সন্তান লাভৰ সুখৰ পৰা বঞ্চিত কৰিব পাৰে ‘মেকআপ’য়ে

যিকোনো বস্তুৰ অত্যাধিক ব্যৱহাৰে সদায়ে সমস্যাৰ সৃষ্টি কৰে।মেকআপৰ ক্ষেত্ৰতো একেই। সকলো মহিলা ধুনীয়া হৈ থাকিবলৈ বিচাৰে। সেয়ে স্বাভাৱিকভাৱেই তেওঁলোক মেকআপৰ প্ৰতি আকৰ্ষিত হৈ পৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
44444444444

ডিজিটেল ডেস্ক: যিকোনো বস্তুৰ অত্যাধিক ব্যৱহাৰে সদায়ে সমস্যাৰ সৃষ্টি কৰে। মেকআপৰ ক্ষেত্ৰতো একেই। সকলো মহিলা ধুনীয়া হৈ থাকিবলৈ বিচাৰে। সেয়ে স্বাভাৱিকভাৱেই তেওঁলোক মেকআপৰ প্ৰতি আকৰ্ষিত হৈ পৰে। এনে বহু মহিলা আছে যিয়ে নিজকে নিখুঁত ৰূপ দিবলৈ তথা আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ মেকআপক তেওঁলোকৰ ৰুটিনৰ এক গুৰুত্বপূৰ্ণ অংশ কৰি লয়। মেকআপয়ে আপোনাৰ সৌন্দৰ্য আৰু আত্মবিশ্বাস বৃদ্ধি কৰে সঁচা, কিন্তু মেকআপ কৰাৰ ফলত আপুনি বহু ৰোগক হাত বাউলি যে মাতি আছে, সেই বিষয়ে জানেনে ? 

Advertisment

ছালৰ উজ্জ্বলতা শেষ, ছাল ঢিলা হয়

  Milan Ilic
Milan Ilic

মেকআপ সামগ্ৰীত বহু প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়, যাৰ ফলত ছালৰ উজ্জ্বলতা ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ আৰম্ভ কৰে আৰু কোঁচ খাই পৰে।ইয়াৰ ফলত ছাল ঢিলা হৈ যায় আৰু মুখখন বয়সীয়াল দেখিবলৈ ধৰে। ইয়াৰ লগতে ছালখনত শালমনৰ লগতে বহু সমস্যাই দেখা দিয়ে।

ছালৰ এলাৰ্জিৰ কাৰণ

অত্যাধিক বা দৈনিক মেকআপৰ ব্যৱহাৰৰ ফলত ছালৰ এলাৰ্জি হোৱাৰ সম্ভাৱনা আছে। অন্যান্য মেকআপ সামগ্ৰী যেনে ফাউণ্ডেচন, প্ৰাইমাৰ, কনচিলাৰ আৰু ফেচ পাউডাৰত বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকে যি মুখমণ্ডলৰ ৰঙাপৰা, শুষ্কতা আৰু ক'লা হয়। ইয়াৰ লগতে, মেকআপৰ অত্যাধিক আৰু দৈনিক ব্যৱহাৰে মুখৰ ছিদ্ৰবোৰ বন্ধ কৰে, যাৰ ফলত ব্ৰণ সোনকালে ওলাই আহে।

শুকান,ক'লা হ'ব পাৰে ওঁঠ

লিপষ্টিকৰ অত্যাধিক ব্যৱহাৰে ওঁঠৰ গুলপীয়াা নাইকিয়া কৰে। ইয়াৰ দৈনন্দিন ব্যৱহাৰে ওঁঠ শুকান কৰাৰ লগতে ক'লা কৰে। কেতিয়াবা ফুলি যোৱাৰ সম্ভাৱনাও থাকে।

বন্ধ্যাত্ব

মেকআপ আৰু ‘ডিঅ'ড্ৰেণ্ট’ ছালখনে পোনপটীয়াকৈ শোষণ কৰে।যাৰ ফলত সকলো ৰাসায়নিক পদাৰ্থ পোনপটীয়াকৈ আপোনাৰ ছাললৈ যায়। এক গৱেষণাত প্ৰমাণ পোৱা মতে, অধিক মেকআপ সামগ্ৰী ব্যৱহাৰ কৰা মহিলাসকলৰ বন্ধ্যাত্বৰ আশংকা বৃদ্ধি হয়।

কৰ্কট ৰোগ

মেকআপ কৰাৰ ফলত ছালৰ ৰং ম্লান হয় আৰু দাগৰ সৃষ্টি হয়। আপুনি নিশ্চয় মন কৰিছে যে অধিক মেকআপ কৰা মহিলাসকলৰ মুখখন বহু পৰিস্কাৰ দেখা যায় যদিও মেকআপ অবিহনে তেওঁলোকৰ মুখখন চাব নোৱাৰা অৱস্থা হৈ পৰে। এই সকলোবোৰ ছালৰ সমস্যাৰ লগতে মেকআপৰ ফলত ছালৰ কৰ্কট ৰোগ হ'ব পাৰে। সেয়েহে, যেতিয়াই আপুনি মেকআপ সামগ্ৰী এটা ক্ৰয় কৰে, ইয়াক প্ৰথমে পৰীক্ষা কৰাটো অতি দৰকাৰী।পৰাপক্ষত চিকিৎসকৰ পৰামৰ্শ অবিহনে ইয়াক ব্যৱহাৰ নকৰিব।

Also Read: খাবলৈ আৰম্ভ কৰক পালেং-বিলাহীৰ ৰস