/asomiyapratidin/media/media_files/2025/06/06/9Jdvnqo19I6tG1TrNv4k.jpg)
ডিজিটেল ডেস্ক: এক অতি শোকাৱহ ঘটনা ! কুকুৰে কামুৰি ছিঙি পেলালে এটা শিশুৰ দেহ। আয়ুস নামৰ এই শিশুটোৰ বয়স মাত্ৰ চাৰি বছৰ। আয়ুসে বন্ধুৰ সৈতে খেলি থকা অৱস্থাতে এই ঘটনাটো সংঘটিত হয়।
প্ৰকৃততে, বৃহস্পতিবাৰে আয়ুসে ঘৰৰ বাহিৰত কেইজনমান বন্ধুৰ সৈতে খেলি আছিল। সেইসময়তে কেইটামান অঘৰী কুকুৰ সেই ঠাইলৈ আহি শিশুকেইটাক ভুকিবলৈ ধৰে। বাকী কেইটা শিশু ইফালে-সিফালে দৌৰি যায় যদিও আয়ুসক কুকুৰকেইটাই ঘেৰি ধৰে। পাছত শিশুটোৰ গোটেই দেহটো কুকুৰকেইটাই কামুৰি কামুৰি ছিঙি পেলায়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আয়ুসক ততাতৈয়াকৈ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে শিশুটোক মৃত ঘোষণা কৰে।
এই শোকাৱহ ঘটনাটো মধ্যপ্ৰদেশৰ মন্দসৌৰ জিলাত সংঘটিত হৈছে। আয়ুসৰ ঘৰ জিলা সদৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত্বত থকা সুৱাসৰা-ৰুনিজা ৰোডত। এই ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া শোকস্তব্ধ হৈছে সমগ্ৰ দেশবাসী।
উল্লেখ্য যে, এই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে জিলা উপায়ুক্ত অদিতি গাৰ্গে। উপায়ুক্তগৰাকীয়ে ভুক্তভোগী পৰিয়াললৈ আৰ্থিক সাহায্যৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিছে। আনহাতে, অঞ্চলটোত অঘৰী কুকুৰক টিকাকৰণ আৰু বীজাণুমুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব বুলিও উপায়ুক্তজনে স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি দিছে।