'ৰাজ'ক পাবলৈ 'ৰাজা'ক মাৰিবই লাগিবঃ বিয়াৰ গহণা বিক্ৰী কৰি চুপাৰি কিলাৰক ধন দিয়াৰ পৰিকল্পনা আছিল সোনমৰ...

স্বামীক নিজে হত্যা কৰি উক্ত ঘটনাক ডকাইটিৰ ৰূপ দিবলৈ চেষ্টা চলাই উত্তৰ-পূবক বদনাম কৰিবলৈ চেষ্টা কৰা সোনমৰ ন ন তথ্য শেহতীয়াকৈ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। শ্বিলঙলৈ আহোতেই সোনমে

New Update
20lakhjsss

ডিজিটেল ডেস্কঃ স্বামীক নিজে হত্যা কৰি উক্ত ঘটনাক ডকাইটিৰ ৰূপ দিবলৈ চেষ্টা চলাই উত্তৰ-পূবক বদনাম কৰিবলৈ চেষ্টা কৰা সোনমৰ ন ন তথ্য শেহতীয়াকৈ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। শ্বিলঙলৈ আহোতেই সোনমে স্বামী ঘৰৰ পৰা দিয়া প্ৰায় ১৪লাখ টকাৰ গহণা লগত লৈ আহিছিল। শ্বিলঙত স্বামীক হত্যা কৰিয়েই পোনে পোনে পৰকীয়া প্ৰেমিকৰ সৈতে নেপাললৈ পলাই যোৱাৰ পৰিকল্পনা কৰা হৈছিল।

Advertisment

স্বামীক হত্যা কৰিবলৈ পৰকীয়া প্ৰেমিকৰ সৈতে মিলি চুপাৰি কিলাৰৰ লগত কথা পাতিছিল সোনমে। প্ৰায় ২০লাখ টকাত স্বামীৰ মৃত্যুৰ চুপাৰি দিয়া হৈছিল ৩জনীয়া দলটোক। পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহাৰ সৈতে ৩গৰাকী প্ৰেমিক আহি শ্বিলঙত থিতাপি লৈছিল। ৰাজা আৰু সোনম যত আছিল, তাৰ পৰা প্ৰায় ১কিলোমিটাৰ নিলগত থকা এখন হোটেলতে আছিল সেই দলটো। প্ৰেমিক ৰাজ কুশৱাহালৈ লোকশ্যন শ্বেয়াৰ কৰি আছিল সোনমে।

আৰক্ষীৰ আগত ৰাজে দিয়া ভাষ্য অনুসৰি, প্ৰথম কথা পাতোতেই ১৫হাজাৰ টকা প্ৰদান কৰা হৈছিল দলটোক। তাৰ পিছতে শ্বিলঙলৈ অহা সময়ত প্ৰায় ডেৰ লাখ টকা প্ৰদান কৰা হৈছিল। বাকী সকলো টকা কাম হৈ যোৱা পাছত দিয়াৰ প্ৰতিশ্ৰুতি দিছিল সোনমে। মৃত ৰাজাৰ মাতৃয়ে সদৰি কৰিছে যে, শ্বিলঙলৈ যোৱাৰ আগত ৰাজাক সোনমে সোণৰ চেইন ডাল পিন্ধি লবলৈ বাৰে বাৰে কৈছিল।

এতিয়া সমগ্ৰ ঘটনা লাহে লাহে পোহৰলৈ আহিছে। সোনমক লৈ ঘটনাস্থলীত তদন্ত কৰাৰ পাছত আৰু অধিক তথ্য হয়তো পোহৰলৈ আহিব। বৰ্তমান বিহাৰৰ ফুলৱাৰী থানাত আছে সোনম। বিয়লি ৩.৫৫বজাত পাবহি কলকাতা বিমান বন্দৰ।  নিশা ৯.০০বজাত পাবহি গুৱাহাটী বিমান বন্দৰ। থানাত কোনো খাদ্য আনকি পানীও খোৱা নাই সোনমে।  ১১জুনত ঘটনাস্থলীত সোনমক লৈ তদন্ত কৰিব মেঘালয় আৰক্ষীয়ে। 

শ্বিলং