/asomiyapratidin/media/media_files/2025/02/11/SmKOT4yEgqmQKFm1Tgky.jpeg)
ডিজিটেল ডেস্ক: সমাগত মহাশিৱৰাত্ৰি। এই দিনটো ভগৱান শিৱৰ উপাসনাৰ নামত উৎসৰ্গিত। বিশ্বাস মতে, যিসকল ভক্তই এই দিনটোত শুদ্ধ মনৰে মহাদেৱক উপাসনা কৰে, তেওঁ বিশেষভাৱে আৰ্শীবাদপ্ৰাপ্ত হয়। এই বছৰ মহাশিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত উদযাপন কৰা হ'ব। এই দিনটো মহাদেৱৰ ভক্তসকলৰ বাবে অতি বিশেষ হয়। এই দিনটোত ভক্তসকলে মহাদেৱৰ আৰ্শীবাদ কামনা কৰি উপবাস কৰে। অৱশ্যে, এইবেলি মহাশিৱৰাত্ৰিত তিনিট বিশেষ ৰাশিৰ লোকৰ কপাল ফুলিব। মহাদেৱৰ আশীৰ্বাদ লাভ কৰি ভাগ্য উদয় হ'বলগীয়া এই ৰাশিকেইটা হৈছে-
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এইবাৰ মহাশিৱৰাত্ৰিয়ে খুব ভাল দিন কঢ়িয়াই আনিব। জ্যোতিষীয় গণনা অনুসৰি, এই ৰাশিৰ লোকসকলে পেছাদাৰী ক্ষেত্ৰত যথেষ্ট সফলতা প্ৰাপ্ত কৰিব। তদুপৰি, তেওঁলোকৰ বিত্তীয় পৰিস্থিতিও শক্তিশালী হ'ব।
মকৰ ৰাশি
মকৰ ৰাশিৰ লোকসকলেও ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। এই ৰাশিৰ লোকসকলৰ দীৰ্ঘদিনীয়া বিবাদৰো সমাপ্তি ঘটিব। চাকৰিতো তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা আছে।
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এইবাৰ মহাশিৱৰাত্ৰি অত্যন্ত অলৌকিক হ'ব। তেওঁলোকৰ যিকোনো সম্পৰ্কই আগতকৈ বেছি শক্তিশালী হ'ব। তদুপৰি, খুব কম দিনৰ ভিতৰতে এই ৰাশিৰ লোকসকলে নতুন ঘৰ এটা ক্ৰয় কৰাৰো সম্ভাৱনা আছে। উল্লেখ্য যে, এইবাৰ শিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীৰ পুৱা ১১:০৮ বজাত আৰম্ভ হৈ ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮:৫৪ বজাত সমাপ্ত হ'ব।
Also Read: এইদৰে উপাসনা কৰি অতি সোনকালে লাভ কৰিব পাৰি মহাদেৱৰ আৰ্শীবাদ