অৱশেষত আহিল মাহেন্দ্ৰ ক্ষণঃ তিনি সতীৰ্থৰ সৈতে মহাকাশলৈ উৰা মাৰিলে শুভাংশু শুক্লা

অৱশেষত আহিল সেই মাহেন্দ্ৰ ক্ষণ। বহু অপেক্ষাৰ অন্তত স্পেছএক্সৰ ড্ৰেগণ কেপচুলে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাকে ধৰি চাৰিজন মহাকাশচাৰীক লৈ উৰা মাৰিলে মহাকাশ অভিমুখে। 

author-image
Asomiya Pratidin
New Update
অৱশেষত আহিল মাহেন্দ্ৰ ক্ষণঃ তিনি সতীৰ্থৰ সৈতে মহাকাশলৈ উৰা মাৰিলে শুভাংশু শুক্লা

ডিজিটেল ডেস্কঃ অৱশেষত আহিল সেই মাহেন্দ্ৰ ক্ষণ। বহু অপেক্ষাৰ অন্তত স্পেছএক্সৰ ড্ৰেগণ কেপচুলে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাকে ধৰি চাৰিজন মহাকাশচাৰীক লৈ উৰা মাৰিলে মহাকাশ অভিমুখে। 

Advertisment

বুধবাৰে ভাৰতৰ সময় অনুসৰি বুধবাৰে ১২:০১ বজাত আমেৰিকাৰ ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ফেলকন ৯ ৰকেটৰ সফল উৎক্ষেপণ হৈছে। ইয়াৰ লগে লগে শুভাংশু শুক্লা হৈ পৰিছে ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী।

উল্লেখ্য যে, শুভাংশুৰ মিছনৰ নাম হৈছে ‘এক্সিয়াম-৪’। প্ৰথম অৱস্থাত এই অভিযান যোৱা ২৯ মে’ত নাছা আৰু ইছৰোৰ যৌথ পদক্ষেপত আৰম্ভ হোৱাৰ কথা আছিল যদিও প্ৰতিকুল বতৰ আৰু কাৰিকৰী ত্ৰুটিকে ধৰি বিভিন্ন কাৰণত এই অভিযান বাৰে বাৰে পিছুৱাই দিয়া হৈছিল। 

অৱশেষত মঙলবাৰে নাছাই ঘোষণা কৰে যে বুধবাৰে এই অভিযান আৰম্ভ হ’ব। সেই মতেই আজি চাৰিওজন মহাকাশচাৰীক লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ উৰা মাৰে মহাকাশযানখন।

নিৰ্ধাৰিত সময়তে কেনেডি মহাকাশ কেন্দ্ৰৰ ৩৯ ‘এ’ লঞ্চ কমপ্লেক্সত মহাকাশযানখনত উঠে চাৰিও মহাকাশচাৰী। তাৰ পিছত ঠিক ১২:০১ বজাত উৎক্ষেপণ হয় ‘ফেলকন-৯’ৰকেট।

স্মৰ্তব্য, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পুত্ৰ শুভাংশু ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন। তেওঁ মহাকাশলৈ যোৱা ‘ড্ৰেগন’ৰ পাইলট। অৱশ্যে এই অভিযানৰ নেতৃত্বত আছে নাছাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেছৰ মানৱ মহাকাশ উৰণ পৰিচালক ৰেগী হুইটছন। 

ইয়াৰ উপৰিও পোলেণ্ডৰ স্লাৱনস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিবৰ কাপুও আছে এই দলটোত। মন কৰিবলগীয়া যে ১৪ দিনীয়া এই অভিযানৰ বাবে চাৰিও মহাকাশচাৰীয়ে দীঘলীয়া প্ৰশিক্ষণৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। 

মহাকাশলৈ যাত্ৰাৰ পূৰ্বে যাতে তেওঁলোক কোনো ধৰণৰ সংক্ৰামক ৰোগত আক্ৰান্ত নহয় তাৰ বাবে চাৰিওজনে যোৱা এমাহ কোৱাৰেণ্টাইনত থাকিব লগা হৈছিল। তেওঁলোক অহা ১৪ দিন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকিব। তাত কমেও ৬০টা পৰীক্ষা কৰিব।

 

ইছৰো মহাকাশ নাছা