/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b01f3fe7-1dbd-4bcf-86db-4206ba144048/WhatsApp Image 2024-07-27 at 6.58.56 PM.jpeg)
ডিজিটেল ডেস্ক: আৰম্ভ হ'ল শাওন মাহ। হিন্দু ধৰ্মালম্বী লোকৰ বিশ্বাস মতে, এই মাহটো ভগৱান শিৱৰ মাহ।সকলো ভক্তই আশীৰ্বাদ বিচাৰি এই মাহটোত বিশেষ ভাৱে মহাদেৱৰ উপাসনা কৰে।চলিত শাওন মাহৰ প্ৰথমটো সোমবাৰে উপাসনা কৰি মহাদেৱক সন্তুষ্ট কৰাৰ বাবে এগৰাকী ব্যক্তিয়ে শৰীৰৰ তেজৰে শিৱলিংগৰ অভিষেক কৰিছে।
আচৰিত যেন লাগিলেও এয়া একেবাৰে সত্য।এই ঘটনাটো মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ শ্ৰী মহাকালেশ্বৰ মন্দিৰত সংঘটিত হৈছে।এই মন্দিৰত ধৰ্মীয় ৰীতি-নীতিৰে খুব উৎসাহ আৰু আনন্দেৰে শাওন মাহটো উদযাপন কৰা হয়। বহু দূৰ-দূৰণিৰ ভক্তই মাহদেৱৰ দৰ্শন লাভ কৰিবলৈ এই মন্দিৰলৈ আহে।কিন্তু এইবাৰ এই মন্দিৰলৈ অহা এজন ভক্তই বিশেষ ধৰণে কৰিলে মহাদেৱৰ উপাসনা। হয়, উজ্জয়িনীৰ ধনচা ভৱন অঞ্চলত বাস কৰা ৰৌনক গুৰ্জাৰ নামৰ লোকজনে উৰুৰ কিছু অংশ কাটি তাৰ তেজৰে মহাদেৱৰ অভিষেক কৰে। এই দৃশ্য দেখি স্বাভাৱিকভাৱেই পণ্ডিত আৰু তাত উপস্থিত থকা লোকসকল আচৰিত হৈছিল। ভক্তজনে প্ৰকাশ কৰা মতে, তেওঁ দীৰ্ঘদিন ধৰি ৰামায়ণ পঢ়ি আছিল আৰু তেওঁ ভগৱান শ্ৰীৰামৰ দ্বাৰা প্ৰভাৱিত হৈ শাওন মাহত ভগৱান শিৱক ৰক্তঅভিষেক কৰাৰ সিদ্ধান্ত লৈছিল।
এই সমগ্ৰ ঘটনাটো ক্ষন্তেকতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সন্দৰ্ভত মহাকাল মন্দিৰৰ পুৰোহিতসকলে কয় যে বৈদিক পৰম্পৰা অনুসৰি ভগৱান শিৱক সাতবিক বস্তু (গাখীৰ, দৈ, ঘিউ) ৰে অভিষিক্ত কৰা হয়। তেজৰে অভিষিক্ত কৰাটো সম্পূৰ্ণ ভুল।