/asomiyapratidin/media/media_files/2025/05/09/Rq7FyytIdchc1lVcKDlm.jpg)
ডিজিটেল ডেস্ক: সুখবৰ! ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে ‘ইণ্ডিয়ান আইডল ১২’ বিজয়ী কণ্ঠশিল্পী পৱনদীপ ৰাজন। হয়, শিল্পীজনৰ ছ'চিয়েল মেডিয়া একাউণ্টৰ পৰা অহা এক খবৰে এতিয়া অজস্ৰ অনুৰাগীৰ মুখত হাঁহি বিৰিঙাইছে। যোৱা ৫ মে’ত ভয়াৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা পৱনদীপ ৰাজনৰ ৮ মাৰ্চত তিনিটা গুৰুতৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। তেওঁ এতিয়া কিছু সুস্থ।
পৱনদ্বীপ ৰাজনৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা আজি শ্বেয়াৰ কৰা প'ষ্টটোত লেখা আছে, ‘হেল্ল’ বন্ধুসকল .. কালি পৱনৰ আৰু তিনিটা অস্ত্ৰোপচাৰ কৰা হয়। পুৱাই তেওঁক অপাৰেচন থিয়েটাৰলৈ লৈ যোৱা হয়। প্ৰায় ৮ ঘণ্টা ধৰি চলিছিল এই অস্ত্ৰোপচাৰ। তেওঁ এতিয়া কিছু সুস্থ যদিও নিৰীক্ষণৰ বাবে আই চি ইউত ৰখা হৈছে। তাতে আৰু কেইদিনমান থাকিব লাগিব। চিকিৎসকৰ মতে, এতিয়াৰে পৰা চিকিৎসা আৰু আৰোগ্যৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আহক আমি তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰোঁ। আপোনালোকৰ সকলো প্ৰাৰ্থনা আৰু আশীৰ্বাদৰ বাবে আকৌ এবাৰ ধন্যবাদ।'
হস্পিতালৰ ফটোয়ে দিছে সকাহ
পৱনদীপ ৰাজনৰ ঘনিষ্ঠ বন্ধু এজনে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত তেওঁ চিকিৎসালয়ত থকা এখন ফটো প্ৰকাশ কৰিছে। এই ফটোখন শ্বেয়াৰ কৰাৰ সময়ত কেপচন দিয়া হৈছে, 'আপোনালোক সকলোৰে আশীৰ্বাদত পৱন এতিয়া অতি সুস্থ।'
Also Read: এয়াহে পিতৃ ! ৫৯ বছৰ বয়সতো অজস্ৰজনৰ মাজত জিলিকিল 'কিং খান'