিল।
অম্ৰপালী ডুবে
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/18/dubey-2026-02-18-14-47-11.jpg)
ভোজপুৰী ছবিজগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী অম্ৰপালী ডুবেকো প্ৰায়ে সেন্দুৰ আৰু মংগলসূত্ৰৰ সৈতে দেখা যায়। এই বিষয়ত ইতিমধ্য বহু সমালোচনাৰো সন্মুখীন হবলগীয়া হৈছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী।
তনিষা মুখাৰ্জী
অভিনেত্ৰী কাজলৰ ভগ্নী তথা অভিনেত্ৰী তনিষা মুখাৰ্জী এতিয়াও অবিবাহিত। কিন্তু প্ৰায়ে তনিষাই তেওঁৰ সামাজিক মাধ্যমত সেন্দুৰ, মংগলসূত্ৰ পিন্ধা ফটো শ্বেয়াৰ কৰে। যাৰ বাবে তেওঁ বহুসময়ত সমালোচনাৰো সন্মুখীন হ'বলগীয়া হৈছে।
পবিত্ৰ পুনিয়া
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/18/punia-2026-02-18-14-44-29.jpg)
টেলিভিছনৰ অন্যতম চৰ্চিত অভিনেত্ৰী পবিত্ৰ পুনিয়াও সেন্দুৰ পৰিধান কৰি থাকে। এই সন্দৰ্ভত তেওঁ অৱশ্যে স্পষ্টীকৰণো আগবঢ়াইছে। তেওঁৰ মতে, শিৰত সেন্দুৰ পৰিধান কৰি উপবাস পালন কৰিলে সকলো মনোকামনা পূৰণ হয়। এয়া সম্পূৰ্ণৰূপে বিশ্বাসৰ সৈতে জড়িত।
গীতা কাপুৰ
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/18/images-1-2026-02-18-14-48-27.jpg)
বলীউডৰ অন্যতম নৃত্য পৰিচালক গীতা কাপুৰ বৰ্তমানেও অবিবাহিত। কিন্তু মাজে-মাজে তেওঁৰ সেওতাতো উজলি উঠে ৰঙা সেন্দুৰ। অৱশ্যে এক সাক্ষাৎকাৰত তেওঁ প্ৰকাশ কৰে যে শিৱ পূজাৰ লগত জড়িত হোৱাৰ পিছত প্ৰতি সোমবাৰে পূজাৰ পিছত শিৰত সিন্দুৰ পিন্ধে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us