/asomiyapratidin/media/media_files/2025/03/17/ubyoANRUPrmjGG4XOQpD.jpeg)
ডিজিটেল ডেস্ক: বয়স বৃদ্ধিৰ লগে লগে মুখত বলিৰেখা বা ৰিংকলছ দেখা দিয়াটো সাধাৰণ কথা। কিন্তু আজিকালি মানসিক চাপ, বেয়া খাদ্যাভ্যাস তথা পৰ্যাপ্ত টোপনিৰ অভাৱৰ বাবে বলিৰেখাবোৰ খুব কম বয়সতে দেখা দিয়ে। অৱশ্যে, কিছুমান ঘৰুৱা উপায়ৰ জৰিয়তে এই বলিৰেখা দূৰ কৰি মুখখন পুনৰ ধুনীয়া কৰি তুলিব পাৰি। হয়, এক বিশেষ ঘৰুৱা উপায় অৱলম্বন কৰি আপুনি এসপ্তাহতে মুখৰ বলিৰেখা নাইকিয়া কৰিব পাৰে। ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ'ব ঘিউ আৰু হালধিৰ।
কিয় ফলপ্ৰসূ এই উপায়?
ঘিউত ভিটামিন ই, এন্টিঅক্সিডেন্ট আৰু স্বাস্থ্যকৰ চৰ্বি থাকে। যিয়ে ছালক আৰ্দ্ৰতা আৰু পুষ্টি প্ৰদান কৰে। ই ছালখনক কোমল আৰু মসৃণ কৰি তোলে, যাৰ ফলত বলিৰেখা কমি যায়। ঘিউত লেক্টিক এচিড থাকে। লেক্টিক এচিডে ছালখন এক্সফোলিয়েট কৰে আৰু মৃত কোষবোৰ আঁতৰোৱাত সহায় কৰে। ইয়াৰ ফলত ছালখন নতুন আৰু সতেজ দেখা যায়।
আনহাতে, হালধিত কাৰকুমিন নামৰ এবিধ উপাদান থাকে, যিয়ে ছালৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া লেহেমীয়া কৰে। ইয়াত থকা এন্টিঅক্সিডেন্টে ছালক সুৰক্ষা প্ৰদান কৰে। ছাল পৰিস্কাৰ আৰু উজ্জ্বল কৰিবলৈও হালধি ব্যৱহাৰ কৰা হয়। ই দাগবোৰ পাতল কৰাত সহায় কৰে।
এই ফেচপেক তৈয়াৰ কৰাৰ পদ্ধতি
প্ৰথমে এটা পৰিস্কাৰ বাটিত ১ চামুচ ঘিউ আৰু ১ চামুচ হালধি ল'ব। এই দুয়োবিধ ভালদৰে মিহলাই য’ত বলিৰেখা বেছি দেখা যায়, যেনে কপাল, চকুৰ তলত, গাল, ওঁঠৰ ওচৰত ভালদৰে লগাব। ৰাতি এইদৰে থৈ পুৱা ভালদৰে মুখখন ধুই পেলাব। হালধিত এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে, যিয়ে ছালখন উজ্জ্বল কৰাত সহায় কৰে।
এই প্ৰতিকাৰ কেনেকৈ ফলপ্ৰসূ কৰিব পাৰি?
এই মিশ্ৰণটো প্ৰতি নিশা নিয়মিতভাৱে এসপ্তাহ ধৰি প্ৰয়োগ কৰিলে ফলাফল দেখাবলৈ পাব। কিন্তু এই প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ ধৈৰ্য্য আৰু নিয়মিয়তাৰ প্ৰয়োজন হ’ব। আনহাতে,
খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব: ভাল খাদ্যই আপোনাৰ ছালৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়। সতেজ ফলমূল, সেউজীয়া শাক-পাচলি খালে আৰু পৰ্যাপ্ত পৰিমাণে পানী খালে ছালৰ উন্নতি হয় আৰু বলিৰেখা কমি যায়।
টোপনিত গুৰুত্ব: টোপনিৰ ফলত শৰীৰ আৰু ছালৰ সম্পূৰ্ণ বিশ্ৰাম পোৱা যায়। ই বলিৰেখা কমোৱাত সহায় কৰে কাৰণ ভাল টোপনিয়ে ছালৰ উন্নতি সাধন কৰে।