Advertisment

সপোন কোঁৱৰৰ সৈতে বিয়া হৈও সুখৰ নহ’ল সংসাৰ

বলীউড আৰু টিভি উদ্যোগত কেইগৰাকীমান এনে অভিনেত্ৰী আছে, যিয়ে বিবাহ বিচ্ছেদৰ পিছত এতিয়ালৈকে তেওঁলোকৰ জীৱনত নতুন সংগীক গ্ৰহণ কৰা নাই।তেওঁলোকে অকলেই যুঁজি গৈছে জীৱনৰ কঠিন যুঁজ।

author-image
Asomiya Pratidin
New Update
actress

ডিজিটেল ডেস্ক: বলীউড আৰু টিভি উদ্যোগত কেইগৰাকীমান এনে অভিনেত্ৰী আছে, যিসকলে বিবাহ বিচ্ছেদৰ পিছতো এতিয়ালৈকে তেওঁলোকে জীৱনত নতুন সংগী গ্ৰহণ কৰা নাই।তেওঁলোকে অকলেই যুঁজি গৈছে জীৱনৰ কঠিন যুঁজ।কেইগৰাকীমান অভিনেত্ৰীয়ে নিজৰ ইচ্ছামতে অকলশৰীয়া অভিভাৱক হৈ সন্তানৰ সৈতে জীৱন অতিবাহিত কৰিছে।কিছুমানে আকৌ দ্বিতীয়বাৰৰ বাবে সম্পৰ্কত অহাৰ পিছতো অবিবাহিত হৈ আছে। তলত এনে পাঁচগৰাকী অভিনেত্ৰীৰ বিষয়ে উল্লেখ কৰা হৈছে, যিসকলে বিবাহ বিচ্ছেদৰ পিছত অবিবাহিত হৈ থকাৰ সিদ্ধান্ত লৈছে।

Advertisment

মালাইকা অৰোৰা

মালাইকা অৰোৰা আৰু আৰবাজ খানৰ বিবাহ বিচ্ছেদ বলীউডৰ আটাইতকৈ চৰ্চিত বিবাহ বিচ্ছেদৰ ভিতৰত অন্যতম আছিল। দম্পতীহালৰ এজন পুত্ৰ আছে।তেওঁৰ নাম আৰহান খান। বিয়াৰ কেইবছৰমানৰ পিছত মলাইকা আৰু আৰবাজৰ বিবাহ বিচ্ছেদ হয়। আৰবাজ পুনৰ বিবাহ পাশত আবদ্ধ হৈ সুখী বিবাহিত জীৱন যাপন কৰি আছে। কিন্তু বৰ্তমানলৈ বিয়াত নবহিল মলাইকা। অৱশ্যে, মালাইকাই অৰ্জুন কাপুৰক ডেট কৰিছিল যদিও কেইমানমান পূৰ্বে তেওঁলোকৰ সম্পৰ্কত ফাঁট মেলে। 

কৰিশ্মা কাপুৰ

বলীউডৰ বিখ্যাত কাপুৰ পৰিয়ালৰ দুহিতা অভিনেত্ৰী কৰিশ্মা কাপুৰে ২০০৩ চনত ব্যৱসায়ী সঞ্জয় কাপুৰক বিয়া কৰায়। কিন্তু বিবাহৰ কেইবছৰমানৰ পিছত তেওঁলোকৰ সম্পৰ্কত চাপ পৰিছিল। কৰিশ্মাই সঞ্জয়ৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছিল আৰু ইয়াৰ পিছত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল। কৰিশ্মা আৰু সঞ্জয়ৰ দুটা সন্তান আছে। তেওঁলোকৰ কৰিশ্মাৰ সৈতে বাস কৰে। কৰিশ্মাৰ পৰা বিবাহ বিচ্ছেদৰ পিছত সঞ্জয়ে প্ৰিয়া সচদেৱক বিয়া কৰায়, আনহাতে কৰিশ্মাই অকলশৰীয়া হৈ জীৱন যাপন কৰি আছে।

সামান্থা ৰুথ প্ৰভু 

দাক্ষিণাত্যৰ ছবি উদ্যোগৰ ছুপাৰষ্টাৰ দম্পতী নাগা চৈতন্য আৰু সামান্থা ৰুথ প্ৰভুৰ বিবাহ বহুত চৰ্চিত আছিল।কিন্তু দুয়োৰে বৈবাহিক জীৱন সফল নহ'ল। এতিয়া নাগা চৈতন্যই শোভীতা ধুলিপালাক সোনকালেই বিয়া কৰাবলৈ গৈ আছে। আনহাতে, সামান্থা ৰুথ প্ৰভু এতিয়াও অবিবাহিত হৈয়ে আছে।

জেনিফাৰ উইংগেট

টিভি অভিনেত্ৰী জেনিফাৰ উইংগেট আৰু কৰণ সিং গ্ৰোভাৰৰ মাজৰ সম্পৰ্ক বেছি দিন স্থায়ী নহ'ল। কৰণ আৰু জেনিফাৰে ২০১২চনত বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু তেওঁলোকৰ সম্পৰ্ক মাত্ৰ কেইবছৰমানৰ ভিতৰতে সমাপ্ত হয়। কৰণে পিছত বিপাশা বসুক বিয়া কৰায় আৰু এতিয়া তেওঁলোকে তেওঁলোকৰ পাৰিবাৰিক জীৱন সুখেৰে পাৰ কৰিছে। কিন্তু, জেনিফাৰে এতিয়াও দ্বিতীয় বিবাহ কৰা নাই।

দালজিত কৌৰ

টিভি জগতৰ জনপ্ৰিয় অভিনেত্ৰী দালজিত কৌৰৰ ব্যক্তিগত জীৱন সদায় শিৰোনামত থাকে। তেওঁ অভিনেতা শালীন ভানোটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু দুয়ো একেলগে 'নাচ বলিয়ে' নামৰ ৰিয়েলিটি শ্ব'টোৰ বিজয়ী হৈছিল। কিন্তু পিছত তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদ হয়। তাৰ পিছত ব্যৱসায়ী নিখিল পেটেল দলজিতৰ জীৱনলৈ আহিছিল যদিও তেওঁলোকৰো বিবাহ বিচ্ছেদ হয়।এটি সন্তানসহ এতিয়া অকলশৰীয়া হৈয়ে জীৱন অতিবাহিত কৰি আছে দালজীত  কৌৰে।

Also Read: ‘এতিয়া ঘৰলৈ উভতাৰ সময়’- চিনেমাৰ পৰা অৱসৰ ঘোষণা অভিনেতা বিক্ৰান্ত মেছিৰ