মন আৰু শৰীৰক সুস্থ আৰু সতেজ কৰি ৰখাত পৰ্যাপ্ত টোপনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। দীঘলীয়া ভাগৰুৱা দিনটোৰ পিছত শৰীৰৰ বাবে ৭ৰ পৰা ৮ ঘণ্টাৰ টোপনি অতি প্ৰয়োজনীয়। কিন্তু ইয়াৰ বিপৰীতে আপুনি বিচনাত পৰাৰ পাছতে যদি চটফটাই ৰাতিটো পাৰ কৰিবলগীয়া হৈছে তেন্তে এয়া চিন্তাৰ কাৰণ। অনিদ্ৰা আৰু ইয়াৰ সমাধানসমূহ সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...
অনিদ্ৰাও এটা ৰোগ যিটো ভৱিষ্যতে আপোনাৰ বাবে এক ডাঙৰ সমস্যা হৈ পৰিব পাৰে। বেছিভাগ মানুহেই অনিদ্ৰাৰ সমস্যাটোক অতি সহজভাৱে লয়,কিন্তু যদিহে এই সমস্যাৰ সঠিক সময়ত চিকিৎসা নকৰে ভৱিষ্যতে ই ৰোগত পৰিণত হয়। যেনে মেদবহুলতা, মধুমেহ, মাইগ্ৰেইনৰ সমস্যা ইত্যাদি। গতিকে এই সমস্যাক সময়ত চিকিৎসাৰ প্ৰয়োজন।
আমাৰ শৰীৰত হোৱা ভিটামিনৰ অভাৱৰ বাবে টোপনিৰ সমস্যাত ভূগিবলগীয়া হয়। কিন্তু এই সমস্যাৰ স্থায়ী সমাধানো আছে। WHO ৰ স্বাস্থ্য বিশেষজ্ঞৰ মতে যদি আপোনাৰ শৰীৰত ভিটামিন ডি ৰ অভাৱ হয়, তেন্তে ৰাতি আপুনি অস্থিৰ অনুভৱ কৰিব। একেবাৰে টোপনি নাহিব, গোটেই ৰাতিটো চট ফটাই থাকিব। বহু লোকৰ শৰীৰত ভিটামিন ডি ৰ অভাৱে এনে সমস্যাৰ সৃষ্টি কৰে।
আপুনি জনা উচিত যে, ভিটামিন ডি ৰ অভাৱৰ বাবে আমাৰ শৰীৰত মেলাটনিন ৰ উৎপাদন কমি যায়। মেলাটনিন হৈছে টোপনিৰ হৰম’ন, যাৰ বাবে আমি ভাল টোপনি পাওঁ। যেতিয়া আমাৰ শৰীৰত ভিটামিন ডি ৰ অভাৱ হয় তেতিয়া আমাৰ শৰীৰত মেলাটনিন ৰ উৎপাদন কমি যায়, ফলস্বৰূপে আমাৰ ভালদৰে টোপনি নাহে লগতে অস্বস্তি অনুভৱ কৰো। কাৰণ ই আমাৰ স্নায়ুবোৰক শিথিল হ’বলৈ নিদিয়ে। ৩০% টোপনি আহিলেও আপোনাৰ টোপনি অসম্পূৰ্ণ হ’ব। এনে অৱস্থাত আপুনি খুব সোনকালে সাৰ পাব আৰু ভালদৰে শুব নোৱাৰিব।
সঠিকভাৱে টোপনি নোহোৱাৰ আঁৰত আন এটা কাৰণ আছে, ইয়াক কোৱা হয় "ৰিডাকচন অৱ হেপি হৰম’ন"। যেতিয়া আপোনাৰ শৰীৰৰ সুখী হৰম’ন কমি যাব তেতিয়া আপোনাৰ টোপনি কমি যাব। অস্থিৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰিব। কোনো কাম সঠিকভাৱে কৰিব নোৱাৰিব। নতুবা ভালদৰে শুব নোৱাৰিব।
ভাৰতত কেন্সাৰকো সঠিক সময়ত চিকিৎসা কৰিব পৰা যায়, গতিকে অনিদ্ৰাৰ চিকিৎসা অতি সৰু কথা। ভিটামিন ডি ৰ অভাৱ যে পূৰণ কৰিব নোৱাৰি তেনেকুৱা কোনো কথা নাই। ভিটামিন ডি ৰ অভাৱৰ বাবে আপোনাৰ শৰীৰেও আমি উল্লেখ কৰা ধৰণৰ কিছু সংকেত দিয়ে। গতিকে ইয়াত আপুনি আতংকিত হোৱাৰ প্ৰয়োজন নাই আৰু চিন্তিত হোৱাৰ প্ৰয়োজনো নাই।
এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে মাত্ৰ সেইবোৰ খাদ্য সামগ্ৰী খাব লাগিব যিবোৰত ভিটামিন ডি প্ৰচুৰ পৰিমাণে থাকে যেনে: সাগৰীয় খাদ্য, কণী, গাখীৰ, দৈ, কমলা, ভেঁকুৰ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ উপৰিও সূৰ্যৰ পোহৰত বহি থাকিলেও পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি পোৱা যায়।
এইবোৰ বস্তু আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে আপোনাৰ ভিটামিন ডি ৰ অভাৱ নাইকিয়া হ’ব, যাৰ ফলত আপোনাৰ টোপনি ভাল হ’ব আৰু উদ্বেগ কম হ’ব। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন, ভিটামিন ডি ৰ অভাৱৰ লগতে অন্য শৰীৰত কেইবাটাও ভিটামিনৰ অভাৱত টোপনিৰ সমস্যাত ভূগিব পাৰে। এই সমূহ তলত উল্লেখ কৰা হৈছে-
ভিটামিন বি ৬
ৰাতি ভাল টোপনিৰ বাবে ভিটামিন বি-৬ অতি প্ৰয়োজনীয়। ভিটামিন বি-৬ য়ে শৰীৰত থকা মেলাটনিন আৰু চেৰ’টনিন হৰম’নৰ অভাৱ পূৰণ কৰে। এই ভিটামিনৰ অভাৱ দূৰ কৰিবলৈ সেউজীয়া পটল, বিলাহী, বাদাম, গাখীৰ, কণী, ছালমন মাছ, কুকুৰা আদি খাদ্যত অন্তৰ্ভুক্ত কৰক।
ভিটামিন বি১২
ভিটামিন বি ১২ ৰ অভাৱো টোপনি নোহোৱাৰ কাৰণ হ’ব পাৰে, যাৰ বাবে বহু চিকিৎসকে ভিটামিন বি ১২ৰ অভাৱত থকা লোকসকলক কুকুৰা, কণী, মাছ আদি খাবলৈ পৰামৰ্শ দিয়ে।ইয়াৰ বাহিৰেও খনিজ পদাৰ্থ আৰু চৰ্বিৰ অভাৱৰ বাবে ৰাতি ভালদৰে টোপনি নাহে।
মেগনেছিয়াম
চিকিৎসা বিজ্ঞানৰ তথ্য অনুসৰি, মেগনেছিয়ামে প্ৰায় ৩০০ মেটাবলিজমৰ কাম সহজ কৰি তোলাত অতি সহায় কৰে। ই মানুহক টেনচন, ডিপ্ৰেছন, ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে, আৰু তদুপৰি মেগনেছিয়ামে হাড়, স্নায়ু আৰু পেশীকো শক্তিশালী কৰি ৰাখে।
ওমেগা ৩
যদি আপোনাৰ শৰীৰত ওমেগা ৩ ফেটি এচিডৰ অভাৱ হয়, তেন্তে আপোনাৰ টোপনিত অসুবিধা হ’ব পাৰে। মানসিক অৱস্থা অতি বেয়া হয়, যাৰ বাবে চিকিৎসকে বাদাম, বিভিন্ন চিডচ (আখৰোট, চিয়া গুটি আৰু ফ্লেক্সচিড) খোৱাৰ পৰামৰ্শ দিয়ে ৷ লগতে দৈ, মাছ আৰু অন্যান্য সাগৰীয় খাদ্যটো ওমেগা ৩ উপলব্ধ।
উল্লেখ্যযোগ্য যে, মদ্যপান আৰু কেফেইনো অনিদ্ৰাৰ এক গুৰুত্বপূৰ্ণ কাৰণ। সেয়ে এইসমূহ সেৱনত নিয়ন্ত্ৰণ ৰাখিব লাগে। মদ্যপানে টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। একে সময়তে কেফেইনে শৰীৰক অতি সক্ৰিয় কৰি তোলে, যাৰ ফলত টোপনি বিঘ্নিত হ’ব পাৰে। ভাল টোপনিৰ বাবে মদ্যপান কমাব লাগে আৰু শোৱাৰ ৬ ঘণ্টা আগতে কফি সেৱন কৰিব নালাগে।