নতুন জিন’ম সম্পাদিত ধানৰ দুটাকৈ প্ৰজাতি মুকলি কৰিলে কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে

এই দুয়োটা জাতেই খেতিৰ ক্ষেত্ৰত বিপ্লৱ কঢ়িয়াই আনিব পাৰে। এইবোৰে উৎপাদন বৃদ্ধি কৰিব, খেতিডৰাত কম পানীৰ প্ৰয়োজন কম হ’ব ফলত খৰচো কমি যাব। তদুপৰি এই প্ৰজাতিবোৰে পৰিৱৰ্তিত বতৰতো ভাল উৎপাদন দিব।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
sdfdf

ডিজিটেল ডেস্কঃ  কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দেওবাৰে ৰাজধানী দিল্লীত জিন’ম সম্পাদিত দুটা নতুন ধানৰ প্ৰজাতি মুকলি কৰে। প্ৰজাতিসমূহৰ নাম ক্ৰমে, ডি আৰ আৰ ৰাইচ ১০০ (কমলা) আৰু পুছা ডি এছ টি ৰাইচ ১।

Advertisment

উল্লেখ্য যে, জিনম সম্পাদনা প্ৰযুক্তি হৈছে এই ধানৰ জাতসমূহ CRISPR-CAS নামৰ প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে। ইয়াত উদ্ভিদৰ জিনত অতি সূক্ষ্ম পৰিৱৰ্তন ঘটে যদিও কোনো বাহ্যিক (বিদেশী) জিন সোমোৱাই দিয়া নহয়। এই প্ৰযুক্তি নিৰাপদ বুলি গণ্য কৰা হৈছে।

এই প্ৰজাতি কেইটা ভাৰতীয় কৃষি গৱেষণা পৰিষদে (আই চি আৰ) প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে, এই দুয়োটা জাতেই খেতিৰ ক্ষেত্ৰত বিপ্লৱ কঢ়িয়াই আনিব পাৰে। এইবোৰে উৎপাদন বৃদ্ধি কৰিব, খেতিডৰাত কম পানীৰ প্ৰয়োজন কম হ’ব ফলত খৰচো কমি যাব। তদুপৰি এই প্ৰজাতিবোৰে পৰিৱৰ্তিত বতৰতো ভাল উৎপাদন দিব।

মন্ত্ৰী চৌহানেলগতে কয় যে, চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে ৬ পইণ্টৰ ওপৰত কাম কৰি আছে। যাৰ ভিতৰত উৎপাদন বৃদ্ধি, উৎপাদন ব্যয় হ্ৰাস, শস্যৰ সঠিক মূল্য পোৱা, লোকচানৰ ক্ষতিপূৰণ, খেতিৰ বৈচিত্ৰ্যতা আৰু প্ৰাকৃতিক কৃষিৰ দিশত আগবাঢ়ি যোৱা আদি অন্তৰ্ভুক্ত।

তেওঁ আৰু কয়, আজি মুকলি কৰা ধানৰ নতুন জাত দুটাই উৎপাদন ব্যয় হ্ৰাস আৰু উৎপাদন বৃদ্ধিত সহায় কৰিব। ইয়াৰ দ্বাৰা কেৱল কৃষকসকলে উপকৃত হোৱাই নহয়, সাধাৰণ জনতাই সস্তীয়া আৰু পুষ্টিকৰ শস্যও লাভ কৰিব।

শিৱৰাজ সিং চৌহান