কেতিয়াৰ পৰা আৰম্ভ হ'ব শাওন মাহ, এইবাৰ কিয় বিশেষ এই মাহ জানেনে ?

হিন্দু পঞ্জিকাত শাওন মাহৰ গুৰুত্ব অতি বিশেষ। এই মাহটোয়ে ভগৱান শিৱৰ ভক্তসকলৰ বাবে গভীৰ আধ্যাত্মিক তাৎপৰ্য বহন কৰে। বিশ্বাস কৰা হয় যে এই গোটেই মাহটোত নীতি-নিয়মৰ মাজেৰে ভোলেনাথক পূজা-অৰ্চনা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
শাওন মাহ

ডিজিটেল ডেস্ক: হিন্দু পঞ্জিকাত শাওন মাহৰ গুৰুত্ব অতি বিশেষ। এই মাহটোয়ে ভগৱান শিৱৰ ভক্তসকলৰ বাবে গভীৰ আধ্যাত্মিক তাৎপৰ্য বহন কৰে। বিশ্বাস কৰা হয় যে এই গোটেই মাহটোত নীতি-নিয়মৰ মাজেৰে মহাদেৱক পূজা-অৰ্চনা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়। বিশেষকৈ, সোমবাৰে ব্ৰতত থকাটো অতি শুভ। ২০২৫ চনত কেতিয়া আৰম্ভ হ’ব শাওন মাহ, ইয়াৰ ধৰ্মীয় তাৎপৰ্য কি, জানো আহক- 

Advertisment

কেতিয়াৰ পৰা আৰম্ভ হ'ব শাওন, কিয় এইবাৰ বিশেষ এই মাহ ?

এইবাৰ ১১ জুলাইৰ পৰা শাওন মাহ আৰম্ভ হৈ ৯ আগষ্টত অন্ত পৰিব। ৩০ দিনীয়া এই পবিত্ৰ মাহত সোমবাৰৰ উপবাস, জলাভিষেক আৰু শিৱ সাধনৰ বিশেষ গুৰুত্ব থাকিব। হিন্দু পঞ্জিকা অনুসৰি, শাওন মাহ হৈছে ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত। এই সময়ছোৱাত ভোলেনাথক পূজা কৰি মনৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব পাৰি। বিশেষকৈ বিবাহত পলম, সন্তানৰ সুখ, কেৰিয়াৰ আৰু মানসিক শান্তি আদি কামৰ বাবে মানুহে উপবাস কৰে আৰু পূজা কৰে।

এইবাৰ শাওন মাহত থাকিব চাৰিটা সোমবাৰ

প্ৰথম সোমবাৰ - ১৪ জুলাই

দ্বিতীয় সোমবাৰ - ২১ জুলাই

তৃতীয় সোমবাৰ - ২৮ জুলাই

চতুৰ্থ সোমবাৰ- ০৪ আগষ্ট

শাওনৰ পূজা বিধি: কি আগবঢ়াব মহাদেৱক ?

এই বিশেষ মাহটোত ভগৱান শিৱক পানী, গাখীৰ, বেলপাত, ভাং, ধতুৰা আৰু নিলাজী বন অৰ্পণ কৰি পূজা কৰিব লাগে। ভক্তসকলে ৰাতিপুৱা সোনকালে উঠি গা ধুই শিৱলিংগত জলাভিষেক কৰিব। শাওন মাহত পৱিত্ৰ মনৰে শিৱক আৰাধনা কৰি যুৱতীসকলে মনপছন্দৰ স্বামী আৰু মহিলাসকলে সুখী বৈবাহিক জীৱনৰ কামনা কৰে।

শাওন আৰু পৌৰাণিক বিশ্বাস

শাওন মাহক ভগৱান শিৱৰ অতি প্ৰিয় বুলি গণ্য কৰা হয়। শিৱক স্বামী হিচাপে পাবলৈ মাতৃ পাৰ্বতীয়ে শাওন মাহতে কঠোৰ তপস্যা কৰিছিল বুলি পৌৰাণিক বিশ্বাস আছে। এই তপস্যাত সন্তুষ্ট হৈ শিৱই তেওঁক পত্নী হিচাপে গ্ৰহণ কৰিছিল। এই কাৰণেই বিবাহৰ কামনাৰ বাবে শাওন মাহ শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।

আন এক বিশ্বাস অনুসৰি,  ভগৱান শিৱ শাওন মাহতে প্ৰথমবাৰৰ বাবে পৃথিৱীলৈ আহিছিল। সেয়েহে এই মাহটোত তেওঁক জলাভিষেক কৰি আদৰণি জনোৱা হয়। এই মাহটোৰ ভিতৰত শিৱলিংগত পানী, বেলপাত্ৰ, ধতুৰা, ভাং, গংগাজল অৰ্পণ কৰাটো শুভ।

বি.দ্ৰ: এই লেখাত কেৱল ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ ভিত্তিত তথ্যসমূহ উল্লেখ কৰা হৈছে।