/asomiyapratidin/media/media_files/2025/03/29/3N2SZZCGeWJQsSwFeoSs.jpg)
ডিজিটেল ডেস্ক: সম্প্ৰতি খুব 'ট্ৰেণ্ডিং'ত আছে এক বিশেষ শৈলীৰ ফটো। ছ'চিয়েল মেডিয়াত চকু ফুৰালেই আপুনি দেখিবলৈ পাব কাৰ্টুনৰ দৰে দেখা এই ফটো। হয়, ছ'চিয়েল মেডিয়াত এতিয়া 'Studio Ghibli on ChatGPT'ৰ ধাৰা খুব ভাইৰেল হৈছে। অধিকাংশ ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে এতিয়া AI ৰ সহায়ত Studio Ghibliৰ শৈলীত ফটো আৰু কাহিনী সৃষ্টি কৰিছে।
কি এই Studio Ghibli?
‘ষ্টুডিঅ’ ঘিবলী’ হৈছে জাপানীজ এনিমেচনৰ এটা বিখ্যাত এনিমেচন ষ্টুডিঅ’, যিটো সুন্দৰ আৰু কলাত্মক এনিমেচন ছবিৰ বাবে পৰিচিত। ১৯৯৮ চনত বিখ্যাত জাপানীজ এনিমেচন পৰিচালক হায়াও মিয়াজাকি আৰু তেওঁৰ সংগী ইছাও তাকাহাতাই প্ৰতিষ্ঠা কৰিছিল Studio Ghibli। কলাত্মক, কল্পনাপ্ৰসূত আৰু আৱেগিক কাহিনীক এনিমেট কৰাৰ বাবে এই ষ্টুডিঅ’টো পৰিচিত। ইয়াৰ ছবিসমূহত প্ৰাকৃতিক দৃশ্য, কল্পনা চৰিত্ৰ আৰু সাংস্কৃতিক প্ৰতীকসমূহ সুন্দৰকৈ চিত্ৰিত কৰা হৈছে। Studio Ghibliৰ এনিমেচন শৈলী সমগ্ৰ বিশ্বতে বিখ্যাত।
ChatGPT ত কিয় ট্ৰেণ্ডিং হৈছে 'Studio Ghibli'?
শেহতীয়াকৈ AIয়ে সৃষ্টি কৰা এই বিশেষ ফটোৰ ধাৰাটো যথেষ্ট জনপ্ৰিয় হৈছে, য’ত অধিকাংশ লোকেই Studio Ghibliৰ শৈলীত ফটো তৈয়াৰ কৰিছে। ChatGPTৰ দৰে AI সঁজুলি আৰু DALL·Eৰ দৰে ইমেজ জেনেৰেটৰ ব্যৱহাৰ কৰি মানুহে Ghibli শৈলীত সুন্দৰ এনিমেচন তৈয়াৰ কৰিছে। নিজৰ দৈনন্দিন জীৱনৰ দৃশ্য, উৎসৱ, ভাৰতীয় পৰম্পৰাগত সাজ-পোছাক, পৌৰাণিক চৰিত্ৰবোৰ Studio Ghibliৰ শৈলীত দেখি সকলোয়ে ভাল পাইছে। এই ধাৰাটো ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বহু ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে Ghibli শৈলীত বহু ছবিৰ হিট দৃশ্য আৰু এই শৈলীত দেৱ-দেৱীৰ ছবিও নিৰ্মাণ কৰিছে, যিবোৰক সকলোয়ে যথেষ্ট পছন্দ কৰিছে।
ChatGPT আৰু AI ত Ghibli শৈলীৰ ছবি কেনেকৈ সৃষ্টি কৰিব ?
প্ৰথমে ChatGPT খুলিব আৰু এখন ফটো সৃষ্টি কৰিবলৈ নিৰ্দেশ দিব, যেনে Studio Ghibli শৈলীত লেণ্ডস্কেপ'। তাৰ পিছত আপোনাৰ পছন্দ অনুসৰি ৰং বা পটভূমি যোগ কৰিব। এই বৈশিষ্ট বৰ্তমান ChatGPT ৰ পেইড ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ। যদি আপোনাৰ ChatGPTৰ প্ৰিমিয়াম ছাবস্ক্ৰিপচন নাই, তথাপিও আপুনি ষ্টুডিঅ' Ghibli-শৈলীৰ প'ৰ্ট্ৰেইট তৈয়াৰ কৰিবলৈ তৃতীয় পক্ষৰ এপসমূহ ব্যৱহাৰ কৰিব পাৰে। Craiyon, DeepAI আৰু Playground AIৰ দৰে বহুতো এপ এনে ছবি তৈয়াৰ কৰিবলৈ সক্ষম। আপোনাৰ ছবিসমূহ আপল'ড কৰিব আৰু এইবোৰৰ সৈতে এটা Studio Ghibli-শৈলীৰ প্ৰতিকৃতি সৃষ্টি কৰিবলৈ আপোনাৰ পছন্দৰ এটা প্ৰমপ্ট যোগ কৰিব। ইয়াৰ কেইটামান মুহূৰ্তৰ পিছত আপোনাৰ ফটো সাজু হৈ উঠিব।
Also Read: এইকেইটা কাম কৰক, কেতিয়াও নহয় ধনৰ অভাৱ