এইদৰে কৰক ওঁঠৰ সকলো সমস্যাৰ সমাধান

এইদৰে কৰক ওঁঠৰ সকলো সমস্যাৰ সমাধান

ডিজিটেল ডেস্ক: বহুতৰে গা ধোৱাৰ পিছত ওঁঠজুৰি শুকান হৈ যায়।ইয়াৰ আঁৰত বহুতো কাৰণ থাকিব পাৰে। গা ধোওঁতে অধিক গৰম পানী ব্যৱহাৰ কৰিলে ওঁঠৰ ছাল শুকান হ'ব পাৰে। অত্যাধিক গৰম পানীৰ সংস্পৰ্শলৈ আহিলে ওঁঠৰ আৰ্দ্ৰতা হ্ৰাস হয় আৰু ই ফাটিবলৈ আৰম্ভ কৰে। তদুপৰি, মুখত চাবোন ব্যৱহাৰ কৰা,  গা ধোৱাৰ পিছত ওঁঠত একো  প্ৰয়োগ নকৰাৰ বাবেও ই শুকান হয়।যদি আপুনিও এই সমস্যাত ভূগি আছে, তেন্তে কেইটামান বিশেষ উপায় অৱলম্বন কৰি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে। আজি এই বিষয়ে জানো আহক- 

তিয়ঁহ 

আপুনি ওঁঠ হাইড্ৰেটেড ৰাখিবলৈ তিয়ঁহ ব্যৱহাৰ কৰিব পাৰে।ইয়াৰ বাবে তিয়ঁহৰ পাতলকৈ টুকুৰা কাটি লৈ ঠাণ্ডা হ'বলৈ ফ্ৰীজত ৰাখিব। ঠাণ্ডা হোৱাৰ পাছত আপুনি তিঁয়হৰ টুকুৰাকেইটাৰে ওঁঠজুৰি লাহে লাহে মালিচ কৰিব।প্ৰকৃততে, ডিহাইড্ৰেচন হোৱাৰ ফলতেই ওঁঠ শুকাবলৈ আৰম্ভ কৰে। সেয়েহে, আপুনি শৰীৰৰ পৰা পানীৰ অভাৱ দূৰ কৰিবলৈ তিয়ঁহ খাবও পাৰে।

গোলাপৰ পাহি 

যদি ওঁঠৰ ছাল শুকান হয়, তেন্তে আপুনি গোলাপৰ পাহি ব্যৱহাৰ কৰিব পাৰে।গোলাপৰ পাহিৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ আছে, যি প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে।ইয়াৰ বাবে আপুনি এই পাহিবোৰ গুৰি কৰি তাৰ সৈতে মৌ বা এল’ভেৰা জেল মিহলি কৰি ওঁঠত প্ৰয়োগ কৰিব পাৰে।ই খুব কম দিনতে ফটা আৰু শুকান ওঁঠৰ সমস্যা আঁতৰ কৰাত আপোনাক সহায় কৰিব।

নাৰিকল তেল 

শুকান ওঁঠৰ পৰা সকাহ পাবলৈ আপুনি নাৰিকল তেলো ব্যৱহাৰ কৰিব পাৰে। ইয়াত ফেটি এচিড থাকে, যিয়ে ওঁঠ কোমল কৰে। কেষ্টৰ তেল, জলফাই তেলো ওঁঠৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। 

বাদাম তেল 

বাদাম তেলো শুকান ওঁঠৰ সমস্যা দূৰ কৰাত অতি কাৰ্যকৰী। আপুনি এই তেল ৰাতি ওঁঠত প্ৰয়োগ কৰিব পাৰে। গা ধোৱাৰ আগতেও ওঁঠত অলপ এই তেল প্ৰয়োগ কৰিব পাৰে। এনে কৰাৰ দ্বাৰা ওঁঠত আৰ্দ্ৰতা বৰ্তি থাকিব। বাদাম তেলত ভিটামিন-ইও পোৱা যায়, যাৰ ব্যৱহাৰৰ ফলতো আমাৰ ওঁঠজুৰি শুকান নহয়।

এল’ভেৰা

শুকান ওঁঠৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি এল’ভেৰা জেল ব্যৱহাৰ কৰিব পাৰে। সতেজ এল’ভেৰা জেলে ওঁঠ ময়েশ্চাৰাইজ কৰাত সহায় কৰে। তদুপৰি, এল’ভেৰা জেলৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণো আছে। গৰম বতৰত শুকান আৰু ওঁঠৰ আন সমস্যাৰ চিকিৎসাৰ বাবে এল’ভেৰা জেল অতি উপকাৰী বুলি গণ্য কৰা হয়।

এইদৰে কৰক ওঁঠৰ সকলো সমস্যাৰ সমাধান
ফটা ওঁঠ মসৃণ কৰাৰ ঘৰুৱা উপায়সমূহ জানি লওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in