সম্পদ, চাকৰি প্ৰাপ্তিৰ বাবে হনুমানজীক আগবঢ়াব এইবিধ সামগ্ৰী

মঙলবাৰ দিনটো ভগৱান হনুমানৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত ভক্তসকলে মহাবলী বজৰংবলীক বিভিন্ন ধৰণৰ নৈবেদ্য আগবঢ়াই উপাসনা কৰে। ইয়াৰ লগতে ভক্তসকলে হনুমান চালিছা পঢ়াৰ লগতে হনুমানজীৰ কৃপা পাবলৈ ভগৱান ৰামকো উপাসনা কৰে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
বজৰংবলী seo

ডিজিটেল ডেস্ক: মঙলবাৰ দিনটো ভগৱান হনুমানৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত ভক্তসকলে মহাবলী বজৰংবলীক বিভিন্ন ধৰণৰ নৈবেদ্য আগবঢ়াই উপাসনা কৰে। ইয়াৰ লগতে ভক্তসকলে হনুমান চালিছা পঢ়াৰ লগতে হনুমানজীৰ কৃপা পাবলৈ ভগৱান ৰামকো উপাসনা কৰে। কিন্তু সকলো ধৰণে উপাসনা কৰিলে বজৰংবলী সন্তুষ্ট নহয়। মঙলবাৰে বজৰংবলীক উপাসনা কৰাৰ কেতবোৰ বিশেষ নিয়ম আছে। এইসমূহ নিয়মৰে উপাসনা কৰিলে হনুমানজী অতি সোনকালে সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। 

Advertisment

কি কৰিব মঙলবাৰে ?

১. মঙলবাৰে কেশৰৰে তৈয়াৰী সেন্দুৰ ঘিউৰ সৈতে মিহলাই ভগৱান হনুমানক উৎৰ্সগা কৰিব। এনে কৰাৰ দ্বাৰা হনুমানজী অতি সোনকালে সুখী হয়।

২. এই দিনটোত হনুমান মন্দিৰত বহি ৰাম নাম ল'লে জীৱনৰ সকলো সংকট দূৰ হয়।

৩. মঙলবাৰে উপবাস ৰাখিবলৈ চেষ্টা কৰিব আৰু দৰিদ্ৰসকলক অন্ন দান কৰিব। এনে কৰাৰ দ্বাৰা হনুমানজীৰ কৃপাত কেতিয়াও আপোনাৰ ধন আৰু খাদ্যৰ অভাৱ নহ'ব।

৪. হনুমানজীক এই দিনটোত ‘চ’লা সেন্দুৰ’ আগবঢ়াব আৰু ‘সুন্দৰকন্দ’ পাঠ কৰিব।

৫. মঙলবাৰে ‘ৰাম ৰক্ষা ষ্ট'ট্ৰা’ পাঠ কৰি ভোগ হিচাপে গুড় আৰু বুট আগবঢ়াব।

৬. মঙলবাৰে সোনকালে শোৱাৰ পৰা উঠি বট গছৰ পাত এটা আনি গংগা জলৰে ধুই ল’ব। এই পাতত ৰঙা ৰঙৰ কলমেৰে আপোনাৰ ইচ্ছা লিখি হনুমানজীৰ চৰণত আগবঢ়াব। এনে কৰাৰ  দ্বাৰা আপোনাৰ সকলো ইচ্ছা পূৰণ হ’ব।

৭. যদি আপুনি চাকৰিৰ সন্ধান কৰি আছে। তেন্তে হনুমানজীৰ চৰণত তামোল-পান আগবঢ়াব। অতি শীঘ্ৰেই সফলতা পাব।

৮. সম্পদ প্ৰাপ্ত কৰিবলৈ বজৰংবলীক সুগন্ধি গোলাপ ফুলৰ মালা আগবঢ়াই উপাসনা কৰিব।

৯. এই দিনটোত ভগৱান হনুমানৰ সন্মুখত বহি আপোনাৰ ইচ্ছাসমূহ মনত পেলাই লৈ শ্ৰী ৰাম চন্দ্ৰৰ যিকোনো এটা মন্ত্ৰ জপ কৰিব। ইচ্ছা পূৰণ নোহোৱালৈকে প্ৰতি মঙলবাৰে এনে কৰি থাকিব।

Also Read: অঘৰী কুকুৰে কাঢ়িলে চাৰি বছৰীয়া শিশুৰ প্ৰাণ