/asomiyapratidin/media/media_files/2025/05/03/CydH71uEauYHmPv8T8iH.jpg)
আম
ডিজিটেল ডেস্কঃ গ্ৰীষ্মকাল অহাৰ লগে লগে বজাৰত ৰঙীন আৰু ৰসাল আম উভৈনদী হৈ পৰে। আমবোৰ দেখাত যিমানেই ধুনীয়া, সিমানেই সোৱাদযুক্ত। ইয়াত ভিটামিন এ, চি, আঁহ আৰু এন্টিঅক্সিডেন্ট পোৱা যায়, যি শৰীৰৰ বাবে উপকাৰী। কিন্তু আপুনি জানি হয়তো আচৰিত হ'ব যে, আম স্বাস্থ্যসন্মত হ'লেও সকলোৰে বাবে উপকাৰী নহয়। কিছুমান স্বাস্থ্যজনিত সমস্যাত ভুগি থকা লোকসকলে আম খোৱাৰ পৰা বিৰত থাকিব লাগে। কোন লোকৰ বাবে আম উপকাৰী নহয়, জানো আহক-
যাৰ আছে পাচনতন্ত্ৰৰ সমস্যা
আমত যথেষ্ট পৰিমাণে প্ৰাকৃতিক চেনি থাকে। যাৰ ফলত পেটত গেছ, পেট ফুলা, ডায়েৰীয়া আৰু বদহজম আদি সমস্যা হ’ব পাৰে। বিশেষকৈ যিসকল লোকৰ ইৰিটেবল বাৱেল চিণ্ড্ৰম (IBS), এচিডিটি বা পেটৰ বিষ আছে তেওঁলোকে খুব কম পৰিমাণে বা চিকিৎসকৰ পৰামৰ্শ অনুসৰি আম খাব লাগে। অতিমাত্ৰা পকা আমৰ পেটত প্ৰভাৱ গৰম হয়, যাৰ বাবে অন্ত্ৰত বিষ হ’ব পাৰে।
ডায়েবেটিছ ৰোগী
আমৰ গ্লাইচেমিক সূচকাংক অলপ বেছি। অৰ্থাৎ আম খালে তেজত চেনিৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়, যিটো টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে বিপদজনক হ’ব পাৰে। ডায়েবেটিছ ৰোগীসকলে অতি সীমিত পৰিমাণতহে আম খাব লাগে। এনে ৰোগীয়ে আমৰ ৰস ভুলতো খাব নালাগে। কিয়নো ইয়াত আঁহ নাথাকে। খালে গোটা আম খাব, ইয়াত আঁহ থাকে।
এলাৰ্জীৰ সমস্যা থকাসকল
কিছুমানৰ আম খোৱাৰ ফলত এলাৰ্জী হয়। সাধাৰণতে আমৰ খোলা বা গুটিৰ ওচৰত থকা ৰাসায়নিক পদাৰ্থৰ বাবে এই বিক্ৰিয়া হয়।মুখৰ চাৰিওফালে জ্বলা-পোৰা বা খজুৱতি, ওঁঠ ফুলা, ডিঙিৰ বিষ, ছালৰ ফোহা, উশাহ-নিশাহ লোৱাত অসুবিধা আদি হৈছে এনে এলাৰ্জীৰ লক্ষণ। যদি আপুনি আগতে কেতিয়াবা এনে অভিজ্ঞতা লাভ কৰিছে, তেন্তে আম নাখাব।
বৃক্ক ৰোগী
আমত পটাছিয়ামৰ পৰিমাণ বেছি, যিটো সাধাৰণতে উপকাৰী। কিন্তু যিসকল লোকৰ ক্ৰনিক কিডনী ডিজিজ (CKD) বা কিডনী বিকলতা আছে, তেওঁলোকে পটাছিয়ামৰ পৰিমাণ সীমিত কৰিব লাগিব। বেছিকৈ আম খালে তেজত পটাছিয়ামৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত হৃদস্পন্দন বৃদ্ধি পাব পাৰে। গতিকে, বৃক্ক ৰোগীয়ে আম খোৱাৰ আগতে তেওঁলোকৰ খাদ্য বিশেষজ্ঞ বা নেফ্ৰ’লজিষ্টৰ পৰামৰ্শ লোৱাটো খুব দৰকাৰী।
ছালৰ সমস্যা থকাসকল
আমৰ এবিধ গৰম ফল। বেছিকৈ আম খালে মুখত শালমইনা, ফোঁহা বা ছালৰ এলাৰ্জীৰ সমস্যা বৃদ্ধি পাব পাৰে। যিসকলৰ হৰম’নৰ ব্ৰণ আছে, যাৰ ছাল তেলেতীয়া, তেওঁলোকে আম খুব কম পৰিমাণে বা মাজে মাজেহে খাব লাগে।
Also Read: বয়স ৩০ বছৰ হ'লেই মহিলাসকল সাৱধান হ'ব