Advertisment

এই ১৫ গৰাকী মহিলাই নিৰ্মাণ কৰিছিল স্বাধীনোত্তৰ ভাৰতৰ ভেঁটি...

বিশ্বৰ ভিন্ন প্ৰান্তত নাৰীয়ে অধিকাৰ বিচাৰি আন্দোলন কৰাৰ সময়তে স্বাধীন ভাৰতে গ্ৰহণ কৰিছিল সংবিধান। এই সংবিধান প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ১৫ গৰাকী বিদূষী মহিলাই।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
এই ১৫ গৰাকী মহিলাই নিৰ্মাণ কৰিছিল স্বাধীনোত্তৰ ভাৰতৰ ভেঁটি...

যিসময়ত বিশ্বত নাৰী স্বাধীনতা, অধিকাৰৰ হকে আন্দোলন হৈছিল সেই সময়ত ভাৰতত নাৰীয়ে দেশ গঢ়াৰ কামত জড়িত হৈছিল। নতুনকৈ স্বাধীন হোৱা এখন দেশৰ বহুধা বিভিক্ত সমাজক একত্ৰিত কৰি এটা জাতি গঠনৰ প্ৰক্ৰিয়াৰ অংশ হৈছিল। নিৰ্ধাৰণ কৰিছিল দেশৰ নীতি। সংবিধান সভাৰ ২৯৯ জন সদস্যৰ মাজত সক্ৰিয় অংশগ্ৰহণ কৰা মহিলা সদস্যই বিশ্ববাসীলৈ দিছিল সমতা, অধিকাৰৰ বাৰ্তা।দেশ গঢ়াৰ প্ৰাৰম্ভিক পৰ্যায়ত বলিষ্ঠ অৱদান আগবঢ়োৱা এই ১৫ গৰাকী মহিলাৰ সন্দৰ্ভত তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment


ভাৰতীয় সমাজত নাৰীৰ স্থান যথেষ্ট উচ্চ। যিসময়ত নাৰীৰ অধিকাৰৰ বাবে বিশ্বৰ অন্যান্য প্ৰান্তত আন্দোলন আৰম্ভ হৈছিল সেই সময়ত ভাৰতত নাৰীয়ে সামাজিক, ৰাজনৈতিক ক্ষেত্ৰত দায়িত্বপালনৰ সুযোগ লাভ কৰিছিল।

অৱশ্যে এই কথাও স্বীকাৰ কৰিবই লাগিব, যদিও ভাৰতীয় সমাজত নাৰীক উচ্চ স্থান দিয়া হয় তথাপিও কিন্তু অৱদমন যুগে যুগে চলি আহিছে। ইতিহাসৰ পাতত এই অৱদমন লিপিবদ্ধ হৈ আছে।

বৈদিক যুগত যিদৰে নাৰীৰ স্থান উচ্চ আছিল, সেইদৰে পৰৱৰ্তী সময়ত নাৰীৰ অৱস্থানৰ অৱনতি ঘটিছিল। সময় সাপেক্ষে নাৰীক পণ্যৰ দৰেও ব্যৱহাৰ কৰা হৈছিল। মৌৰ্য যুগত যিদৰে নাৰীক সামাজিক, অৰ্থনৈতিক, শৈক্ষিক ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হৈছিল সেইদৰে গুপ্ত যুগত নাৰীয়ে এই অধিকাৰসমূহ হেৰুৱাইছিল। 

তথাপিও সময়ৰ সৈতে ভাৰতীয় নাৰীয়ে হেৰুওৱা অধিকাৰ ঘূৰাই পাইছে। সেয়ে হয়তো যিসময়ত বিশ্বৰ অন্যান্য প্ৰান্তত নাৰীয়ে অধিকাৰৰ বাবে যুঁজ দিবলগীয়া হৈছিল, সংগ্ৰাম কৰিছিল সেই সময়ত ভাৰতত নীতি নিৰ্ধাৰণৰ দায়িত্ব লাভ কৰিছিল নাৰীয়ে। ভাৰত ৰাষ্ট্ৰৰ মূল পৰিকাঠামো সংবিধান প্ৰণয়ত পালন কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা।

১৯৫০ ৰ চনৰ পূৰ্বে বিশ্বৰ বিভিন্ন প্ৰান্তত নাৰীয়ে অধিকাৰ বিচাৰি আন্দোলন আৰম্ভ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ (United State of America), ছোভিয়েট ৰাছিয়া (Soviet Russia) আদিৰ দৰে শক্তিৰ নাৰীয়ে অধিকাৰ বিচৰা আন্দোলনত অংশগ্ৰহণ কৰিছিল। সেই সময়তেই স্বাধীন ভাৰতে গ্ৰহণ কৰিছিল সংবিধান। এই সংবিধান প্ৰণয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ১৫ গৰাকী বিদূষী মহিলাই।

ভাৰতীয় সংবিধান (Indian Constitution)  প্ৰস্তুত কৰা কাৰ্য আছিল স্বাধীন ভাৰতৰ অন্যতম এক প্ৰত্যাহ্বান মূলক কাৰ্য। নকৈ স্বাধীনতা লাভ কৰা এই দেশখনক এটা জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অনৈক্যৰ মাজত ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত, সকলো জাতি, জনগোষ্ঠীকে সম অধিকাৰৰ সৈতে সমানে আগুৱাই নিয়াৰ ক্ষেত্ৰত সংবিধানখনেই আছিল প্ৰধান অস্ত্ৰ।

সেই জাত-পাতৰ কৰাল গ্ৰাসত ডুবি থকা দেশখনত সকলোকে সম দৃষ্টিৰে, সম সমৰ্যাদাৰে একত্ৰিত কৰি শক্তিশালী ভাৰতীয় জতি গঠন কৰাৰ বাবে সংবিধানেই আছিল একমাত্ৰ আহিলা। সেয়ে ভাৰতৰ বাবে এখন সংবিধান প্ৰস্তুত কৰা বিষয়টো ইমান সহজ নাছিল। 

তাৰ পাছতো প্ৰত্যাহ্বানেৰে ভৰা এই কঠিন কাম সঠিকভাৱে কৰি উলিয়াইছিল ড০ ভীমৰাও আম্বেদকাৰ (Dr Bhimrao Ambedkar)ৰ নেতৃত্বত ২৯৯ জন সদস্যই। সংবিধান সভা (Constituent Assembly)ৰ এই ২৯৯ জন সদস্যৰ ভিতৰত আছিল ১৫ গৰাকী মহিলা সদস্য। 

এইসকলে কেৱল সংবিধানক পূৰ্ণতা প্ৰদান কৰাতেই তেওঁলোকৰ ভূমিকা শেষ কৰা নাছিল। তেওঁলোকে নাৰীৰ অধিকাৰ অন্তৰ্ভুক্তিৰে নাৰী আৰু পুৰুষৰ মাজত থকা বৈষম্য দূৰীকৰণতো গুৰুত্ব দিছিল।  

দাক্ষয়নী ভেলায়ুধন (১৯১২-১৯৭৮)

 ১৯১২ চনত কেৰালাত জন্মগ্ৰহণ কৰা দাক্ষয়নী ভেলায়ুধন আছিল সংবিধান সভাৰ একমাত্ৰ মহিলা দলিত সদস্য। তেওঁ এনে এখন সমাজক প্ৰতিনিধিত্ব কৰি আহিছিল যিখন সমাজত মহিলাৰ শৰীৰ কঁকালৰ ওপৰ অংশ ঢাকিবলৈ অনুমতি দিয়া হোৱা নাছিল।

এই ব্যৱস্থাক প্ৰথম প্ৰত্যাহ্বান জনাইছিল দাক্ষয়নী ভেলায়ুধনৰ পৰিয়ালে। এনে এখন প্ৰত্যাহ্বানজনক সমাজৰ পৰা ওলাই আহি তেওঁ মহাবিদ্যালয় পৰ্যন্ত অধ্যয়ন কৰিছিল। তেওঁৱেই আছিল মহাবিদ্যালয়ত অধ্যয়ন কৰা প্ৰথম দলিত মহিলা।  

মহাত্মা গান্ধীৰ অনুৰাগী দাক্ষয়নীয়ে ১৯৪০ ৰ ৬ ছেপ্টেম্বৰত কস্তুৰাবা আৰু মহাত্মা গান্ধীৰ উপস্থিতিত আন এগৰাকী সমাজ সংস্কাৰক আৰ ভেলায়ুধনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দাক্ষয়নী আছিল সংবিধান সভাৰ আটাইতকৈ কনিষ্ঠ সদস্য।

তাৰ পাছতো তেওঁ সংবিধান সভাৰ বিতৰ্কত অস্পৃশ্যতা, সংৰক্ষণ, হিন্দু-মুছলমাৰ মাজত থকা ধৰ্মীয় বিবাদৰ ওপৰত বক্তব্য ৰাখিছিল। তেওঁ বক্তব্যত স্পষ্টকৈ উল্লেখ কৰিছিল ভাৰতীয় গণৰাজ্যত জাতি বা সম্প্ৰদায়ৰ ভিত্তিত কোনোধৰণৰ বাধা নাথাকিব। তেওঁ জাতি, জনগোষ্ঠীৰ আধাৰত পৃথক সমষ্টিৰো বিৰোধী আছিল। 

সুচেত্ৰা কৃপালানি (১৯০৮-১৯৭৪)


১৯৬৩ চনত উত্তৰ প্ৰদেশতমহিলা মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি সুচেতা কৃপালানি হৈ পৰিছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। গান্ধীবাদী এই নেত্ৰীগৰাকীয়ে স্বাধীনতা আন্দোলনতো সক্ৰিয় অংশগ্ৰহণ কৰিছিল। কংগ্ৰেছৰ সদস্য হৈ থকাৰ সময়ত, তেওঁ কনজাৰ্ভেটিভ এচেম্বলীলৈয়ো মনোনীত হৈছিল।

তেওঁ আছিল ইউনিফৰ্ম চিভিল কোডৰ পক্ষত। প্ৰতিটো ধৰ্মীয় সম্প্ৰদায়ৰ বাবে বিবাহ, উত্তৰাধিকাৰ, বিবাহ বিচ্ছেদ আৰু শিশুক তুলি লোৱা সম্পৰ্কীয় বিষয়বোৰৰ মোকাবিলা কৰিবলৈ এক আইনৰ প্ৰস্তাৱ দিছিল। তেওঁৰ স্বামী আছিল জে.বি. কৃপালানী।

এসময়ৰ কংগ্ৰেছ নেতাজনে দেশ স্বাধীন হোৱাৰ পাছত ১৯৫০/৫১ কংগ্ৰেছ ত্যাগ কৰি, কিষাণ মজদুৰ প্ৰজা পাৰ্টি  গঠন কৰিছিল। এই দলটোৰ পৰাই সুচেতাই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি দিল্লীৰ পৰা সংসদলৈ নিৰ্বাচিত হৈ গৈছিল।

সুচেতাই লোকসভাত উত্থাপন কৰা হিন্দু বিবাহ বিধেয়ক সমৰ্থন কৰিছিল যদিওসতৰ্ক কৰি দিছিল যে এই বিধেয়কে মহিলাৰ স্থিতি সলনি কৰিব নোৱাৰিব। তেওঁ সংসদত পাকিস্তানৰ পৰা অহা হিন্দু আৰু শিখ শৰণাৰ্থীসকলৰ কণ্ঠস্বৰ হৈ পৰিছিল। 


আম্মু স্বামীনাথন  (১৮৯৪-১৯৭৮)


আম্মু স্বামীনাথনে সংবিধান সভাত সম ভোটাধিকাৰৰ পক্ষে ওকালতি কৰিছিল। তামিলনাডুৰ পৰা সংবিধান সভালৈ অহা স্বামীনাথন ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত জড়িত আছিল। তেওঁ বাল্যবিবাহ, দেৱদাসী প্ৰথাৰ দলে সামাজিক ব্যাধী দূৰীকৰণৰ বাবে কাম কৰিছিল। 


বেগম কুদছিয়া এজাজ ৰছুল (১৯০৮-২০০১)


পঞ্জাৱৰ এটা ৰাজপৰিয়ালত জন্মগ্ৰহণ কৰিছিল বেগম কুদছিয়াই। সংবিধান সভাত তেওঁ হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্থান দিয়াৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছিল। তেওঁ আছিল গণপৰিষদত একমাত্ৰ মুছলিম মহিলা প্ৰতিনিধি। 


এনী মাছকাৰেন  (১৯০২-১৯৬৩) 


ত্ৰিবাংকুৰ ষ্টেট কংগ্ৰেছৰ প্ৰথম মহিলা সদস্য আছিল এনী মাছকাৰেন। স্বাধীনতা আন্দোলনত যোগদান কৰি কেইবাবাৰো কাৰাবাসলৈ যোৱা এইগৰাকী মহিলাই হিন্দু কোড বিলৰ বাবে কাম কৰা কমিটীত সক্ৰীয় অংশগ্ৰহণ কৰিছিল।


দুৰ্গাবাই দেশমুখ ( ১৯০৯-১৯৮১)

অন্ধ্ৰপ্ৰদেশৰ দুৰ্গাবাই দেশমুখে ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বিৰোধিতা কৰিছিল। মাত্ৰ ১০ বছৰ বয়সতে তেওঁ মহিলাৰ বাবে এখন হিন্দী বিদ্যালয় খুলিছিল। তেওঁ যিসময়ত অসহযোগ আন্দোলনত যোগদান কৰিছিল সেই সময়ত তেওঁৰ বয়ল আছিল মাত্ৰ ১২ বছৰ।

তেওঁ অংশ লৈছিল আইন অমান্য আন্দোলনতো। ১৯৩৬ চনত তেওঁ গঠন কৰিছিল অন্ধ্ৰ মহিলা সভা। এই সংস্থাই মানৱ কল্যাণৰ বাবে দেশজুৰি কাম কৰিছিল। 

হংস জীৱৰাজ মেহতা (১৮৯৭-১৯৯৫)

লীংগ সমতাৰ প্ৰবক্তা, গুজৰাটৰ হংস জীৱৰাজ মেহতা আছিল সংবিধান সভাৰ অন্যতম সদস্য। তেওঁ আছিল জাতিসংঘত মানৱ অধিকাৰ কমিছনৰ অন্যতম সদস্য। তাৰোপৰি  তেওঁ আছিল অল ইণ্ডিয়া উইমেনছ কনফাৰেন্সৰ সভানেত্ৰী। 

কমলা চৌধুৰী (১৯০৮-১৯৭০)

মিৰাটৰ বাসিন্দা কমলা চৌধুৰীয়ে স্বাধীনতা সংগ্ৰামৰ সময়ত মুঠ ছবাৰ জে’ললৈ গৈছিল। এখন সভাত ব্ৰিটিছৰ ইউনিয়নৰ জেকৰ সলনি ভাৰতীয় ত্ৰিৰংগা উত্তোলনৰ বাবে তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। সংবিধান সভাত তেওঁৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ। 

লীলা ৰায় (১৯০০-১৯৭০)

এইগৰাকী বিদূষী মহিলাই আকৌ নোৱাখালিৰ দাংগাত ৪০০ গৰাকীকৈ মহিলাক ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। ঢাকা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা লীলা ৰায়ে ভাৰতীয় সংবিধান সভাৰ সদস্য হিচাপে দেশ বিভাজনৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিল।

কিন্তু বিভাজনৰ পৰা যে কোনো কাৰণতে ৰক্ষা নাই সেই কথা উপলব্ধি কৰাৰ পাছতে তেওঁ সংবিধান সভাৰ পৰা পদত্যাগ কৰে। একাধিক মহিলা আৰু অন্যান্য সংগঠন গঠন কৰি তাৰ নেতৃত্বত থাকি বহু সমাজ সংস্কাৰমূলক কাম কৰিছিল ৰায়ে। 

সৰোজনী নাইডু (১৮৭৯-১৯৪৯) 

নাইটিংগেল অৱ ইণ্ডিয়া সৰোজিনী নাইডু আছিল কবি, মহিলা অধিকাৰ কৰ্মী আৰু স্বাধীনতা সংগ্ৰামী। হায়দৰাবাদত জন্মগ্ৰহণ কৰা নাইডু আছিল কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী।

গান্ধীৰ অতি ঘনিষ্ঠ নাইডুৱে বিচাৰিছিল মহিলাৰ ভোটাধিকাৰৰ অধিকাৰ। তেওঁ আছিল স্বৰাজৰ সমৰ্থক। বিহাৰৰ পৰা সংবিধান সভালৈ নিৰ্বাচিত হোৱা নাইডুৱে হিন্দু আৰু মুছলমানৰ ঐক্যৰ পক্ষত আছিল আৰু বিভাজনৰ বিৰোধিতা কৰিছিল।

বিজয় লক্ষ্মী পণ্ডিত (১৯০০-১৯৯০)

বিজয় লক্ষ্মী পণ্ডিতক স্বৰূপ কুমাৰী বুলিও জনা গৈছিল।তেওঁৰ পিতৃ আছিল এগৰাকী ৰাজনৈতিক কৰ্মী আৰু গোপাল কৃষ্ণ গোখলেৰ প্ৰশংসক। ১৯৩০ চনত আইন অমান্য আন্দোলনৰ সৈতে জড়িত হোৱা পণ্ডিতক এলাহাবাদত কংগ্ৰেছ কমিটিৰ বৈঠকৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল।

বিজয় লক্ষ্মী পণ্ডিতে ব্ৰিটিছ উৎপীড়নৰ বিষয়ে ক'বলৈ গান্ধীৰ নিৰ্দেশত আমেৰিকালৈ গৈছিল। তেওঁক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ প্ৰতিনিধি দলৰ মুৰব্বী আছিল।  

তাৰোপৰি তেওঁ দক্ষিণ আফ্ৰিকাত ভাৰতীয় মূলৰ লোকসকলৰ মানৱ অধিকাৰৰ বিষয়টো উত্থাপন কৰিছিল। ভাৰতলৈ উভতি অহাৰ পিছত তেওঁক সংবিধান সভাৰ সদস্য হৈছিল। তেওঁ ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূতো আছিল। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষও হৈছিল এইগৰাকী ভাৰতীয় মহিলা। 

পূৰ্ণিমা বেনাৰ্জী (১৯১১-১৯৫১)

স্বাধীনতা আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী পূৰ্ণিমা বেনাৰ্জী জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ অতি ঘনিষ্ঠ আছিল। পূৰ্ণিমাৰ জন্ম পূব বংগৰ বাৰিচালত অৰ্থাৎ আজিৰ বাংলাদেশত হৈছিল।

স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ কাৰাগাৰলৈ গৈছিল আৰু তাতেই অসুস্থ হৈ পৰিছিল। সংবিধান সভাৰ সদস্য হিচাপে তেওঁ কেইবাটাও বিষয়ত সক্ৰিয়ভাৱে হস্তক্ষেপ কৰিছিল।সমাজতান্ত্ৰিক চিন্তাৰে পৰিপূৰ্ণ এইগৰাকী মহিলাই  মৌলিক অধিকাৰ আৰু বিদ্যালয়ত ধৰ্মীয় শিক্ষা প্ৰদানৰ ক্ষেত্ৰত ভিন্নমত পোষণ কৰিছিল। 

তেওঁ চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানসমূহত সকলো ধৰ্মকে স্থান দিয়াৰ পক্ষপাত কৰিছিল।ইয়াৰ যুক্তিও দৰ্শাইছিল। কেৱল সেয়াই নহয়, তেওঁ বিশ্বাস কৰিছিল চৰকাৰৰ সহায়ত চলা যিকোনো শিক্ষানুষ্ঠানত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে  বৈষম্য কৰা উচিত নহয়। 

মালতী চৌধুৰী (১৯০৪-১৯৯৮) 

উৰিষ্যাৰ পৰা মালতী চৌধুৰী সংবিধান সভালৈ নিৰ্বাচিত হৈছিল। মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা প্ৰভাৱিত চৌধুৰীয়ে শান্তিনিকেতনত অধ্যয়ন কৰিছিল।

তেওঁৰ বাবেই উৰিষ্যাত স্বাধীনতা সংগ্ৰামত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছিল।  ভাৰত ত্যাগ আন্দোলনত তেওঁ কাৰাবাসলৈ গৈছিল।  অৱশ্যে সংবিধান সভাত দীঘলীয়া সময়ৰ বাবে নাছিল। তেওঁ গোটেই জীৱন সমাজৰ বঞ্চিতসকলৰ বাবে কাম কৰিছিল।

ৰেণুকা ৰয় (১৯০৪-১৯৯৭)

কোৱা হয় গান্ধীক কলকাতাৰ এজন আত্মীয়ৰ ঘৰত লগ পোৱাৰ পাছতে ৰেণুকা ৰয়ৰ জীৱন সলনি হৈছিল। গান্ধীৰ বহু কেইখন সভাৰ তেওঁ আছিল উদ্যোক্তা। তেওঁ নিজেও যোগদান কৰিছিল অসহযোগ আন্দোলনত।

কিন্তু তাৰ মাজতে তেওঁ লণ্ডনলৈ উচ্চ শিক্ষাৰ বাবে যাত্ৰা কৰে।  লণ্ডনৰ পৰা ঘূৰি আহি তেওঁ বৰ্ধমানত মহিলাৰ কল্যাণৰ বাবে কাম আৰম্ভ কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰাও প্ৰভাৱিত হোৱা এইগৰাকী মহিলা বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদলৈয়ো মনোনীত হৈছিল।

সংবিধান সভাৰ সদস্য হোৱাৰ পিছত ৰেণুকাই হিন্দু সংহিতা বিধেয়ক, দেৱদাসী প্ৰণালী, সম্পত্তিৰ অধিকাৰ আদিৰ ওপৰত বিতৰ্কত অংশগ্ৰহণ কৰিছিল। তেওঁ বিধানসভা আৰু সংসদত মহিলা সংৰক্ষণৰ বিৰোধিতা কৰিছিল।

ৰাজকুমৰী অমৃত কৌৰ (১৮৮৯-১৯৬৪)

এটা ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰা অমৃত কৌৰে মহাত্মা গান্ধীৰ সহায়ক হিচাপে তিনি দশক ধৰি কাম কৰিছিল।এই সময়ছোৱা আছিল মহিলাৰ অধিকাৰ আৰু স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ সময়। ৰাজকুমাৰী অমৃত কৌৰে গুজৰাটত অস্পৃশ্যতাৰ বিষয়ে মানুহক সজাগ কৰিবলৈও কাম কৰিছিল। 


কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বৈঠকত কোনো মহিলাক অন্তৰ্ভুক্ত নকৰাৰ বাবে অমৃত কৌৰে জৱাহৰলাল নেহৰুক সমালোচনা কৰিছিল। তাৰ পাছতেই সৰোজিনী নাইডুক অন্তৰ্ভুক্ত কৰা হৈছিল। লোণ আইন ভংগৰ বাবে কাৰাগাৰলৈ যোৱা কৌৰে ভাৰত ত্যাগ আন্দোলনতো অংশগ্ৰহণ কৰিছিল।

সংবিধান সভাৰ সদস্য হৈ তেওঁ ইউনিয়ন চিভিল কোড অনাৰ কথা কৈছিল। অমৃত কৌৰ নেহৰু কেবিনেটত স্বাস্থ্য মন্ত্ৰী হৈছিল। স্বাস্থ্য মন্ত্ৰী হিচাপে, তেওঁ মেলেৰিয়া আৰু কুষ্ঠ ৰোগৰ বাবে পাইলট কাৰ্যসূচী পৰিচালনা কৰিছিল। তেওঁৱেই সংসদত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ (এইমছ) স্থাপনৰ বিধেয়কখন উত্থাপন কৰিছিল। 

 

ভাৰতীয় সংবিধান গণৰাজ্য দিৱস