ডিজিটেল ডেস্ক: বিয়াৰ পিছৰ জীৱনটোক লৈ হয়তো সকলোৰে শংকা থাকে।বিশেষকৈ ছোৱালীসকলৰ। এখন নতুন ঘৰত নতুন মানুহখিনিৰ সৈতে নিজকে খাপ খুৱাবলৈ বহুতেই বহু ত্যাগ কৰিবলগীয়াও হয়।কিন্তু এনে কিছুমান ছোৱালী আছে, যিসকলে বিয়াৰ পিছত তেওঁৰ শহুৰৰ ঘৰৰ পৰা বিশেষকৈ শাহুৰ পৰা যথেষ্ট মৰম লাভ কৰে।হয়, জ্যোতিষ শাস্ত্ৰৰ মতে কেইটামান বিশেষ ৰাশিৰ ছোৱালীৰ এই সৌভাগ্য হয়।বিয়াৰ পিছত শাহুৱেকৰ অতি প্ৰিয় হৈ পৰে এই ৰাশিৰ ছোৱালী। আজি এই ৰাশিকেইটা কি, জানো আহক-
মেষ ৰাশি
মেষ ৰাশিৰ ছোৱালীয়ে সদায় নিজৰ মনক প্ৰাধান্য দি কাম কৰে।যাৰ বাবে তেওঁলোকে আনৰ কথাক গুৰুত্ব নিদিয়ে। তেওঁলোক সদায় তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমৰ্পিত আৰু প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ তথা নিয়ন্ত্ৰণ কৰিবলৈ নিজকে সাজু ৰাখে। যাৰ বাবে তেওঁলোক শাহুৱেকৰ প্ৰিয় হৈ পৰে।
সিংহ ৰাশি
সিংহ ৰাশিৰ ছোৱালী খুব আত্মবিশ্বাসী আৰু সাহসী।সদায় তেওঁলোকে স্পষ্ট কথা ক'বলৈ ভাল পায়।অযথা কথা ক'বলৈ ভাল নোপোৱা এই ৰাশিৰ ছোৱালীবোৰক সেয়ে হয়তো শাহুৱেকে খুব ভাল পায়।
মিথুন ৰাশি
মিথুন ৰাশিৰ ছোৱালীৰ মন অতি প্ৰফুল্ল আৰু তেওঁলোক সামাজিক।এই ৰাশিৰ ছোৱালীসকলে খুব চিন্তা কৰি কথা কয়। তেওঁলোকে পৰিয়ালৰ সকলোৰে সৈতে মিলি-জুলি থাকে।যাৰ বাবে তেওঁলোক স্বামীৰ, বিশেষকৈ শাহুৱেকৰ প্ৰিয়ভাজন হৈ পৰে।
তুলা ৰাশি
তুলা ৰাশিৰ ছোৱালী প্ৰকৃততে সৰল প্ৰকৃতিৰ হয় আৰু তেওঁলোকে অতি সাৱধানে কথা কয়। তেওঁলোকে কথা কওঁতে খুব সতৰ্ক হয়, যাতে কোনেও তেওঁলোকৰ কথাত বেয়া নাপায়।সেয়ে তেওঁলোক স্বামীগৃহৰ লোকৰ অন্যন্ত মৰমৰ হয়।
ধনু ৰাশি
ধনু ৰাশিৰ ছোৱালীৰ চিন্তাশক্তি যথেষ্ট দ্ৰুত।তেওঁলোক অতি ধাৰ্মিক। পৰম্পৰা ধৰি ৰাখি কাম কৰিবলৈ তেওঁলোক আগ্ৰহী হয়।যাৰ বাবে তেওঁলোক স্বামীগৃহৰ সকলোৰে প্ৰিয় হৈ পৰে।
বি. দ্ৰ: এই প্ৰবন্ধটো ইণ্টাৰনেটত উপলব্ধ তথ্যৰ ভিত্তিত লেখা হৈছে।