এইসকল লোক সাৱধান হওঁক, অন্যথা গাজৰ খাই বিপদত পৰিব

গাজৰক সাধাৰণতে পুষ্টিসমৃদ্ধ পাচলি বুলি গণ্য কৰা হয়। গাজৰৰ উপকাৰিতা অনেক। গাজৰ খালে দৃষ্টিশক্তি উন্নত, ছাল উজ্জ্বল হোৱাৰ লগতে শৰীৰত এণ্টিঅক্সিডেণ্টৰ অভাৱ পূৰণ হয়।

author-image
Asomiya Pratidin
New Update
33

ডিজিটেল ডেস্ক: গাজৰক সাধাৰণতে পুষ্টি সমৃদ্ধ পাচলি বুলি গণ্য কৰা হয়। গাজৰৰ উপকাৰিতা অনেক। গাজৰ খালে দৃষ্টিশক্তি উন্নত, ছাল উজ্জ্বল হোৱাৰ লগতে শৰীৰত এণ্টিঅক্সিডেণ্টৰ অভাৱ পূৰণ হয়। কিন্তু আপুনি জানি আচৰিত হ'ব যে গাজৰ সকলোৰে বাবে লাভজনক নহয়। কোনসকল লোকৰ বাবে গাজৰ অপকাৰী, আজি জানো আহক-

Advertisment

ডায়েবেটিচ ৰোগী

গাজৰত কাৰ্বহাইড্ৰেট আৰু শৰ্কৰা থাকে, যিয়ে ৰক্ত শৰ্কৰাৰ স্তৰ প্ৰভাৱিত কৰিব পাৰে। গাজৰৰ গ্লাইচেমিক সূচক কম যদিও বেছিকৈ খালে ডায়েবেটিচ ৰোগীৰ বাবে ক্ষতিকাৰক হৈ পৰে। ই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত ইয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। সেয়েহে, ডায়েবেটিচ ৰোগীসকলে নিয়ন্ত্ৰিত পৰিমাণত গাজৰ গ্ৰহণ কৰিব লাগে। আচলতে, তেওঁলোকে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছতহে গাজৰ খাব লাগে।

থাইৰইড ৰোগী

গাজৰত 'গইট্ৰোজেন' নামৰ উপাদান থাকে, যি থাইৰইড গ্ৰন্থিৰ কাৰ্য প্ৰভাৱিত কৰে। এই উপাদানটোৱে আয়'ডিন শোষণত বাধা দিয়ে, যাৰ ফলত থাইৰইড গ্ৰন্থিত প্ৰদাহ আৰু কাৰ্যত সমস্যা হ'ব পাৰে। হাইপোথাইৰয়ডিজম বা অন্যান্য থাইৰইডৰ সমস্যাত ভুগি থকা লোকসকলে গাজৰ গ্ৰহণ সীমিত কৰিব লাগে। অৱশ্যে, যদি থাইৰইডৰ চিকিৎসা চলি আছে, চিকিৎসকৰ পৰামৰ্শ লৈ গাজৰ খাব পাৰে।

পেটৰ সমস্যা

পেটৰ সমস্যাত ভুগি থকা লোকসকলেও গাজৰ খাওঁতে সতৰ্ক হ'ব লাগে। গাজৰক পেটৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি বিবেচনা কৰা হয়। কিয়নো ইয়াত ভাল পৰিমাণৰ আঁহ থাকে। কিন্তু, যদি এজন ব্যক্তিৰ পেট সম্পৰ্কীয় সমস্যা যেনে, কোষ্ঠকাঠিন্য, গেছ বা এচিডিটি থাকে, গাজৰ অত্যাধিক গ্ৰহণে তেওঁলোকৰ সমস্যা বৃদ্ধি কৰিব পাৰে। গাজৰ অত্যাধিক খোৱাৰ ফলত পেট ফুলা, গেছ আৰু বদহজমৰ দৰে সমস্যা হয়। সেয়েহে, পেটৰ সমস্যাৰ সৈতে যুঁজি থকা ব্যক্তিসকলে গাজৰ খোৱা পৰিহাৰ কৰিব লাগে অথবা সীমিত পৰিমাণত খাব লাগে।

বৃক্কৰ ৰোগী

গাজৰত যথেষ্ট পৰিমাণৰ পটাছিয়াম থাকে, যিয়ে শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। অৱশ্যে, বৃক্কৰ ৰোগীসকলৰ বাবে ই এক সমস্যা হ'ব পাৰে। যেতিয়া বৃক্কয়ে সঠিকভাৱে কাম নকৰে, শৰীৰত পটাছিয়ামৰ স্তৰ বৃদ্ধি হয়। যাৰ ফলত স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। সেইবাবে বৃক্ক ৰোগীসকলে নিয়ন্ত্ৰিত পৰিমাণত আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি গাজৰ খাব লাগে।

গৰ্ভৱতী মহিলা

গাজৰ গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী যদিও অত্যাধিক খালে কিছুমান সমস্যা হ'ব পাৰে। গাজৰত উচ্চ পৰিমাণৰ ভিটামিন এ থাকে। অত্যাধিক ভিটামিন এ গ্ৰহণে ভ্ৰূণৰ বিকাশ প্ৰভাৱিত কৰিব পাৰে আৰু গৰ্ভৱতী মহিলাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে, গৰ্ভৱতী মহিলাসকলে তেওঁলোকৰ গাজৰ গ্ৰহণ সীমিত কৰিব লাগে আৰু এই সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।

Also Read: আজিয়েই আপোনাৰ শিশুটিৰ বাবে আনক এই দুবিধ খাদ্য সামগ্ৰী