নিময় অনুসৰি উপবাস নকৰিলে পূৰণ নহয় মনোকামনা

মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ অন্যতম মুখ্য উৎসৱ। এই দিনটোত অধিকাংশ মহিলাই স্বামীৰ দীৰ্ঘায়ু, সুখ আৰু সমৃদ্ধি তথা পৰিয়ালৰ কল্যাণৰ বাবে উপবাস ৰাখে, যি সূৰ্য্যোদয়ৰ পিছত ভংগ হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্ক: মহাশিৱৰাত্ৰি হিন্দু ধৰ্মৰ অন্যতম মুখ্য উৎসৱ। এই দিনটোত অধিকাংশ মহিলাই স্বামীৰ দীৰ্ঘায়ু, সুখ আৰু সমৃদ্ধি তথা পৰিয়ালৰ কল্যাণৰ বাবে উপবাস ৰাখে, যি সূৰ্য্যোদয়ৰ পিছত ভংগ হয়। বিশ্বাস মতে, মহা শিৱৰাত্ৰিত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীৰ পূজা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়।

এই বছৰ মহা শিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত পালন কৰা হ’ব। মহাশিৱৰাত্ৰি ফাগুণ মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত উদযাপন কৰা হয়। শাস্ত্ৰৰ মতে, এই দিনটোত দেৱী পাৰ্বতী আৰু মহাদেৱৰ বিবাহ সম্পন্ন হৈছিল। সেয়েহে, এই তাৰিখত তেওঁলোকৰ মিলনৰ পূজা কৰিলে ভক্তই বিবাহিত জীৱনত সুখ আৰু প্ৰিয়জনক লাভ কৰে। আপুনিও যদি এইবাৰ এনে মনোকামনাৰে শিৱৰাত্ৰিৰ উপাবাস ৰাখিবলৈ মন কৰিছে, তেন্তে কেতবোৰ বিশেষ দিশত মন দিব লাগিব। অন্যথা এই উপবাস সফল নহ’ব। মহাশিৱৰাত্ৰিত উপবাস কৰোতে মন কৰিবলগীয়া দিশসমূহ হৈছে- 

১) যদি আপুনি মহাশিৱৰাত্ৰি উপবাসে থাকে, তেন্তে দিনৰ সময়খিনিত টোপনি নাযাব।

২) শিৱলিংগৰ ওপৰত ৰখা নৈবেদ্য ভুলতো গ্ৰহণ নকৰিব।

৩) উপবাসত কেৱল ফলহে খাব। একাংশ ভক্তই মহাশিৱৰাত্ৰিত নিৰ্জলা উপবাস পালন কৰে। এনে ক্ষেত্ৰত আপুনি গোটেই দিনটোত এটোপাল পানীও খাব নোৱাৰে। 

৪) এই বিশেষ দিনটোত মহাদেৱৰ অভিষেক কৰিব। ইয়াৰ দ্বাৰাহে উপবাসৰ সম্পূৰ্ণ ফল লাভ কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। 

৫) মহাশিৱৰাত্ৰিৰ দিনটোত কেৱল মহাদেৱৰ ধ্যান কৰিব। এনে কৰাৰ ফলত জীৱনৰ পৰা নেতিবাচকতা দূৰ হয় বুলি বিশ্বাস কৰা হয়। 

৬) উপবাসত সম্পূৰ্ণ শস্য আৰু বগা নিমখ ব্যৱহাৰ নকৰিব। এই দিনটোত ভুলতো মাংস বা সুৰা ঘৰলৈ নানিব।

৭) এই দিনটোত আপোনাৰ মন শান্ত ৰাখিব। কোনো কাজিয়াত লিপ্ত নহ'ব। 

৮) দিনটোৰ উপবাসৰ অন্তত সন্ধিয়া মহাদেৱৰ উপাসনা কৰিব।

বি. দ্ৰ: এই লেখা সাধাৰণ বিশ্বাস, জ্যোতিষশাস্ত্ৰ, কেলেণ্ডাৰ তথা ধৰ্মীয় গ্ৰন্থৰ আধাৰত লেখা হৈছে। ইয়াত প্ৰদান কৰা তথ্য আৰু তথ্যৰ শুদ্ধতাৰ বাবে আমি দায়বদ্ধ নহয়।

Also Read: কুম্ভমেলাৰ অন্তিম স্নান কেতিয়া, শুভ সময় জানি লওঁক