উপাৰ্জন বৃদ্ধিৰ বাবে বৃহস্পতিবাৰে কৰক এই কাম

হিন্দু ধৰ্মত প্ৰতিটো দিনেই একো একোজন দেৱতাৰ প্ৰতি সমৰ্পিত। সেই অনুসৰিয়েই বৃহস্পতিবাৰৰ দিনটো ভগৱান বিষ্ণুৰ দিন বুলি বিবেচনা কৰা হয়। এই দিনটোত উপবাস কৰিলে সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়।

author-image
সংগীতা দাস
আপডেট কৰা হৈছে
New Update
৪৪৪৪৪৪৪৪৪৪৪৪৪৪৪

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত প্ৰতিটো দিনেই একো একোজন দেৱতাৰ প্ৰতি সমৰ্পিত। সেই অনুসৰিয়েই বৃহস্পতিবাৰৰ দিনটো ভগৱান বিষ্ণুৰ দিন বুলি বিবেচনা কৰা হয়। এই দিনটোত উপবাস কৰিলে সকলো ইচ্ছা পূৰণ হয় বুলি বিশ্বাস কৰা হয়। জ্যোতিষীসকলৰ মতে, ৰাশিফলত বৃহস্পতি শক্তিশালী হ'লে বিবাহিত মহিলাসকলে সুখ আৰু সৌভাগ্য লাভ কৰে। একে সময়তে, অবিবাহিত যুৱতীসকল সোনকালে বিবাহ পাশত আৱদ্ধ হোৱাৰ লগতে কেৰিয়াৰত যথেষ্ট অগ্ৰগতি লাভ কৰে।বৃহস্পতিবাৰে কেতবোৰ কাম কৰিলে আপুনি আপোনাৰ জীৱনটোত বিশেষভাৱে সফল হ’ব পাৰে।আজি সেই বিষয়ে জানো আহক-

Advertisment

আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ

যদি আপুনি আৰ্থিক সীমাবদ্ধতাৰ পৰা পৰিত্ৰাণ পাবলৈ বিচাৰে, বৃহস্পতিবাৰে গা ধোৱাৰ পাছত ধ্যান আৰু ভগৱান বিষ্ণুক ৰীতি-নীতিৰে উপাসনা কৰক। এই সময়ত হাতত তুলসীৰ আগ এটা লৈ 'ওম নমো ভাগৱতায়ে বসুদেৱায় নমহ' মন্ত্ৰ উচ্চাৰণ কৰি ভগৱান বিষ্ণুক আগবঢ়াওক।

তুলসীক উপাসনা কৰক

তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়। তুলসীক উপাসনা কৰিলে ভগৱান বিষ্ণু সন্তুষ্ট হৈছে। তেওঁৰ কৃপাত এজন ভক্তই সকলো ধৰণৰ সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰে। সম্পদ লাভৰ বাবে কেঁচা গাখীৰত গংগা জল মিহলি কৰি তুলসীৰ গুৰিত প্ৰদান কৰক। সন্ধিয়া তুলসীৰ তলত  ঘিউৰ চাকি জ্বলাই প্ৰাৰ্থনা কৰিব।

উপাৰ্জন বৃদ্ধি কৰিবলৈ কৰিব এই কাম

বৃহস্পতিবাৰে গা ধোৱাৰ পিছত ভগৱান বিষ্ণুক তুলসীৰ ফুল আগবঢ়াই উপাসনা কৰিব।ইয়াৰ  পিছত এই ফুলখিনি এখন হালধীয়া নতুন কাপোৰত বান্ধি সুৰক্ষিত স্থানত ৰাখিব।আপুনি প্ৰতি বৃহস্পতিবাৰে এনে কৰিলে উপাৰ্জন ক্ৰমান্বয়ে বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব। তদুপৰি, বৃহস্পতিবাৰে ভগৱান বিষ্ণু আৰু তুলসীক উপাসনা কৰি গংগা জলত তুলসীৰ শিপা ধুই হালধীয়া কাপোৰত বান্ধি ভাল ঠাইত ৰাখিব। যদি আপুনি বিচাৰে, ঘৰৰ মূল দুৱাৰতো তুলসীৰ শিপা বান্ধি থ’ব পাৰে। এনে কৰিলে উপাৰ্জনৰ লগতে ভাগ্যও উদয় হয়।

Also Read: শনিবাৰে এই ১০টা ভুল কেতিয়াও নকৰিব