মঙলবাৰে বজৰংবলীক উপবাস ৰখাৰ নিয়ম, লাভালাভৰ বিষয়ে জানি লওঁক

মঙলবাৰে বজৰংবলীক উপবাস ৰখাৰ নিয়ম, লাভালাভৰ বিষয়ে জানি লওঁক

ডিজিটেল ডেস্ক: হিন্দু ধৰ্ম অনুসৰি, সপ্তাহৰ প্ৰতিটো দিন কোনো দেৱতাৰ বাবে উৎসৰ্গিত। মঙলবাৰটো ভগৱান হনুমানক উৎসৰ্গা কৰা হয়।এই দিনটোত হনুমানজীক সঁচা অন্তৰৰে উপাসনা কৰা ভক্তসকলক তেওঁ কেতিয়াও নিৰাশ নকৰে আৰু তেওঁলোকক প্ৰতিটো সংকটৰ বচাই ৰাখে। বিশ্বাস অনুসৰি, মঙলবাৰৰ দিনটোত উপবাস ৰাখিলে অশুভ শক্তিবোৰ ধ্বংস হোৱাৰ লগতে মংগল দোষৰ পৰা পৰিত্ৰাণ পোৱা যায়।আজি এই বিষয়ে জানো আহক-

জ্যোতিষ শাস্ত্ৰ অনুসৰি, মেষ ৰাশি আৰু বৃশ্চিক ৰাশিৰ প্ৰভু হৈছে মঙ্গলগ্ৰহ।সেয়েহে, এই ৰাশিৰ লোকসকলে মঙলবাৰে উপবাস ৰাখিব লাগে। শাস্ত্ৰ অনুসৰি, এই উপবাস যিকোনো মাহৰ শুক্ল পক্ষৰ মঙলবাৰৰ পৰা আৰম্ভ হ'ব লাগে।

কিমানটা মঙলবাৰে উপবাস ৰখা উচিত?

আচলতে, ২১ অথবা ৪৫ টা মঙলবাৰ উপবাসে থকাটো শুভ বুলি গণ্য কৰা হয় যদিও অধিকাংশ হনুমান ভক্তই গোটেই জীৱনটো মঙলবাৰে উপবাস ৰাখে।

মঙলবাৰটো কিদৰে আৰম্ভ কৰিব ?

. এই দিনটোত সোনকালে উঠি গা ধুই হনুমানৰ মূৰ্তি, ফটো অথবা মন্দিৰত সেৱা জনাব। প্ৰতি মঙলবাৰে সূৰ্য্যোদয়ৰ আগতে গা ধুই ৰঙা কাপোৰ পিন্ধিব। 

. ঘৰৰ উত্তৰ-পূব কোণত বজৰংগ বলীৰ মূৰ্তি বা ফটো ৰাখিব। আপুনি হনুমান মন্দিৰ দৰ্শন কৰিও উপাসনা কৰিব পাৰে। 

. পূজাত সেন্দুৰ, ৰঙা ৰঙৰ ফুল, কাপোৰ, নাৰিকল, গুড় আৰু পাণ আগবঢ়াব। 

. বজৰংবলীৰ পূজাত আপুনি বুন্দিয়া লাডু বা বেচনৰ লাডু আগবঢ়াব। কিয়নো এই দুয়োবিধেই তেওঁৰ অতি প্ৰিয়।

. মঙলবাৰে হনুমান চালিচা বা সুন্ধাৰকন্দ আবৃত্তি কৰক আৰু দিনটোৰ শেষত হনুমানজীৰ আৰতি প্ৰদৰ্শন কৰিব।

. প্ৰতি মঙলবাৰে গুড়, নাৰিকল, মচুৰ দাইল, ৰঙা কাপোৰ, ৰঙা চন্দন কাঠ দৰিদ্ৰ লোকক দান কৰিব।

. সন্ধিয়া হনুমানজীক স্মৰণ কৰি উপবাস সম্পূৰ্ণ কৰিব।

মঙলবাৰে উপবাসৰ লাভালাভ 

. শাস্ত্ৰ অনুসৰি, শনিৰ প্ৰভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ মঙলবাৰে উপবাসক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়।

. যদি সন্তানৰ জন্মত বাধা থাকে বা বিবাহ বিলম্বিত হয়, তেন্তে মঙলবাৰে উপবাস কৰক। ই আপোনাৰ মঙল গ্ৰহৰ দোষৰ কাৰণে বিবাহৰ বাধা দূৰ কৰিব।

. মঙলবাৰে উপবাস ৰাখিলে তেজ সম্পৰ্কীয় সমস্যাবোৰো দূৰ হয় আৰু খং নিয়ন্ত্ৰণ কৰাৰ শক্তি লাভ কৰিব পাৰি।

মঙলবাৰে বজৰংবলীক উপবাস ৰখাৰ নিয়ম, লাভালাভৰ বিষয়ে জানি লওঁক
শনিৰ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ আপুনি কি ত্যাগ দিব লাগিব জানেনে ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in