'গৰু ভক্ত' হ'লগৈ 'গুৰু'

অনিৰুদ্ধাচাৰ্য মহাৰাজ। খুব চৰ্চিত এটা নাম। বহুতে তেওঁক অনিৰুদ্ধ আচাৰ্য বুলিও সম্বোধন কৰে। আপুনি যদি ছ'চিয়েল মেডিয়া ব্যৱহাৰ কৰে,তেন্তে এইজন ব্যক্তিৰ মুখখন আপোনাৰ মনলৈ আহিছে।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
22222222222222

ডিজিটেল ডেস্ক: অনিৰুদ্ধাচাৰ্য মহাৰাজ। খুব চৰ্চিত এটা নাম। বহুতে তেওঁক অনিৰুদ্ধ আচাৰ্য বুলিও সম্বোধন কৰে। আপুনি যদি ছ'চিয়েল মেডিয়া ব্যৱহাৰ কৰে, তেন্তে হয়তো এইজন ব্যক্তিৰ মুখখন আপোনাৰ মনলৈ আহিছে। এই বিশেষ ব্যক্তিজনৰ বহু ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈছে। য'ত তেওঁ জীৱন সন্দৰ্ভত বহু কথায়েই মুকলিকৈ প্ৰকাশ কৰে। ইয়াৰে বেছিভাগেই উপদেশমূলক। কিন্তু আপুনি জানেনে কোন এই অনিৰুদ্ধাচাৰ্য মহাৰাজ ?

কোন এই অনিৰুদ্ধাচাৰ্য মহাৰাজ ?

Advertisment

অনিৰুদ্ধাচাৰ্য মহাৰাজ হৈছে এজন অনুপ্ৰেৰণামূলক বক্তা। বহুলোকে তেওঁৰ কাহিনী আৰু কথা শুনি ভাল পায়।তেওঁ ৰাজহুৱা স্থানত এনে এটা বক্তৃতা দিয়াৰ বাবদ মাচুল লয় ৭-১০ কোটি টকা । অনিৰুদ্ধচাৰ্য মহাৰাজৰ জন্ম ১৯৮৯ চনৰ ২৭ ছেপ্টেম্বৰত মধ্য প্ৰদেশৰ জবলপুৰত হৈছিল। তেওঁ দামোহি (দামোহ) জিলাৰ ৰিভঝাৰ বাসিন্দা। তেওঁৰ পিতৃৰ নাম শ্ৰী অৱধেশানন্দ গিৰি। শ্ৰী অৱধেশানন্দ গিৰি ভাগৱত-আচাৰ্য আছিল। অনিৰুদ্ধাচাৰ্য মহাৰাজৰ সৰুৰে পৰা ঈশ্বৰৰ প্ৰতি ভক্তি আৰু আগ্ৰহ আছিল। তেওঁ নিয়মীয়াকৈ তেওঁৰ গাঁৱৰ শ্ৰী ৰাধা কৃষ্ণ মন্দিৰ দৰ্শন কৰি পূজা-অৰ্চনা কৰিছিল।

আনহাতে, অনিৰুদ্ধাচাৰ্যৰ পৰিয়ালটো আকৌ গৰুৰ খুব ভক্ত আছিল। এজন পৰম্পৰাগত গৰু ভক্ত হোৱাৰ বাবে মহাৰাজে আজিও গৰু সেৱাত নিজকে নিয়োজিত কৰি ৰাখিছে। গৰু চৰাবলৈ যাওঁতে তেওঁ হনুমান চালিচা আৰু গীতা লগত লৈ যায়। হনুমান চালিচা আৰু গীতা তেওঁ খুব সুন্দৰকৈ আবৃত্তি কৰি বন্ধুসকলক শুনায়।

অনিৰুদ্ধাচাৰ্য মহাৰাজৰ পৰিয়ালটোৰ আৰ্থিক অৱস্থা তথৈবচ হোৱাৰ বাবে তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। কিন্তু আন বহুতো উপায়ৰে তেওঁৰ জ্ঞান উচ্চ স্তৰলৈ লৈ যাবলৈ চেষ্টা কৰিছিল। তেওঁ সংস্কৃত তথা সনাতন ধৰ্মৰ সকলো শাস্ত্ৰ অধ্যয়ন কৰিছিল। তেওঁৰ গুৰু সন্ত গিৰিৰাজ শাস্ত্ৰীৰ নিৰ্দেশনাত এই সকলো ধৰ্মীয় শাস্ত্ৰ অধ্যয়ন কৰিছিল।

অনিৰুদ্ধাচাৰ্য বিবাহিতআৰু ভক্তসকলে তেওঁৰ পত্নীক 'গুৰু মা' বুলি সম্বোধন কৰে। তেওঁলোকৰ দুটা সন্তানো আছে। অনিৰুদ্ধাচাৰ্য মহাৰাজে সদায় ভক্তসকলক ভাগৱত পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে আৰু লগতে তেওঁলোকক সনাতন ধৰ্মৰ সৈতে সম্পৰ্কিত জ্ঞানৰ বিষয়ে অৱগত কৰে। তেওঁ মানুহক ধৰ্মৰ পথত খোজ দিবলৈ আৰু হিন্দু ধৰ্মৰ প্ৰাচীন ইতিহাসৰ বিষয়ে মানুহক সজাগ কৰায়।

Also Read: প্ৰথম উপাৰ্জনৰে এবটল ঘিউ কিনিছিল এইজন অভিনেতাই