Advertisment

ৰঙায়ে প্ৰেমৰ, কমলা-হালধীয়া গোলাপে কি অৰ্থ বহন কৰে জানেনে?

সম্পৰ্ক আৰু আৱেগৰ অভিব্যক্তিৰ বাবে গোলাপ ফুলে এক গুৰুতৰ ভূমিকা পালন কৰে। গোলাপ ফুলক প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। ভেলেণ্টাইন সপ্তাহৰ প্ৰথম দিনটো অৰ্থাৎ ৭ ফেব্ৰুৱাৰীত গোলাপ দিৱস পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
day

ডিজিটেল ডেস্ক: সম্পৰ্ক আৰু আৱেগৰ অভিব্যক্তিৰ বাবে গোলাপ ফুলে এক গুৰুতৰ ভূমিকা পালন কৰে। গোলাপ ফুলক প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। ভেলেণ্টাইন সপ্তাহৰ প্ৰথম দিনটো অৰ্থাৎ ৭ ফেব্ৰুৱাৰীত গোলাপ দিৱস পালন কৰা হয়। এই দিনটোত গোলাপ ফুল উপহাৰ  দি প্ৰেম, বন্ধুত্ব আৰু অনুভূতি প্ৰকাশ কৰা হয়। ভিন্ন ৰঙৰ গোলাপে বিভিন্ন অৰ্থ আৰু আৱেগ প্ৰতিনিধিত্ব কৰে।

Advertisment

গোলাপৰ ৰং আৰু প্ৰতিটো ৰঙৰ অৰ্থ

ৰঙা গোলাপ

ৰঙা গোলাপক প্ৰেম আৰু ৰোমাঞ্চৰ প্ৰতীক বুলি গণ্য কৰা হয়। যেতিয়া আপুনি কাৰোবাক ৰঙা গোলাপ দিয়ে, ইয়াৰ অৰ্থ হৈছে যে তেওঁৰ প্ৰতি আপোনাৰ  প্ৰেম, ৰোমাঞ্চ তথা আৱেগৰ অনুভূতি আছে।

কমলা ৰঙৰ গোলাপ

কমলা ৰঙৰ গোলাপ উৎসাহ আৰু নতুন আৰম্ভণিৰ প্ৰতীক। এই ৰঙী গোলাপে আবেগ, উত্তেজনা আৰু আকৰ্ষণ সূচায়। যদি আপুনি কাৰোবাৰ প্ৰতি আকৰ্ষিত হয় আৰু আপোনাৰ সম্পৰ্কক আগুৱাই নিব বিচাৰে, তেতিয়া আপুনি তেওঁক কমলা ৰঙৰ গোলাপ দিব পাৰে।

হালধীয়া গোলাপ

হালধীয়া গোলাপ বন্ধুত্ব আৰু সুখৰ প্ৰতীক। এই ৰঙৰ গোলাপে বন্ধুত্ব, আনন্দ, ইতিবাচকতা আৰু নতুন শক্তিক প্ৰতিনিধিত্ব কৰে।ৰ'জ ডে বা গোলাপ দিৱসত আপুনি আপোনাৰ বন্ধুবৰ্গ, পৰিয়ালৰ সদস্য  বা বন্ধুত্ব, মৰম প্ৰকাশ কৰিবলৈ বিচৰা যিকোনো ব্যক্তিক হালধীয়া গোলাপ দিব পাৰে।

গুলপীয়া গোলাপ

গুলপীয়া গোলাপ সন্মান আৰু কৃতজ্ঞতাৰ প্ৰতীক। গুলপীয়া গোলাপৰ অৰ্থ হৈছে  কৰোৱাক প্ৰশংসা কৰা। গোলাপ দিৱসত আপুনি অভিভাৱক, শিক্ষক, জ্যেষ্ঠ বা আপুনি সন্মান কৰিব বিচৰা যিকোনো লোকক এটা গুলপীয়া গোলাপ দিব পাৰে।

বগা গোলাপ

বগা গোলাপ শান্তি, বিশুদ্ধতা আৰু নতুন আৰম্ভণিৰ প্ৰতীক। বিবাহ তথা আধ্যাত্মিক অনুষ্ঠানত বগা গোলাপ দিব পাৰি। তদুপৰি, যদি কাৰোবাৰ সৈতে যোগাযোগৰ ব্যৱধান বা অসন্তুষ্টি থাকে, আপুনি তেওঁলোকক বগা গোলাপ দি বিবাদটো সমাধান কৰিবলৈ চেষ্টা কৰিব পাৰে।

Also Read: ভেলেণ্টাইন সপ্তাহত এই কাম কৰিবলৈ নাপাহৰিব