আপুনিও যদি অকলশৰীয়া, এইদৰে পালন কৰক প্ৰেমৰ এই বিশেষ দিনটো

সমাগত ভেলেণ্টাইন ডে। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে প্ৰেমৰ নামত বিশেষভাৱে উৎসৰ্গিত ভেলেণ্টাইন সপ্তাহ। যিসকলৰ সংগী বা প্ৰেমিক- প্ৰেমিকা আছে, এই ভেলেণ্টাইন সপ্তাহক লৈ তেওঁলোক যথেষ্ট উৎসাহিত।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্ক: সমাগত ভেলেণ্টাইন ডে। ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে প্ৰেমৰ নামত বিশেষভাৱে উৎসৰ্গিত ভেলেণ্টাইন সপ্তাহ। যিসকলৰ সংগী বা প্ৰেমিক- প্ৰেমিকা আছে, এই ভেলেণ্টাইন সপ্তাহক লৈ তেওঁলোক যথেষ্ট উৎসাহিত। হোৱাটোও বাৰু স্বাভাৱিক ! তেওঁলোকে  দীৰ্ঘদিনৰ পৰা প্ৰেমৰ এই দিনকেইটা উদযাপনৰ বাবে পৰিকল্পনা কৰে।  কিন্তু যিসকল সংগী বিহীন, তেওঁলোকে এই দিনকেইটাত অকলশৰীয়া অনুভৱ কৰে। কিন্তু অকলশৰীয়াসকলেও এই ভেলেণ্টাইন সপ্তাহ বা দিনটো চিৰস্মৰণীয় কৰি তুলিব পাৰে। কিদৰে জানেনে ?   

Advertisment

নিজক সময় দিয়ক

সংগী বিহীন লোকসকলে ভেলেণ্টাইন ডে'ৰ দিনা আত্ম-যত্নৰ সৈতে উদযাপন কৰক। ইয়াৰ বাবে আপুনি ছাল- চুলিৰ যত্ন ল'ব পাৰে। তদুপৰি, আপুনি নিজৰ বাবে কাপোৰ, সুগন্ধি, বা আপোনাক সুখী কৰা যিকোনো সামগ্ৰী কিনিব পাৰে। খাবলৈ যি ভাল পায়, নিজে ৰান্ধি খাব।

বন্ধু বৰ্গ, পৰিয়ালৰ সৈতে সময় কটাব

এইদিনটোত এজন ঘনিষ্ঠ বন্ধুৰ সৈতে চিনেমা চাই আপুনি ৰেষ্টুৰেণ্টলৈ খাবলৈ যাব পাৰে। আপুনি পৰিয়ালৰ সৈতেও বিশেষ সময় অতিবাহিত কৰিব পাৰে। ভেলেণ্টাইন ডে' বাবে আপুনি  আপোনাৰ পিতৃ-মাতৃ বা ভাই-ভনীৰ সৈতে কথা পাতি খেল খেলা, ভ্ৰমণলৈ যোৱাকে ধৰি কিছুমান বিশেষ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ নিৰ্বাচিত বন্ধুবৰ্গৰ সৈতে এটা সৰু পাৰ্টিৰ পৰিকল্পনা কৰি উপহাৰ বিনিময়, আনন্দ-ফূৰ্তি কৰি সময়খিনি স্মৰণীয় কৰিব পাৰে।

আপোনাৰ প্ৰিয় ৰুচিবোৰ পূৰণ কৰক

পেইণ্টিং, ৰন্ধন, নৃত্য, যোগ আদিৰ দৰে নতুন কাৰ্যকলাপ কৰাৰ চেষ্টা কৰক বা নতুন বাদ্যযন্ত্ৰ এটা শিকক। আপোনাৰ প্ৰিয় ছবি বা ৱেব ছিৰিজ উপভোগ কৰক। ৰোমান্টিক বা কমেডি চিনেমা চাই আপোনাৰ মনটো পাতল কৰক। বাহিৰৰ কাৰ্যকলাপ যেনে পাৰ্কত খোজ কাঢ়িবলৈ যোৱা, একক ভ্ৰমণৰ পৰিকল্পনা কৰা বা নতুন কেফে ভ্ৰমণ কৰা আদিত জড়িত হ'ব।

আনক সহায় কৰিব

যিসকলক সহায়ৰ প্ৰয়োজন, তেওঁলোকক সহায় কৰিব। বৃদ্ধ বা অনাথ আশ্ৰমলৈ  গৈ আপুনি শিশু-বৃদ্ধৰ সৈতে আচুতীয়া সময় অতিবাহিত কৰিব পাৰে। 

ঘৰত পোহনীয়া জন্তুৰ সৈতে সময় কটাব 

যদি আপোনাৰ ঘৰত পোহনীয়া জন্তু আছে, তেওঁলোকৰ সৈতে মৰমৰ মুহূৰ্ত অতিবাহিত কৰক।

Also Read: ভেলেণ্টাইন সপ্তাহত এই কাম কৰিবলৈ নাপাহৰিব