সাৱধান হওঁক, আইচক্ৰীম খাই গুৰুতৰভাৱে অসুস্থ শিশু

প্ৰিয় আইচক্ৰীমটো খায়েই এতিয়া হাস্পতালৰ বিচনাত মৃত্যুৰে যুঁজি আছে এটি সাত বছৰীয়া শিশুয়ে। ভালপোৱা আইচক্ৰীমটো পুত্ৰৰ বাবে কিনি অনাৰ পাছত হয়তো পিতৃয়ে কল্পনাও কৰিব পৰা নাছিল আইচক্ৰীমটোয়েই তেওঁলোকৰ জীৱনলৈ অমানিশা নমাই আনিব।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
htgjyfhk

ডিজিটেল ডেস্ক: প্ৰিয় আইচক্ৰীমটো খায়েই এতিয়া হাস্পতালৰ বিচনাত মৃত্যুৰে যুঁজি আছে এটি সাত বছৰীয়া শিশুয়ে। ভালপোৱা আইচক্ৰীমটো পুত্ৰৰ বাবে কিনি অনাৰ পাছত হয়তো পিতৃয়ে কল্পনাও কৰিব পৰা নাছিল আইচক্ৰীমটোয়েই তেওঁলোকৰ জীৱনলৈ অমানিশা নমাই আনিব।

Advertisment

হয়, এই আইচক্ৰীমটোত আছিল এটা মৰা জেঠী। আইচক্ৰীমটো খাই থাকোতে শিশুটোয়ে মুখত অস্বাভাৱিক অনুভৱ কৰাত দেখে যে আইচক্ৰীমটোত এটা মৰা জেঠী আছে। লগে লগে এই বিষয়ে পিতৃ-মাতৃক জনোৱাত পিতৃয়ে ততাতৈয়াকৈ শিশুটোক চিকিসালয়লৈ লৈ যোৱা হয়। আনহাতে, পিতৃ আইচক্ৰীম বিক্ৰেতাজনৰ ওচৰলৈ গৈ আইচক্ৰীম বিক্ৰী বন্ধ কৰিবলৈ কয় যদিও বিক্ৰেতাজনে আওকাণ কৰি নিজৰ কাম অব্যাহত ৰাখে। যাৰ ফলত অঞ্চলটোৰ ৰাইজ ক্ষুব্ধ হৈ পৰে। ক্ষুদ্ধ ৰাইজে আইচক্ৰীম বিক্ৰেতাজনক থানালৈ লৈ যায় আৰু তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে।

ইফালে, আইচক্ৰীম বিক্ৰেতাজনে নিজৰ পক্ষ ৰক্ষা কৰি কয় যে তেওঁ কেৱল সেই বিশেষ কোম্পানীটোৰ পৰা পেকেজ কৰি অহা সামগ্ৰীহে বিক্ৰী কৰে। সেয়েহে দোষ তেওঁৰ নহয়, উৎপাদন কোম্পানীটোহে ইয়াৰ বাবে দায়ী।

এই ঘটনাটো পঞ্জাৱৰ লুধিয়ানাৰ। গৰমত সকলোৰে প্ৰিয় আইচক্ৰীম কাৰখানাসমূহৰ গুণগত মান আৰু পৰিদৰ্শন প্ৰক্ৰিয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। প্ৰতিক্ৰিয়া হৈছে চৌদিশে। সচেতন মহলৰ মতে, খাদ্য সামগ্ৰী প্ৰস্তুত কৰা সকলো কাৰখানা নিয়মিতভাৱে পৰিদৰ্শন কৰিব লাগে যাতে এই ধৰণৰ ঘটনাবোৰ সংঘটিত নহয়।

কিছু সুস্থ হৈ উঠিছে শিশুটো

স্বাস্থ্য বিশেষজ্ঞৰ মতে, আইচক্ৰীম খাই অসুস্থ হৈ পৰা শিশুটো সম্পূৰ্ণৰূপে সুস্থ নহয় যদিও কিছু উন্নত হৈছে স্বাস্থ্য। ইফালে, স্বাস্থ্য বিভাগটোয়ে এই ঘটনাক গুৰুত্বসহকাৰে লৈ তদন্তৰ নিৰ্দেশ দিছে।

Also Read: অঘৰী কুকুৰে কাঢ়িলে চাৰি বছৰীয়া শিশুৰ প্ৰাণ