ছাললৈ তাৎক্ষণিক উজ্জ্বলতা আনে এই ফেচপেকে

নিখুঁত তথা উজ্জ্বল ছালৰ গৰাকী হোৱাটো সকলোৰেই কাম্য।ছালখনক আকৰ্ষণীয় কৰিবলৈ বহুতেই বজাৰত উপলব্ধ নামী-দামী প্ৰসাধন ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে।এই প্ৰসাধন সামগ্ৰীসমূহত ৰাসায়নিক পৰ্দাথ থকাৰ বাবে ই ছালখনৰ ক্ষতি কৰে।সেয়েহে, ছালৰ যত্নত সদায় ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰাটো জৰুৰী।ছালখনলৈ তাৎক্ষণিকভাৱে উজ্জ্বলতা আনিবলৈ আপুনি আপোনাৰ পাকঘৰতে থকা কফি ব্যৱহাৰ কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
ছাললৈ তাৎক্ষণিক উজ্জ্বলতা আনে এই ফেচপেকে

ডিজিটেল ডেস্ক: নিখুঁত তথা উজ্জ্বল ছালৰ গৰাকী হোৱাটো সকলোৰেই কাম্য।ছালখনক আকৰ্ষণীয় কৰিবলৈ বহুতেই বজাৰত উপলব্ধ নামী-দামী প্ৰসাধন ব্যৱহাৰ কৰে যদিও সুফল লাভ নকৰে।এই প্ৰসাধন সামগ্ৰীসমূহত ৰাসায়নিক পৰ্দাথ থকাৰ বাবে ই ছালখনৰ ক্ষতি কৰে।সেয়েহে, ছালৰ যত্নত সদায় ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰাটো জৰুৰী।ছালখনলৈ তাৎক্ষণিকভাৱে উজ্জ্বলতা আনিবলৈ আপুনি আপোনাৰ পাকঘৰতে থকা কফি ব্যৱহাৰ কৰিব পাৰে।হয়, কফিয়ে সূৰ্যৰ পোহৰ, ধূলি আৰু মাটিৰ বাবে ছালত জমা হোৱা লেতেৰা চাফা কৰি খুব সোনকালে ছালখন চাফা তথা উজ্জ্বল কৰি তোলে।ছালত কিদৰে কফি ব্যৱহাৰ কৰিব পাৰি, আজি সেই বিষয়ে জানো আহক-

Advertisment

কফি-হালধি

কফিৰ সৈতে হালধি মিহলি কৰি আপুনি ছালৰ বাবে অতি উত্তম এটা ফেচপেক তৈয়াৰ কৰিব পাৰে। এই ফেচপেক তেলেতীয়া তথা শালমইনা থকা ছালৰ বাবে খুব উপকাৰী।ই ছালৰ এণ্টি-বেক্টেৰিয়া আঁতৰ কৰে।এই ফেচপেক তৈয়াৰ কৰিবলৈ এটা বাটিত ২ চাহ চামুচ গুৰি কৰা কফি, ২ চাহ চামুচ দৈ আৰু আধা চাহ চামুচ হালধি মিহলি কৰিব। সকলোখিনি ভালদৰে মিহলি কৰি এই পেষ্টটো মুখত ১০ মিনিটৰ বাবে প্ৰয়োগ কৰি পৰিস্কাৰ পানীৰে ধুই পেলাব।মুখখন ধোৱাৰ পাছত ময়েশ্চাৰাইজাৰ প্ৰয়োগ কৰিবলৈ নাপাহৰিব।

কফি-মৌ

কফি আৰু মৌৰ ফেচপেকে ছালৰ মৃত কোষ আঁতৰ কৰি ছালখনক উজ্জ্বল কৰি তোলে।ইয়াৰ বাবে ২ চাহ চামুচ গুৰি কৰা কফিত এক চামুচ মৌ মিহলি কৰিব।তাৰ পাছত ১৫ মিনিটৰ বাবে এই পেকটো মুখত ভালদৰে লগাই ধুই পোলাব। ই ছাললৈ খুব সোনকালে উজ্জ্বলতা আনিব। 

কফি-এল’ভেৰা 

এই ফেচপেক তৈয়াৰ কৰিবলৈ ২ চাহ চামুচ কফিত ৩ চাহ চামুচ এল’ভেৰা জেল মিহলি কৰিব। এই ফেচপেকটো ১৫ মিনিটৰ বাবে ছালত প্ৰয়োগ কৰি পাছত ভালদৰে ধুই পেলাব।এই ফেচপেক এণ্টি-অক্সিডেণ্ট আৰু এণ্টিবেক্টেৰিয়েল, যি ছালৰ বাবে খুব লাভজনক।

Also Read: দামী ক্ৰীম লগোৱাতকৈ মুখত ফটা গাখীৰ লগাওঁক